Breaking

Miss Assam Season-3 মিছ ইউনিভাৰ্ছ আছাম ২০২৪ অনামিকা-ফেমিনা মিছ ইণ্ডিয়া আছাম অৰুন্ধতীক সম্বৰ্ধনা…

61

গুৱাহাটী, ২ ছেপ্তেমেবৰঃ মিছ আছাম ছিজন-৩ চলিত বৰ্ষৰ ২০ অক্টোবৰত অনুষ্ঠিত হ’ব৷ আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত এই কথা সদৰি কৰিছে মিছ আছাম অৰ্গেনাইজেচনৰ কৰ্মকৰ্তাসকলে৷ উল্লেখযোগ্য যে মিছ আছাম প্ৰতিযোগিতাখন অল আছাম য়ুথ এমপাৱাৰিং এছ’চিয়েছনৰ অধীনত অনুষ্ঠিত হৈ আহিছে৷ (Miss Assam Season-3)

উক্ত সংবাদমেলতে অৰ্গেনাইজেচনৰ তৰফৰ পৰা অসমৰ দুগৰাকী প্ৰতিভাবান তাৰকা তথা পূৰ্বৰ মিছ আছাম আৰু অলপতে মিছ ইউনিভাৰ্ছ আছাম ২০২৪ৰ খিতাপ দখল কৰা অনামিকা বৰাৰ লগতে পূৰ্বৰ মিছ ইণ্ডিয়া আছামৰ খিতাপ অৰ্জনকাৰী আৰু অলপতে ফেমিনা মিছ ইণ্ডিয়া অসম ২০২৪ৰ খিতাপ দখলকাৰী অৰুন্ধতী শইকীয়াক সম্বৰ্ধনা জনোৱা হয়৷ (Miss Universe Assam 2024)

নতুন প্ৰজন্মৰ বাবে প্ৰেৰণা হৈ পৰা যোৰহাটৰ এই দুগৰাকী যুৱতীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰিব৷ অনামিকা বৰাই মিছ ইউনিভাৰ্ছ ২০২৪ত প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে অৰুন্ধতী শইকীয়াই ফেমিনা মিছ ইণ্ডিয়া ২০২৪ত প্রতিদ্বন্দ্বিতা কৰিব৷ এই দুই প্ৰতিভাবান প্ৰতিযোগিয়ে মিছ আছাম অৰ্গেনাইজেচনৰ তত্ত্বাৱধানত প্ৰস্তুতি অব্যাহত ৰাখিছে৷(Femina Miss India Assam)

উল্লেখ্য যে মিছ আছাম অৰ্গেনাইজেছনে ৰাজ্যখনৰ প্ৰতিভা সম্পন্ন যুৱ মহিলাসকলক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকৰ দক্ষতা উজলাই তুলিবলৈ সুযোগ সৃষ্টিৰ বাবে বিগত সময়ছোৱাত নিৰৱচ্চিন্নভাৱে কাম কৰি আহিছে৷ সংবাদমেলত মিছ আছাম অৰ্গেনাইজেচনৰ সঞ্চালক শ্যামাংগ প্ৰতীম কাশ্যপৰ লগতে সহঃ সঞ্চালক আকুমনাৰো ইমছঙে সংবাদমেল সম্বোধন কৰি অৰ্গেনাইজেচনে উঠি অহা যুৱতীসকলৰ প্ৰতিভা বিকাশৰ বাবে কৰি অহা কাম কাজৰ বিষয়ে সদৰী কৰে৷

তেওঁলোকে কয় যে এই বছৰৰ মিছ আছাম প্ৰতিযোগিতাত মহিলাৰ স্বাস্থ্য আৰু স্বচ্ছতাক মূল বিষয় হিচাপে লোৱা হৈছে আৰু বিগত বছৰবোৰৰ দৰে অসমৰ যুৱ মহিলাসকলৰ প্ৰতিভা বিকাশৰ বাবে এখন মঞ্চ তৈয়াৰ কৰাত গুৰুত্ব আৰোপ কৰা হৈছে৷ অৰ্গেনাইজেচনৰ মূল লক্ষ্য হৈছে অসমৰ যুৱ মহিলাসকলক তেওঁলোকৰ প্ৰতিভাসমূহ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ধৰি ৰাজ্যখনক গৌৰৱান্বিত কৰা৷

লগতে পঢ়কঃ শ্বাহৰুখ খানৰ চুবুৰীয়া হ’ব দীপিকা-ৰণবীৰ! অতি সোনকালে ১০০ কোটি টকাৰ অট্টালিকাত দেখা যাব দীপিকা-ৰণবীৰক

published by: munmi gogoi

Comments are closed.