Breaking

ম’বাইলে কেৱল তথ্য দিব পাৰে কিন্তু জ্ঞান প্ৰদান নকৰেঃ নগেন শইকীয়া, ড॰ নগেন শইকীয়াক গ্ৰন্থৰত্ন উপাধি প্ৰদান সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ…

0 22

সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাই প্ৰথিতযশা সাহিত্যিক, মিতভাষৰ স্ৰষ্টা তথা সাহিত্য একাদেমিৰ ফেল’ ড॰ নগেন শইকীয়াক ২৭ জুলাইত ডিব্ৰুগড়ত আনুষ্ঠানিকভাৱে প্ৰদান কৰে ‘গ্ৰন্থৰত্ন উপাধি’৷ সংগঠনটোৱে ফুলাম গামোচা, চেলেং, স্মাৰক, গ্ৰন্থৰ টোপোলা, শৰাই, ফুলাম জাপি আৰু প্ৰশংসা পত্ৰৰে সাহিত্যিক গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে৷ উল্লেখ্য যে চাৰিকুৰি ছয় বৰ্ষত ভৰি দিয়া সাহিত্যিক গৰাকীয়ে আজিপৰ্যন্ত ৭১ খন মৌলিক গ্ৰন্থ, ৬৬ খন সম্পাদিত গ্ৰন্থ, দুখন অনুবাদ গ্ৰন্থকে ধৰি বিভিন্ন কাকত-আলোচনীত আঢ়ৈ হেজাৰৰো অধিক নিবন্ধ লিখি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে৷

এইগৰাকী সাহিত্যিকক শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ উক্তদিনা দুপৰীয়া সাহিত্যিক গৰাকীৰ বাসগৃহ ‘আশ্ৰয়’ত উপস্থিত হয়হি সংগঠনটোৰ নগাঁওস্থিত কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা সভাপতি প্ৰতাপ হাজৰিকা, প্ৰধান সম্পাদক বল্লদেৱ শৰ্মাৰ নেতৃত্বত এঘাৰজনীয়া এক সঁজাতি দল৷ এই উপলক্ষে ‘আশ্ৰয়’ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ১৯৮৫ চনত প্ৰতিষ্ঠা হোৱা ১,১০০ টা গ্ৰাম্য পুথিভঁৰালৰে সমৃদ্ধ সংগঠনটোৰ কাম-কাজ আৰু লক্ষ্য-উদ্দেশ্যৰ সম্পৰ্কত চমুকৈ আলোকপাত কৰি সভাপতি প্ৰতাপ হাজৰিকাই কয় যে অসম সম্প্ৰতি বৌদ্ধিক সংকটৰ দিশে গতি কৰিছে৷ এইক্ষেত্ৰত কেৱল ড॰ নগেন শইকীয়া, হীৰেন গোহাঁয়ে লেখাৰ জৰিয়তে ৰাইজক বহুখিনি আশ্বস্ত কৰি আহিছে৷ বিশেষকৈ নগেন শইকীয়াৰ লেখনিত ৰাইজৰ প্ৰায়বোৰ সমস্যা প্ৰতিভাত হৈছে৷ এক কথাত তেখেতৰ কথাই এক ‘বাণী’ত পৰিণত হৈছে৷ আনহাতে ভাৰতবৰ্ষৰ ২২খন ৰাজ্যত পুথিভঁৰাল আইন আছে যদিও আজিপৰ্যন্ত অসমত এই আইন নোহোৱাটো অত্যন্ত উদ্বেগজনক বিষয় বুলি উল্লেখ কৰি সংগঠনটোৰ সভাপতি গৰাকীয়ে ৰাজ্য চৰকাৰক সময়ে সময়ে এইকথা অৱগত কৰি আহিছে যদিও আজিপৰ্যন্ত কাৰ্যকৰী হোৱা নাই আক্ষেপ প্ৰকাশ কৰে৷ এই আইন প্ৰণয়ন হ’লেই অসমত গ্ৰন্থৰ জৰিয়তে নৱপ্ৰজন্মৰ মাজত এক সামাজিক বিপ্লৱৰ সূচনা হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে৷ সংগঠনটোৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মাই আঁতধৰা অনুষ্ঠানত উপস্থিত থাকি অধ্যাপক নগেন শইকীয়া সাৰস্বত ন্যাসৰ সদস্য তথা বিশিষ্ট অনুবাদ সাহিত্যিক দেৱীপ্ৰসাদ বাগড়োদিয়াই নগেন শইকীয়াৰ ‘মিতভাষ’ক হিন্দী ভাষালৈ অনূদিত কৰি লাভ কৰা অভিজ্ঞতাৰ কথা উল্লেখ কৰি শুভেচ্চামূলক বক্তব্যত কয় যে এনে ধৰণৰ ধাৰা ভাৰতবৰ্ষৰ কোনো সাহিত্যত নাই৷ ভাষণ প্ৰসংগত তেখেতৰ সৃষ্টিৰাজি দেশৰ অন্যপ্ৰান্তৰ অধিক লোকে জ্ঞাত হ’ব পৰাকৈ হিন্দীলৈ অনুবাদ কৰাৰ ওপৰতো তেওঁ গুৰুত্ব প্ৰদান কৰে৷ সংগঠনটোৰ সহকাৰী সম্পাদক খগেন চন্দ্ৰ নাথে শলাগ জ্ঞাপন কৰা অনুষ্ঠানত সাৰস্বত ন্যাসৰ প্ৰচাৰ সচিব ৰতন হাজৰিকাই সাৰস্বত ন্যাসৰ কাম-কাজৰ ওপৰত চমুকৈ আলোকপাত কৰি বক্তব্য আগবঢ়োৱাৰ লগতে গ্ৰাম্য পুথিভঁৰাল সন্থাক শলাগ জ্ঞাপন কৰি ন্যাসৰ হৈ সাহিত্যক গৰাকীৰ চাৰিটা খণ্ডৰ ৰচনাৱলী উপহাৰস্বৰূপে আগবঢ়ায়৷ আনহাতে উক্ত অনুষ্ঠানতেই সংগঠনটোৱে সাৰস্বত ন্যাসৰ পুঁজিলৈ লৈ পাঁচ হেজাৰ টকাৰ সাহায্যৰ চে’ক আগবঢ়ায়৷

