Breaking

মিছ ইউনিভাৰ্ছ অসম খিতাপ বিজয় অনামিকাৰ

0 23

গুৱাহাটী, ৩০ জুনঃ বিগত ২০২৩ বৰ্ষৰ মিছ আসাম অনামিকা বৰাই চলিত বৰ্ষৰ মিছ ইউনিভাৰ্ছ অসম খিতাপ দখল কৰিছে৷ যোৱা ২৯ জুনত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ অসম অডিছনত অনামিকাই শ্ৰেষ্ঠ প্ৰতিযোগিৰ সন্মান অৰ্জন কৰে৷

মিছ ইউনিভাৰ্ছ অসমৰ বিউটী পাৰ্টনাৰ এট’মী ইণ্ডিয়াৰ সহযোগত প্ৰতিযোগিতাখন যোৱাকালি মহানগৰীৰ হোটেল ন’ভোটেলত সফলতাৰে অনুষ্ঠিত হয়৷ সৌন্দৰ্য্য প্ৰতিযোগিতাখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৪০গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে৷

এই সন্মানজনক প্ৰতিযোগিতাখনত বিচাৰকৰ দায়িত্ব পালন কৰে মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ অপাৰেচন আৰু মাৰ্কেটিং সঞ্চালক আমজাদ খান, মিছ ট্যুৰিজিম ২০২৩ অস্মিতা চক্ৰৱৰ্তী আৰু প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ নন্দিনী বৰকাকতিয়ে৷

প্ৰতিযোগিতাখনত তিনিটা ৰাউণ্ডৰ অন্তত শ্ৰেষ্ঠত্বৰ সন্মান আজুৰি অনামিকাই অহা ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া মিছ ইউনিভাৰ্ছ ইণ্ডিয়াত অসমক প্ৰতিনিধিত্ব কৰিব৷

Leave A Reply