Breaking

গুৱাহাটী পৌৰ নিগমৰ পাৰিষদ, বিষয়া, অভিযন্তাক লৈ শান্তিপুৰ- কুমাৰপাৰাৰ বান পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই…

0 13

ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ বেছিভাগ নৈ-উপনৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ থকাত ৰাজ্যৰ বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে। ইফালে দুদিন পূৰ্বে গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পানীয়ে বিপদসীমা অতিক্ৰম কৰাত পাণ্ডু, শান্তিপুৰ, কুমাৰপাৰাকে ধৰি গুৱাহাটীৰ বহু অঞ্চল বানপানী আৰু আবদ্ধ বানপানীৰ কৱলত পৰিছে।বিশেষকৈ ব্ৰহ্মপুত্ৰ নদী সংযোগী শান্তিপুৰত থকা ভৰলু নৈৰ শ্লুইচগেটখন বন্ধ কৰি দিয়াত কুমাৰপাৰা আৰু শান্তিপুৰৰ কেবাটাও পথ, আৱাসিক এলেকা পানীৰ তলত থকাত ৰাইজ ভীষণ অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছে।বিশেষকৈ সদাব্যস্ত জি এল আগৰৱালা পথসহ কেবাটাও পথ জলমগ্ন হোৱাত যাতায়াতৰ ক্ষেত্ৰত বিগত দুটা দিন ধৰি নাগৰিকে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। ইয়াৰ মাজতে বুধবাৰে দিনৰ ভাগত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই জি এল আগৰৱালা পথকে ধৰি শান্তিপুৰ , কুমাৰপাৰা অঞ্চলৰ কেবাটাও পথ পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লয়।

পৰিদৰ্শন কালত বিধায়ক কলিতাৰ সৈতে উপস্থিত আছিল গুৱাহাটী পৌৰ নিগমৰ ১৩ আৰু ১৪ নম্বৰ ৱাৰ্ডৰ পাৰিষদ ক্ৰমে-মঞ্জু বৰা আৰু পূৰবী তালুকদাৰ, প্ৰাক্তন পাৰিষদ ভূপেন ঠাকুৰীয়া, নিগমৰ প্ৰশাসক তুলসী ৰঞ্জন কলিতা, কাৰ্যবাহী অভিযন্তা দীপক তালুকদাৰকে ধৰি কেবাজনো বিষয়া-অভিযন্তা।পৰিদৰ্শন কালত বিধায়ক কলিতাই পৌৰ নিগমৰ অভিযন্তাক জি এল আগৰৱালা পথকে ধৰি বাকী কেইটা পথত আবদ্ধ পানী নিষ্কাষণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। সম্প্ৰতি পৌৰ নিগমৰ ফালৰ পৰা চাৰিটা পাম্প ব্যৱহাৰ কৰি আবদ্ধ পানী নিষ্কাষণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তাৰ ফলত সন্ধিয়া পৰ্যন্ত শান্তিপুৰ আৰু কুমাৰপাৰাত আবদ্ধ পানী কিছু ওলাই গৈছে যদিও নতুনকৈ পুনৰ বৰষুণ হলে আৰু ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ তললৈ নামি নগলে বান পৰিস্থিতি অপৰিবৰ্তিত হৈ থকাৰ আশংকা আছে। তেনেদৰে পৰিদৰ্শন কালত বিধায়ক কলিতাই কুমাৰপাৰাত কৃত্ৰিম বানৰ ফলত আবদ্ধ হৈ থকা কেবাটাও পৰিয়ালক সাক্ষাৎ কৰি তেওঁলোকৰ দুখ-দুৰ্দশাৰ বুজ লয়।

একেদৰে শান্তিপুৰস্থিত প্ৰাগজ্যোতিষ মহাবিদ্যালয় চৌহদৰ বান পৰিস্থিতি পৰিদৰ্শন কৰে বিধায়ক কলিতাই। মহাবিদ্যালয় খনৰ অধ্যক্ষ ডঃ মনোজ কুমাৰ মহন্তৰ সৈতেও মিলিত হৈ কিদৰে মহাবিদ্যালয় চৌহদৰ আবদ্ধ পানী নিষ্কাষণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি তাৰ আলোচনা কৰে।আলোচনাকালত উপস্থিত থকা পৌৰ নিগমৰ পাৰিষদ, অভিযন্তা, বিষয়া সকলে এইক্ষেত্ৰত নিগমৰ ফালৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱা হব বুলি সদৰি কৰে। উল্লেখ্য যে ভৰলু নৈত থকা শ্লুইচগেটখনৰে জলসম্পদ বিভাগৰ ফালৰ পৰা দিনে-নিশাই উচ্চক্ষমতা সম্পন্ন পাম্পৰে পানী নিষ্কাষণ কৰি থকা হৈছে। তেনেদৰে শান্তিপুৰ আৰু কুমাৰপাৰাত পৌৰ নিগমৰ ফালৰ পৰা পাঁচটা পাম্পৰে পানী নিষ্কাষণ কৰি থকা হৈছে।

Leave A Reply