Mising Olympic:মিচিং অলিম্পিকৰ ফুটবল প্ৰতিযোগিতাৰ ডি জ’নত ধেমাজি চেম্পিয়ন

গুৱাহাটী, ১৭ নৱেম্বৰঃ মিচিং জাতীয় সংগঠন টিএমপিকেৰ উদ্যোগত ২৮ নৱেম্বৰ আৰু ১ ডিচেম্বৰত অনুষ্ঠিত হ’বলগা মিচিং অলিম্পিকৰ(Mising Olympic) ফুটবল খেলসমূহ(football tournament) পূৰ্ণ গতিত জ’ন পৰ্যায়ত অনুষ্ঠিত হৈ আছে৷

মিচিং অলিম্পিকৰ উদ্যোক্তাই  ধেমাজি, মাজুলী, ঢকুৱাখনা, জোনাই আৰু ডি জ’ন নামাকৰণেৰে ঢকুৱাখনাৰ বাঁহপৰা এম ভি স্কুল খেলপথাৰত দুদিনীয়াকৈ অনুষ্ঠিত কৰা ফুটবল প্ৰতিযোগিতাত ধেমাজি জিলা দল চেম্পিয়ন(Dhemaji champions) হৈছে৷ 

মিচিং অলিম্পিক সন্হাৰ ফুটবল প্ৰতিযোগিতাত ধেমাজি জিলা দলে আজি চিলাপথাৰ জিলা দলক ১-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে৷

আজিৰ উত্তেজনাপূৰ্ণ  খেলত দুয়োটা দলে আক্ৰমণ-প্ৰত্যাক্ৰমণেৰে খেলখনৰ আকৰ্ষণ বৃদ্ধি কৰে৷ অসম ফুটবল সন্হাই আয়োজি কৰা সদৌ অসম ভিত্তিত পিলিক চৌধুৰী ফুটবল প্ৰতিযোগিতা আৰু ভাৰতীয় বায়ুসেনা বাহিনীয়ে আয়োজিত কৰা আন্তৰাষ্ট্ৰীয় সুব্ৰত কাপ ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ৮০ শতাংশ খেলুৱৈৰে গঠিত ধেমাজি জিলা দলে অভিজ্ঞতাৰ ভিত্তিত আজিৰ খেলখনত বিজয়ী হৈ যদিও চিলাপথাৰ জিলা দলেও উন্নত মানৰ খেল প্ৰদৰ্শন কৰে৷ 

মিচিং অলিম্পিকৰ ফাইনেল ৰাওণ্ডৰ খেলসমূহ পৰবৰ্ত্তী সময়ত গোগামুখ মহৰিকেম্পৰ ৰাজীৱ গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’ব৷

ফুটবল প্ৰতিযোিগিতাৰ ডি জ’নৰ বিজয়ী ধেমাজি ফুটবল দলক টিএমপিকেৰ ধেমাজি জিলা সমিতিৰ সভাপতি ৰোহিত নৰহ আৰু আৰু সম্পাদক সনাতন দলেয়ে অভিনন্দন জনোৱাৰ লগতে টিএমপিকেৰ কেন্দ্ৰীয় ক্ৰীড়া কোষৰ সদস্য সঞ্জীৱ মিলিয়ে ধেমাজি আৰু চিলাপথাৰ দুয়োটা দলে সুন্দৰ খেল প্ৰদৰ্শন কৰাৰ বাবে দুয়োটা দলকে ধন্যবাদ জ্ঞাপন কৰিছে৷

মিচিং অলিম্পিকৰ ফুটবল খেলৰ বাকী থকা জ’ন সমূহৰ চেম্পিয়ন দলৰ লগত ধেমাজিয়ে ছেমি ফাইনেলত অবতীৰ্ণ হ’ব৷ উল্লেখ্য এইবাৰ মিচিং অলিম্পিকত ধেমাজি জিলা দলৰ নেতৃত্বত আছে দ্ৰুন জিমে আৰু ভাস্কৰ পেগু৷

Related Articles