দৰঙৰ কলাইগাওঁ সমষ্টিত দুটাকৈ পানী যোগান আঁচনি উদ্বোধন বিধায়ক দুৰ্গা দাস বড়োৰ

দৰঙৰ কলাইগাওঁ সমষ্টিত দুটাকৈ পানী যোগান আঁচনি উদ্বোধন বিধায়ক দুৰ্গা দাস বড়োৰ।


কলাইগাওঁ বিধান সভা সমষ্টিৰ নামখলা পঞ্চায়তৰ পূৱ আঠিয়াবাৰী পানী যোগান আঁচনি‌ আৰু লক্ষীমপুৰ পঞ্চায়তৰ হাপামাৰা দক্ষিণ পানী যোগান আঁচনিৰ কাৰ্যক্ষম বিশুদ্ধ খোৱা পানীৰ গৃহ সংযোগৰ সামূহিক ভাবে উদ্বোধন কৰা হয়।উদ্বোধন কৰে কলাইগাওঁ বিধান সভা সমষ্টিৰ বিধায়ক দুৰ্গা দাস বড়োই।



কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি জল জীৱন মিছনৰ অধীনত দৰং জিলা পানী আৰু অনাময় মিছনৰ উদ্যোগত নামখলা আৰু লক্ষীমপুৰ গাওঁ পঞ্চায়তৰ সহযোগত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগ, মঙলদৈ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ময় হুছেইন, কনিষ্ঠ অভিযন্তা নিপ জ্যোতি কুমাৰ , নামখলা গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি আক্ৰাম হুছেইন, সচিব ৰবিৰাম বড়ো, লক্ষীমপুৰ গাঁও পঞ্চায়তৰ সচিব বিনাৰাম দৈমাৰীয়ে।

Related Articles