Mission Basundhara 3.0:অসমত মিছন বসুন্ধৰা ৩.০ আৰম্ভ

গুৱাহাটী, ২১ অক্টোবৰ: জনসাধাৰণক ভূমিৰ অধিকাৰ প্ৰদানৰ উদ্দেশ্যে আৰু কেতবোৰ নতুন সেৱাৰ অন্তৰ্ভুক্তিৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই(Chief Minister Dr Himanta Biswa Sharma) দেওবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত মিছন বসুন্ধৰা ৩.০ৰ(Mission Basundhara 3.0) আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। আনহাতে জৰুৰীকালীন অৱস্থাত নিৰৱচ্ছিন্ন যোগাযোগ আৰু প্ৰয়োজনীয় সহযোগিতাৰ বাবে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ(Revenue and Disaster Management Department) বিষয়া, কৰ্মচাৰীসকলক প্ৰজেক্ট চি ইউ জিৰ(Project CUG) অধীনত চিম কাৰ্ড বিতৰণ কৰাৰ লগতে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ পুননিৰ্মাণ আৰু মেপসমূহ জনসাধাৰণৰ বাবে মুখ্যমন্ত্ৰীয়ে মুকলি কৰে।(Srimanta Sankardev Kalakshetra)

তদুপৰি পঞ্জীয়ন বিহীন আৰু ঐচ্ছিক পঞ্জীয়নযুক্ত নথি-পত্ৰসমূহৰ বাবে ডিজিটেল ব্যৱস্থাৰে সংৰক্ষণ কৰা ডিজিটেল ডাইৰেক্টৰীৰ উপৰি স্বমিত্ব আঁচনিৰ অধীনত জৰীপ নোহোৱা অনা-জৰীপ (এন চি) গাঁৱৰ ভূমি বন্দৱস্তিৰ বাবে আন এক প’ৰ্টেলো শুভাৰম্ভ কৰে। মৌজাদাৰসকলৰ কাৰ্যালয়সমূহক প্ৰযুক্তিগত উন্নয়নৰ বাবে ১ লাখ টকাৰ এককালীন আৰ্থিক সাহায্য আনুষ্ঠানিকভাৱে বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে।

উল্লেখ্য, মিছন বসুন্ধৰা ৩.০ৰ জৰিয়তে মিছন বসুন্ধৰা ২.০ৰ অধীনৰ অধিক স্পষ্টতাৰ বাবে স্থগিত ৰখা আবেদনৰ পুনৰ পৰীক্ষা, নগৰ আৰু কাষৰীয়া অঞ্চলত ৰেহাই প্ৰিমিয়াম হাৰত একচনীয়া পট্টাৰ ম্যাদীকৰণ, পূৰ্বৰ গ্ৰাম্য কিন্তু পৰৱৰ্তী কালত নগৰ অঞ্চল হিচাপে ঘোষিত এলেকাত দখলীস্বস্ত থকা ৰায়তক মালিকীস্বত্ব প্ৰদান, বন্দৱস্তি নোহোৱা পূৰ্বৰ ভূদান/গ্ৰামদান ভূমিৰ বন্দৱস্তি প্ৰদান, প্ৰসাৰিত ৰূপত ভূমিৰ শ্ৰেণী পৰিৱৰ্তন, চাহ অনুদান/গ্ৰাণ্ট ভূমিৰ পট্টাৰ শ্ৰেণী পৰিৱৰ্তন ক্ৰমে পট্টা প্ৰদান, তদুপৰি মিছন বসুন্ধৰা ২.০ৰ অধীনৰ সাধাৰণ চৰকাৰী আৰু চিলিং চৰকাৰী ভূমিৰ পট্টন, দখলীস্বত্ব থকা ৰায়তক মালিকীস্বত্ব প্ৰদান (গ্ৰামাঞ্চল) আৰু খিলঞ্জীয়া লোকক কফি, চাহ, ৰবৰ খেতিৰ বাবে ব্যৱহাৰ কৰি থকা ভূমিৰ পট্টন সেৱা জনসাধাৰণৰ বাবে মিছন বসুন্ধৰা ৩.০ৰ জৰিয়তে উপলব্ধ হ’ব।

এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড০ শৰ্মাই মিছন বসুন্ধৰা ৩.০ শুভাৰম্ভ হোৱা আজিৰ দিনটো আনন্দ আৰু স্মৰণীয় দিন বুলি অভিহিত কৰে। তেওঁ কয় যে ক’ভিডৰ পৰিৱেশৰ মাজত বৰ্তমানৰ ৰাজ্য চৰকাৰে দায়িত্ব গ্ৰহণ কৰিছিল আৰু সেই সময়ছোৱাত উন্নয়নৰ কথা কোৱাটো এক অলীক কল্পনা আছিল। প্ৰতিকূল পৰিৱেশৰ মাজতো ৰাজহ সংস্কাৰৰ দিশত যুগান্তকাৰী পদক্ষেপ লোৱাৰ বিষয়ে আলোচনা কৰা হৈছিল বুলি মন্তব্য কৰি তেওঁ কয় যে ২০২১ চনৰ ২ অক্টোবৰত মিছন বসুন্ধৰাৰ প্ৰথম পৰ্যায়ৰ আৰম্ভ হৈছিল।

মিছন বসুন্ধৰা ১.০ত ৮,১৩,৯৮১ খন ভূমি সংক্ৰান্তীয় আৱেদন নিষ্পত্তি কৰা হৈছিল। প্ৰথম পৰ্যায়ত উত্তৰাধিকাৰী সূত্ৰে নামজাৰী, দলিলসূত্ৰে নামজাৰী, বিবাদহীন বাটোৱাৰা, একচনীয়া পট্টাৰ পৰা ম্যাদী পট্টালৈ পৰিৱৰ্তন, এবিঘাতকৈ কম ভূমিক কৃষি ভূমিৰ পৰা অকৃষিভূমিলৈ পৰিৱৰ্তন, ৰাজহ নথিৰ পৰা দখল স্বত্ব নথকা পট্টাদাৰৰ নাম কৰ্তন, ম্যাদী পট্টাৰ আবণ্টন পত্ৰ, লিগেছি ডাটাৰ অদ্যৱধিকৰণ আৰু পট্টাদাৰৰ মোৱাইল নম্বৰ সংলগ্নকৰণ সেৱাক সামৰি লোৱা হৈছিল।

এই সেৱাসমূহ সাধাৰণ আৰু নিত্যনৈমিত্তিক আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে মিছন বসুন্ধৰাৰ প্ৰথম পৰ্যায়ত প্ৰায় ১২ লাখ লোকে আৱেদন কৰিছিল। নিজৰ অনুভৱ ব্যক্ত কৰি তেওঁ কয় যে চৰকাৰ আৰু জনসাধাৰণৰ মাজত এটা বিশাল ব্যৱধান আছে আৰু যিবোৰ কাৰণত সাধাৰণ সেৱাসমূহ জনসাধাৰণে আশা কৰা ধৰণে ল’বলৈ আগবাঢ়ি অহা নাই। তেওঁ লগতে কয় যে ভূমিৰ তথ্যসমূহত উন্নতীকৰণ হোৱা নাছিল আৰু চৰকাৰে ভূমিৰ বিনিয়মত পাবলগীয়া ৰাজহ আহৰণ কৰিব পৰা নাছিল।

এনে প্ৰেক্ষাপটত বিবাদবিহীন ভূমিসমূহ লাহে লাহে বিবাদৰফালে গতি কৰিছিল। মিছন বসুন্ধৰা ২.০ৰ আৰম্ভণিতে প্ৰযুক্তিৰ প্ৰয়োগৰ জৰিয়তে মানুহে যাতে ভূমিৰ অধিকাৰ বিবাদবিহীন ভাৱে ভোগ কৰিব পাৰে তাৰ বাবে ব্যৱস্থা লোৱাৰ দিশত ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল বুলি মন্তব্য কৰি তেওঁ কয় যে কাজিৰঙাত এই সন্দৰ্ভত আলোচনা কৰা হৈছিল। এই আলোচনাত ভূমি ব্যৱস্থাৰ আধুনিকীকৰণৰ দিশত অগ্ৰণী ৰাজ্য কৰ্ণাটকৰ বিষয়াসকলে অংশ লৈছিল। এনে প্ৰস্তুতিৰ পটভূমিতে ২০২২ চনৰ ১৪ নৱেম্বৰত মিছন বসুন্ধৰা ২.০ আৰম্ভ কৰা হৈছিল বুলি তেওঁ কয়।

