Mithun Chakraborty: যশস্বী অভিনেতা মিথুন চক্ৰৱৰ্তীলৈ দাদা চাহেব ফাল্কে বঁটা

নিউজ ডেস্ক: অভিনেতা মিথুন চক্ৰৱৰ্তীক প্ৰদান কৰা হ’ব সন্মানীয় দাদা চাহেব ফাল্কে বঁটা। ভাৰতীয় চলচ্চিত্ৰ জগতলৈ তেওঁৰ অৱদানৰ বাবে এই সন্মান প্ৰদানৰ সিদ্ধান্ত। ৮ অক্টোবৰত ৭০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা মহোৎসৱত প্ৰদান কৰা হ’ব এই বঁটা। ইউনিয়ন মন্ত্ৰী অশ্বিনী বৈষ্ণৱে নিজ এক্সত এই তথ্য উল্লেখ কৰে।(Mithun Chakraborty)

শেহতীয়াকৈ হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা মিথুন চক্ৰৱৰ্তীক দাদা চাহেব ফালকে বঁটা প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰা হৈছে। ভাৰতীয় চিনেমালৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হ’ব। অহা ৮ অক্টোবৰত এই বঁটা প্ৰদান কৰা হ’ব। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই তথ্য টুইট কৰি জনাই ৰাইজক।(Union Minister Ashwini Vaishnaw)

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে টুইটযোগে কয়, ‘ভাৰতীয় চিনেমালৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে দাদা চাহেব ফাল্কে বাছনি জুৰীয়ে এই বঁটা প্ৰদানৰ সিদ্ধান্ত লৈছে। এই বঁটা অহা ৮ অক্টোবৰত ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত তেওঁক প্ৰদান কৰা হ’ব। তেওঁ আৰু লিখিছে, ‘মিথুন দাৰ উজ্জ্বল চলচ্চিত্ৰ যাত্ৰাই বহু প্ৰজন্মক অনুপ্ৰাণিত কৰে’! ৪৮ বছৰতকৈও অধিক সময় ধৰি চলচ্চিত্ৰ জগতত কাম কৰা মিথুন চক্ৰৱৰ্তীয়ে বহু হিট ছবিত কাম কৰি আহিছে।(Dadasaheb Phalke Award)

মিথুন চক্ৰৱৰ্তীয়ে তেওঁৰ চলচ্চিত্ৰ জীৱনত এতিয়ালৈকে ৩৫০ খনতকৈও অধিক ছবিত কাম কৰিছে। ১৯৭৬ চনত মৃণাল সেনৰ ‘মৃগয়া’ ছবিৰ জৰিয়তে মিথুন চক্ৰৱৰ্তীয়ে চলচ্চিত্ৰ জীৱন আৰম্ভ কৰিছিল। এই ছবিখনত তেওঁৰ উজ্জ্বল অভিনয়ৰ বাবে তেওঁক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰেও সন্মানিত কৰা হয়। হিন্দী ভাষাৰ বাহিৰেও তেওঁ বহু ভাষাৰ ছবিত কাম কৰিছিল, য’ত বাংলা, উড়িয়া, ভোজপুৰী, তামিল, তেলেগু, কানাড়া আৰু পাঞ্জাবী ছবিও আছে। তেওঁৰ ফেন ফ’ল’ৱাৰো বহুত বেছি।

বিভিন্ন চৰিত্ৰ আৰু বলিষ্ঠ অভিনয়েৰে দৰ্শকৰ মাজত এক বিশেষ স্থান সৃষ্টি কৰিছে মিথুন চক্ৰৱৰ্তীয়ে। ইয়াৰ উপৰিও ডান্স ৰিয়েলিটি শ্ব’তো তেওঁক বিচাৰক হিচাপে দেখা গৈছে। শেহতীয়াকৈ তেওঁ ভাৰতীয় চিনেমালৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে দাদা চাহেব ফাল্কে বঁটা লাভ কৰিব।

Related Articles