Breaking

এক নম্বৰ ৱাৰ্ডত চাৰিটা পকী পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ…

0 19

অসম চৰকাৰে ৰাজ্যৰ যাতায়াত ব্যৱস্থা উন্নত কৰাৰ বাবে গ্ৰহণ কৰা আচঁনিৰ লগত সংগতি ৰাখি পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বিগত সময়চোৱাত সমষ্টিটোৰ নগৰাঞ্চল আৰু গ্ৰামাঞ্চল উভয়তে নতুনকৈ পথ, উপ পথ নিৰ্মাণ কৰা কাৰ্যত অগ্ৰাধিকাৰ দি আহিছে। ইয়াৰ অংশহিচাপে ৩০ জুলাইত গুৱাহাটীৰ এক নম্বৰ ৱাৰ্ডৰ লংকেশ্বৰ আৰু গাড়ীগাঁৱত “মুখ্যমন্ত্ৰীৰ পকী পথ নিৰ্মাণ আঁচনি”ৰ অধীনত নতুনকৈ নিৰ্মাণ কৰিবলগীয়া মুঠ চাৰিটা পথৰ আধাৰশিলা স্থাপন কৰা হয়। অসম চৰকাৰৰ লোক নিৰ্মাণ পথ বিভাগৰ গুৱাহাটী চেণ্ট্ৰেল সংমণ্ডলৰ অধীনত প্ৰায় ডেৰ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া পথ , উপ পথ কেইটা হল ক্ৰমে – বিদ্যানগৰত দুটা উপ পথ, নোৱাপৰা পথ, জেউতিপাৰা – কছাৰী পথ আৰু সেউজী পথ। আনহাতে মাংগলিক কাৰ্যৰ মাজেৰে পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।

এই উপলক্ষে এক নম্বৰ ৱাৰ্ডৰ পাৰিষদ হুকুম চান্দ আলী বকচীয়ে আঁত ধৰা অনুষ্ঠান সমূহত ভাগ লৈ পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয়-মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন আমাৰ মিত্ৰজোটৰ চৰকাৰখনে ৰাজনীতিৰ উৰ্দ্ধত উন্নয়নমূলক আঁচনি ৰূপায়ণ আৰু যাতায়াত ব্যৱস্থা উন্নয়নত গুৰুত্ব আৰোপ কৰি আহিছে।পথৰ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত আঁচনি অনুসৰি নিৰ্মাণ ঠিকমতে হৈছে নে নাই তাক ৰাইজে চকু দিব লাগিব। যাতে ৰাজহুৱা ধনৰ সদ্ব্ব্যৱহাৰ হয়। আনহাতে আঁচনি অনুসৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত যাতে আটাইকেইটা পথৰ নিৰ্মাণ কাৰ্য সমাপ্ত হয় তাৰ বাবে দায়িত্ববাহী অভিযন্তা আৰু ঠিকাদাৰক বিধায়ক কলিতাই আহ্বান জনায়।

অনুষ্ঠানত অগপ দলৰ সম্পাদক সুভাষ শৰ্মা, যুৱ সমাজকৰ্মী ৰঞ্জন পাটোৱাৰীকে ধৰি কেবাজনো বিশিষ্ট লোক, লোক নিৰ্মাণ পথ বিভাগৰ গুৱাহাটী চেণ্ট্ৰেল সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা শান্তনু দাস, সহকাৰী কাৰ্যবাহী অভিযন্তা চন্দন কাকতি, কনিষ্ঠ অভিযন্তা গোবিন্দ দাস, অঞ্চলটোৰ বিভিন্ন ক্লাৱ, সামাজিক সংগঠনৰ কৰ্মকৰ্তা আৰু পুৰুষ-মহিলা নিৰ্বিশেষে বহুসংখ্যক ৰাইজ উপস্থিত থাকে। উল্লেখ্য যে পথ, উপ পথ কেইটা নিৰ্মাণ হৈ উঠিলে গাড়ীগাঁও অঞ্চলৰ যাতায়াত ব্যৱস্থাৰ এটা বহুদিনীয়া অভাৱ পূৰণ হব বুলি অঞ্চলটোৰ সচেতন লোক সকলে মত ব্যক্ত কৰি নিৰ্মাণ কাৰ্যত আগভাগ লোৱা বাবে বিধায়কক ধন্যবাদ জ্ঞাপন কৰিছে।

Leave A Reply

Your email address will not be published.