মিছন বসুন্ধৰা ২.০ৰ অধীনত ডিজিটেল মাধ্যমেৰে সাধাৰণ চৰকাৰী আৰু চিলিং চৰকাৰী ভূমিৰ পট্টন, দখলীস্বত্ব থকা ৰায়তক মালিকীস্বত্ব প্ৰদান, একচনা পট্টাৰ ভূমি চৰকাৰীকৰণ ক্ৰমে পট্টন, খিলঞ্জীয়া লোকক চাহ, কফি, ৰবৰ আদি বিশেষ খেতিৰ বাবে ভূমি পট্টন, গাঁৱলীয়া চৰণীয়া পথাৰ, বৃত্তিগত চৰণীয়া পথাৰত পূৰ্বে আবণ্টন প্ৰাপ্ত, সংস্থাপিত উপযুক্ত লোকক ভূমি পট্টন দিয়া হৈছিল। তেওঁ লগতে কয় যে এই সংস্কৰণত জনজাতীয় সম্প্ৰদায়ৰ লোকক বংশানুক্ৰমে ভোগ দখল কৰি থকা ভূমিৰ সেৱা আগবঢ়োৱা হৈছিল। ১৫ বিঘা মাটিতকৈ অধিক মাটি পট্টা লাভ কৰাটো সম্ভৱ নাছিল বাবে জনজাতীয় লোকসকলে মাটিৰ পট্টাৰ বাবে চেষ্টা কৰা নাছিল বুলিও তেওঁ কয়।

জনজাতীয় সংগঠনসমূহৰ সৈতে আলোচনা কৰি জনজাতীয় লোকসকলৰ বাবে চিলিঙৰ সীমাবদ্ধতা ৫০ বিঘালৈ বৃদ্ধি কৰা হৈছিল যাতে অসমৰ ভূমিপুত্ৰ সকলে চৰকাৰীভাৱে মাটিৰ অধিকাৰী হ’ব পাৰে।

মিছন বসুন্ধৰাৰ লক্ষ্য হ’ল যোগ্যজনে মাটিৰ পট্টা লাভ কৰিব লাগে। মুখ্যমন্ত্ৰীয়ে কয় যে যিকোনো মানুহে ভূমিৰ অধিকাৰ লাভ কৰিবলৈ হ’লে ১৯৫১ চনত অসমত থকাৰ প্ৰমাণ দিব লাগিব। মিছন বসুন্ধৰা ২.০ৰ আটাইতকৈ ডাঙৰ সফলতা আছিল যে ২,২৯,৬৫৯ জনক ভূমিৰ আবণ্টন দিয়া হৈছিল।

ইয়াৰ ৮৪ শতাংশ অনুসূচিত জনজাতি, অনুসূচিত জাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু এম অ’ বিচিৰ অন্তৰ্গত খিলঞ্জীয়া আছিল বুলিও তেওঁ কয়। ইয়ে প্ৰথমবাৰৰ বাবে স্বাধীনতাৰ পিছত খিলঞ্জীয়া লোকৰ বাবে মাটিৰ অধিকাৰ দিয়া শ্লোগানক যুক্তিসংগত প্ৰক্ৰিয়াৰ মাজলৈ লৈ আহিবলৈ ৰাজ্য চৰকাৰে সক্ষম হৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে সেই পদক্ষেপক খিলঞ্জীয়া লোকসকলে আদৰণী জনাইছিল আৰু চাহ জনগোষ্ঠী, আদিবাসী, গোৰ্খা জনজাতিসকলৰ শংকা নিৰাময় কৰাৰ আশ্বাস প্ৰদান কৰা হৈছিল।

মিছন বসুন্ধৰা ২.০ত ১৯৫১ চনৰ প্ৰমাণপত্ৰ থকাৰ প্ৰয়োজনীয়তা থকা বাবে বহু আৱেদন নিষ্পত্তিবিহীনভাৱে পৰি ৰৈছিল। মুখ্যমন্ত্ৰীয়ে কয় যে মিছন বসুন্ধৰা ২.০ৰ অধীনত ব্ৰহ্মপুত্ৰ উপত্যকাত ৩ লাখ বিঘা আৰু বৰাক উপত্যকাত ১,২১৪ বিঘা মাটি আবণ্টন দিয়া হৈছিল।

মিছন বসুন্ধৰা ১.০ আৰু মিছন বসুন্ধৰা ২.০ ৰ জৰিয়তে লাভ কৰা অভিজ্ঞতাক সমাহিত কৰি মিছন বসুন্ধৰা ৩.০ অসমৰ ৰাইজলৈ আগবঢ়াই দিয়া হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে তৃতীয় সংস্কৰণৰ বাবে কেইবাখনো আইনৰ সংশোধন, কেইবাটাও প্ৰযুক্তিৰ প্ৰয়োগ আৰু চৰকাৰী নিৰ্দেশনাৰ পৰিৱৰ্তনৰ জৰিয়তে ৰাজ্য চৰকাৰে মিছন বসুন্ধৰা ৩.০ৰ ফালে আগবাঢ়িছিল।

