গুৱাহাটী, ১৩ নৱেম্বৰঃ মিচিং জনগোষ্ঠীৰ নৱপ্ৰজন্মৰ মাজত ক্ৰীড়াৰ প্ৰতি আসক্তি বৃদ্ধি কৰা আৰু মাদকদ্ৰব্য বা নিচাজাতীয় সামগ্ৰীৰ পৰা আঁতৰাই ৰাখিবৰ বাবে আৰম্ভ কৰা মিচিং অলিম্পিকে(Mising Olympics) এইবাৰ দ্বিতীয় সংস্কৰণত ভৰি দিলে৷
এইবাৰ মিচিং অলিম্পিক ধেমাজি জিলাৰ গোগামুখত(Dhemaji Gogamukh) ২৮-৩০ নৱেম্বৰ আৰু ১ ডিচেম্বৰত চাৰিদিনীয়া কাৰ্যসূচীৰে ধেমাজি জিলা টিএমপিকেৰ(TMPK) আতিথ্যত অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি তুংগত কৰি তুলিছে।
মিচিং অলিম্পিক সাফল্যমণ্ডিত কৰিবলৈ মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াক সভাপতি, যুৱ সমাজকৰ্মী জ্যোতি ভৰালীক কাৰ্যকৰী সভাপতি, মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য ৰাজু পেগুক সম্পাদক আৰু টিএমপিকেৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক হৰিচন্দ্ৰ কমানক কোষাধ্যক্ষ হিচাপে লৈ এক শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰাৰ লগতে অৰ্ধশতাধিক উপসমিতি গঠন কৰা হৈছে৷
টিএমপিকেৰ ক্ৰীড়া কোষৰ সদস্য সঞ্জীৱ মিলিয়ে জনোৱা মতে এইবাৰ মিচিং অলিম্পিকত ১৪ আৰু ১৭ বছৰ (ল’ৰা আৰু ছোৱালী শাখা) অনুৰ্ধ্ব ১০০ মিটাৰ, ২০০ মিটাৰ, ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতা, জেভলিন, শ্বটপুট, ডিচকাচ থ্ৰ’ প্ৰতিযোগিতা, হাইজাম্প, লং জাম্প প্ৰতিযোগিতা, আৰ্চাৰী, ফুটবল, কাবাডী আৰু মিচিং পৰম্পৰাগত খেল দগ্দিগ্ আদি প্ৰতিযোগিতাকে ধৰি প্ৰায় ১৫টা ইভেণ্ট(15 mega events) অন্তৰ্ভূক্ত কৰা হৈছে৷
আটাইবোৰ প্ৰতিযোগিতাত প্ৰায় ৩০০০ হাজাৰ প্ৰতিযোগীয়ে(3000 competitors) অংশগ্ৰহণ কৰিব৷ টিএমপিকেৰ মুঠ ১৬খন জিলা সমিতিয়ে নিজৰ নিজৰ জিলাৰ খেলুৱৈসকলক তদাৰক কৰিব আৰু ইতিমধ্যে গাঁও আঞ্চলিক আৰু জিলা ভিত্তিত খেলুৱৈ বাছনি প্ৰক্ৰিয়া প্ৰায়বোৰ জিলা সমিতিয়ে সম্পূৰ্ণ কৰিছে৷
টিএমপিকেৰ ধেমাজি জিলা সমিতিৰ সভাপতি ৰোহিত নৰহ আৰু সম্পাদক সনাতন দলেয়ে জনোৱা মতে খেলুৱৈৰ সংখ্যা আৰু খেলৰ ইভেণ্ট বৃদ্ধি পোৱাৰ বাবে এইবাৰ গোগামুখৰ পাঁচখন খেলপথাৰ ব্যৱহাৰ কৰাৰ লগতে গোগামুখ আবতানি লত্তাক অভ্যৰ্থনা সমিতিৰ অস্থায়ী কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰা হৈছে৷
অলিম্পিকৰ ইভেন্টসমূহ গোগামুখ মহাবিদ্যালয়ৰ খেলপথাৰ, গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, গোগামুখ মহৰিকেম্পস্থিত ৰাজী গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্প, গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰিবলৈ থিৰাং কৰা হৈছে৷
গোগামুখ মইনাপৰাস্থিত জংকি-পানৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখন গেম ভিলেজ হিচাপে ব্যৱহাৰ কৰা হ’ব বুলি তেওঁলোকে জনাইছে আৰু অলিম্পিকৰ প্ৰতিটো দিনা সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে৷
উল্লেখ্য, বিগত ২০২৩ বৰ্ষত জোনাইত মিচিং অলিম্পিকৰ প্ৰথম সংস্কৰণ অনুষ্ঠিত হৈছিল৷