নগাঁও, ১১ ডিচেম্বৰ: সদ্যসমাপ্ত বিটিচি নিৰ্বাচনত প্ৰচাৰ কাৰ্য চলোৱাৰ অন্তত এতিয়া পুনৰ আগন্তুক তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰত নামি পৰিছে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা। আজি তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰে বটদ্ৰবা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা। তিৱা জনজাতীয় সাজ পাৰ পৰিধান কৰি নৃত্য গীতেৰে ভোটাৰক মোহিত কৰি নিৰ্বাচনী প্ৰচাৰত নামিল আঙুৰলতা। এইবাৰ নৃত্যৰ লগতে গায়িকা ৰূপত বিধায়িকা আঙুৰলতা ডেকাই নাচ গানেৰে চলালে নিৰ্বাচনী প্ৰচাৰ।উল্লেখ্য তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনলৈ মাজত মাত্ৰ পাঁচোটাকৈ দিন থকাত প্ৰতিটো দলে চলাইছে নিৰ্বাচনী প্ৰচাৰ। মৰিগাঁও সমষ্টিৰ বিধায়ক ৰামকান্ত দেউৰীৰ পুত্ৰ ১৮ নং চাৰিপুনিয়া চাবুকধৰা সমষ্টিৰ প্ৰাৰ্থী মদন দেউৰীৰ হৈ আজি প্ৰচাৰ চলাই বিধায়িকা আঙুৰলতা ডেকাই।বিধায়িকা গৰাকীয়ে ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ গাড়ীৰ পৰা নামিয়ে আৰম্ভ কৰে জনপ্ৰিয় তিৱা গীত নৃত্য। লগতে বিধায়িকা আঙুৰলতাই পৰিবেশন কৰে তিৱা গীতো।নিৰ্বাচনী সভাত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰাৰ লগতে বিজেপি জয় নিশ্চিত আৰু তিৱা স্বায়ত্ব পৰিষদ বিজেপিয়ে গঠন কৰি বুলি বিধায়িকাগৰাকীয়ে মন্তব্য কৰে।লগতে বিধায়িকা গৰাকীয়ে কয় যে এতিয়া সকলোতে পদুমেই পদুম ফুলি আছে আৰু পৰৰ্বতী সময়তো ফুলিব।গতিকে ভোটাৰ ৰাইজে পদুম ফুলক বাদ দি বেলেগ চিন্তা কৰিব নালাগে।বিটিচিতো আমাৰ বিজেপি দলে ভাল ফলাফল লাভ কৰিব।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Smart Meter:স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে !
- MISING AUTONOMOUS COUNCIL: মিচিং স্বায়ত্ততশাসিত পৰিষদৰ নতুন পৰিষদীয় সমষ্টি সীমা নির্ধাৰণক লৈ অভিযোগ !
- Cyber Crime: ৯ জন চাইবাৰ অপৰাধীক আটক !
- Arijit Singh: মঞ্চখনেই মোৰ বাবে মন্দিৰঃ অৰিজিত সিং
- Arunodoi 3.0: অৰুণোদয় ৩.০ঃ এক ৰেচন কাৰ্ড-এক অৰুণোদয়
- Animal Fat Used Laddu Prasadam: মন্দিৰৰ প্ৰসাদৰ লাড়ুক লৈ বিতৰ্ক! লাড়ুত জন্তুৰ চৰ্বি মিহলাই বুলি অভিযোগ এগৰাকী মুখ্যমন্ত্ৰীৰ
- Urinary Tract Infection: প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা, বিষ প্ৰস্ৰাৱ সংক্ৰমণৰ লক্ষণ!
- Father Killed Son: শিৱসাগৰত চাঞ্চল্যকৰ কাণ্ড! পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ
- Shri Shri Rudra Mahayagya: খানাপাৰাত শ্ৰীশ্ৰী ৰুদ্ৰ মহাযজ্ঞ- কামেশ্বৰী মহা আৰাধনাৰ সফল সামৰণি
- Swacchata hi seva: স্বচ্ছতাই সেৱা অভিযানৰ অংশ হিচাবে অসমত ৩৫০০ গছপুলি ৰোপণ