অসম বিধান সভাত চাৰিখন আইনৰ সংশোধন কৰিবলগীয়া হৈছিল বুলিও মুখ্যমন্ত্ৰীয়ে কয়। তেওঁ লগতে কয় যে ১৯৫১ চনত যিসকল লোকৰ অসমত জন্ম হৈছিল আৰু নিৰন্তৰভাৱে তিনিটা প্ৰজন্ম অসমত আছে, তেওঁলোক মিছন বসুন্ধৰাৰ দ্বাৰা উপকৃত হ’ব। এই সন্দৰ্ভত প্ৰথমে যি নীতি লোৱা হৈছিল সেই নীতিৰ আধাৰত আজিও চৰকাৰখনে কাম কৰি গৈছে।

ব্যৱহাৰিক দৃষ্টিকোণৰ পৰা কেইটামান জনগোষ্ঠীক আঁতৰাই ৰাখিব বিচৰা হৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অনুসূচিত জনজাতি, অনুসূচিত জাতি, অসমৰ চাহ জনজাতি, আদিবাসী আৰু গোৰ্খা জনগোষ্ঠীৰ কোনো লোকে ১৯৫১ চনৰ জন্মৰ প্ৰমাণপত্ৰ দিয়াৰ প্ৰয়োজন নাই।

১৯৭১ চনৰ আগত যিসকলৰ বৈধ শৰণাৰ্থীৰ প্ৰমাণপত্ৰ আছে তেওঁলোকে মিছন বসুন্ধৰাত আবেদন কৰিব পাৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। তদুপৰি মিছন বসুন্ধৰা ৩.০ৰ অধীনত ২০২১ চনৰ ১ অক্টোবৰৰ পূৰ্বে গ্ৰাম্য অঞ্চলত ৩ বছৰৰ অধিক আৰু চহৰ অঞ্চলত ১০ বছৰ অধিক চৰকাৰী ভূমিত শিক্ষানুষ্ঠান, ধৰ্মীয় প্ৰতিষ্ঠান আৰু আৰ্থ-সামাজিক প্ৰতিষ্ঠানে ব্যৱহাৰ কৰি আছে তেনে প্ৰতিষ্ঠানক গ্ৰামাঞ্চলত প্ৰতি বিঘাত ৫০০ টকা আৰু চহৰাঞ্চলত ৫০ হাজাৰ টকাত চৰকাৰী ভূমি আবণ্টনৰ ব্যৱস্থা কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

যি সমূহ ভূমি দাতাই শিক্ষানুষ্ঠান বা অন্যান্য অনুষ্ঠানলৈ পূৰ্বতে ভূমি দান কৰিছিল সেইসমূহ ভূমিৰ সন্দৰ্ভত যোৱা ১২ বছৰৰ ভিতৰত কোনো ধৰণৰ আপত্তি কৰা নাই সেই ভূমিদাতাৰ নাম ভূমি তথ্যৰ পৰা আঁতৰ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। ভূদান বা গ্ৰামদান মাটিত বসতি স্থাপন কৰি থকা লোকসকলকো ভূমি বন্দোবস্তিৰ ব্যৱস্থা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। স্বমিত আঁচনিৰ অধীনত জৰীপ নোহোৱা অনাজৰীপ (এন চি) গাঁৱৰ ভূমি মাটিৰ বন্দোৱস্তি আৰম্ভ কৰা হ’ব।

কেডাষ্ট্ৰেল গাঁও হিচাপে অধিসূচনা কৰা লখিমপুৰ আৰু ধেমাজি জিলাৰ ৩০খন গাঁৱত আজিৰে পৰা ভূমি বন্দোৱস্তিৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে কয় যে নগৰাঞ্চলসমূহত বহু লোকক মাটিৰ পট্টা দিয়াৰ পিছতো প্ৰিমিয়ামৰ বাবে মাটিৰ সুবিধা গ্ৰহণ কৰিব পৰা নাই। প্ৰিমিয়াম প্ৰদানৰ বাবে বিভিন্ন সুবিধা দিয়া হৈছিল বুলি মন্তব্য কৰি তেওঁ কয় যে জনসাধাৰণে এই ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ কথা অৱগত কৰিছিল আৰু এই দিশত চৰকাৰে বিবেচনা কৰাৰ বাবেও আশ্বাস প্ৰদান কৰিছিল।

