Breaking

গোগামুখত মিচিং স্বায়ত্তশাসিত পৰিষদৰ বান-গৰাখহনীয়া অঞ্চল পৰিদৰ্শন ! কাঞ্চন গছেৰে গৰাখহনীয়া সমস্যা সমাধানৰ পোষকতা…

0 27

অৰুণাচল প্ৰদেশ আৰু উত্তৰ অসমত হৈ থকা ভয়াবহ আৰু গৰাখহনীয়াই  স্থানীয় ৰাইজৰ স্বাভাৱিক জীৱন-যাত্ৰা ব্যাহত কৰি ৰাখিছে।  বিশেষকৈ  ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত কুৰিখনৰো অধিক গাঁও বানপানীৰ লগতে গৰাখহনীয়াত বিপৰ্যস্ত হৈছে ৷ গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁওসমূহৰ বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদে এলানি আঁচনি গ্ৰহণ কৰিছে ৷ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়াই কালি আৰু আজি বান আৰু গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে ৷ মুখ্য কাৰ্যবাহী সদস্য চায়েঙ্গীয়াই  গোগামুখ ৰাজহ অন্তৰ্গত গেৰমে শান্তিকপুৰ,  ভেকেলি, ১ নং কৃষ্ণপুৰ, দুই নং কৃষ্ণপুৰ আৰু আৰু ধৰ্মপুৰৰ বান আৰু গৰাখহনীয়াগ্ৰস্ত জনসাধাৰণৰ লগত মত-বিনিময় কৰে ৷

জনসা৷ধাৰণৰ লগত আলোচনা কৰাৰ অন্তত গেৰমে নদীৰ প্ৰায় এক কিলোমিটাৰ অংশ পাৰ্কিউপাইন, বল্ডাৰ আদিৰে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ লগতে ইয়াৰ সমান্তৰালভাৱে কাঞ্চন গছ বা ফুল জবা গছ ৰোপন কৰিও খহনীয়া প্ৰতিৰোধ কৰিব লাগিব বুলি দোহাৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ  মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়াই ৷ তেওঁ কয়- পৰিষদৰ ফালৰ পৰা বিভিন্ন গৰাখহনীয়াগ্ৰস্ত অঞ্চলত পাৰ্কিউপাইনৰ ব্যৱস্থা কৰাৰ উপৰিও উক্ত অঞ্চলবোৰত কাঞ্চন গছৰ লগতে কম সময়তে ডাঙৰ হোৱা গছ ৰোপন কৰা হৈছে আৰু উক্ত অঞ্চলসমূহত বানৰ লগতে গৰাখহনীয়া স্থায়ীভাৱে সমাধান হৈছে ৷

গেৰমে নদীৰ ওপৰটো এনেধৰণৰ ব্যৱস্থাপনা কৰি নদীখনৰ পৰা জনসাধাৰণে সন্মুখীন হৈ অহা সমস্যাৰ সমাধান হ’ব বুলি তেওঁ ৰাইজৰ আগত দোহাৰে ৷ উল্লেখনীয় যে, খৰস্ৰোতা পাহাৰীয়া নৈ গেৰমে নদীয়ে বাৰিষা উত্তাল ৰূপ ধাৰণ কৰি বহুকেইখন গাঁৱৰ ৰাইজক প্ৰতিবছৰে জ্বলা-কলা খোৱাই আহিছে ৷ মুখ্য কাৰ্যবাহী সদস্য চায়েঙ্গীয়া ভেকেলি, গেৰমে শান্তিপুৰ, ধৰ্মপুৰ, ১ নং কৃষ্ণপুৰ আৰু ২ নং কৃষ্ণপুৰ আদিৰ বান আৰু গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি ৰাইজক বান আৰু গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ আশ্বাস দিয়ে ৷  বান আৰু গৰাখহনীয়া পৰিদৰ্শন কালত মুখ্য কাৰ্যবাহী সদস্য চায়েঙ্গীয়াক সহযোগ কৰে টি এম পি কেৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক হৰিচন্দ্ৰ কামান, কাৰ্যকৰী সদস্য সঞ্জীৱ মিলি,  পৰিষদৰ মিংমাং পৰিষদীয় সমষ্টি সমিতিৰ আহ্বায়ক ভূপেন পেগুৱে ৷ 

Leave A Reply

Your email address will not be published.