জনসাধাৰণৰ প্ৰিমিয়ামৰ বোজা লাঘৱ কৰাৰ বাবে নগৰাঞ্চলৰ লোকসকলে মাটিৰ পট্টা পাবৰ বাবে অট্টালিকা থকাসকলে পূৰ্বৰ ১০০ শতাংশৰ পৰা হ্ৰাস কৰি ১০ শতাংশ প্ৰিমিয়াম প্ৰদান কৰিব লাগিব বুলি তেওঁ কয়। আনহাতে অসম আৰ্হিৰ ঘৰ থকাসকলে পূৰ্বৰ নিৰ্ধাৰিত ৩০ শতাংশ প্ৰিমিয়ামৰ পৰিৱৰ্তে আঞ্চলিক মূল্যাংকন ৩ শতাংশ দিব লাগিব।

অট্টালিক থকা মানুহে মাটি ক্ৰয়-বিক্ৰয় কৰিব লাগিলে আঞ্চলিক মূল্যাংকন ৪০ শতাংশ আৰু অসম আৰ্হিৰ ঘৰ থকা মানুহে মাটি ক্ৰয়-বিক্ৰয় কৰিব লাগিলে ২৭ শতাংশ পঞ্জীয়নৰ সময়ত দিব লাগিব। মিছন বসুন্ধৰা ২.০ৰ জৰিয়তে যিসকলে আবণ্টন পাইছিল তেওঁলোকৰ পৰাই এই ব্যৱস্থা কাৰ্যকৰী হ’ব। মুখ্যমন্ত্ৰীয়ে কয় যে এতিয়াৰে পৰা ভূমি উপদেষ্টা সমিতিৰ বৈঠক সমজিলা ভিত্তিক হ’ব।

মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ একচনীয়া ভূমিসমূহক শৃংখলিত কৰিলে দালালৰাজ বন্ধ হৈ পৰিব। এইবাৰ এক শতাংশ প্ৰিমিয়ামেৰে একচনীয়া মাটি ম্যাদী কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে লগতে কয়। মুখ্যমন্ত্ৰীয়ে কয় যে সময়ৰ বুকুত মিছন বসুন্ধৰা ৩.০ অসমৰ জনসাধাৰণৰ ভূমি আৰু পৰিচয় সুৰক্ষিত কৰাৰ বাবে লোৱা এক দৃঢ় পদক্ষেপ হিচাপে চিহ্নিত হৈ ৰ’ব।

২০২১ চনৰ পৰা ৰাজ্য চৰকাৰে লোৱা প্ৰচেষ্টাই ৰাইজক ভূমি অধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত, ভূমি সংস্কাৰৰ ক্ষেত্ৰত অসমত এটা স্বৰ্ণিল যুগৰ সূচনা কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। ৰাজ্য চৰকাৰে প্ৰযুক্তিৰ সহযোগত দুবছৰৰ ভিতৰত অসমৰ ভূমি ৰাজহ প্ৰশাসন ব্যৱস্থাটোত কৰা ভূমি সংস্কাৰ ভাৰতৰ ভিতৰতেই উৎকৃষ্ট হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এইটোৱে হৈছে মিছন বসুন্ধৰাৰ ডাঙৰ সফলতা।

এই সময়খিনিত অসমৰ ইতিহাসত ভূমিৰ ক্ষেত্ৰত এক স্বৰ্ণিল ইতিহাসলৈ ৰূপান্তৰিত হ’ব। মিছন বসুন্ধৰাৰ সমাপ্তিৰ পিছত ৰাজ্য চৰকাৰে লেণ্ড পাছ বুক ব্যৱস্থালৈ লৈ যাবৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

এই অনুষ্ঠানত শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মন্ত্ৰী যোগেন মহন, হস্ততাঁত আৰু বস্ত্ৰ শিল্প আদি বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম, শক্তি আদি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছা, মুখ্য সচিব ড০ ৰবি কোটা, আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং, গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব এ কে তিৱাৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব জে বি এক্কা, দক্ষতা বিকাশ বিভাগৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী, ৰাজহ বিভাগৰ প্ৰধান সচিব জি ডি ত্ৰিপাঠী, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব কে কে দ্বিবেদী, ভূমি লেখা আৰু জৰীপ বিভাগৰ সঞ্চালক ড০ ওমপ্ৰকাশ, বি এছ এন এলৰ মুখ্য মহাপ্ৰৱন্ধক ৰূপা পাল চৌধুৰী, ষ্টক হল্ডিং ক’ৰ্পৰেচন লিমিটেডৰ উপাধ্যক্ষ শশী কান্ত নায়ক প্ৰমুখ্যে অসম চৰকাৰৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

Related Articles