আনহাতেদি সম্বৰ্ধনাৰ অনুভৱ প্ৰকাশ কৰি ড॰ নগেন শইকীয়াই গ্ৰাম্য পুথিভঁৰালে সমাজ জীৱনৰ লগতে নিজৰ জীৱনত কিদৰে প্ৰভাৱ পেলাইছিল সেয়া উল্লেখ কৰি কয় যে আজিৰ নতুন প্ৰজন্মই ম’বাইলক লৈয়েই ব্যস্ত যদিও ম’বাইলে কেৱল তথ্যহে দিব পাৰে কিন্তু জ্ঞান প্ৰদান নকৰে৷ জ্ঞান কেৱল গ্ৰন্থইহে দিব পাৰে৷ সাম্প্ৰতিক সময়ত গ্ৰন্থৰ প্ৰতি নতুন প্ৰজন্মৰ অনিহাৰ ভাৱ অহাৰ বিপৰীতে গ্ৰাম্য পুথিভঁৰাল সন্থাই গ্ৰন্থ অধ্যয়নৰ হকে কৰি অহা কামৰ প্ৰশংসা কৰি প্ৰযুক্তিয়ে গ্ৰন্থ পঢ়াৰ পদ্ধতি হথাৎ সলনি কৰাৰ বাবে এই পৰিৱেশ আহিছে যদিও পুনৰ আগৰ পৰিৱেশ ঘুৰি আহিব বুলি তেওঁ আশা প্ৰকাশ কৰে৷ নতুন প্ৰজন্মই মানৱীয় কাম-কাজবোৰ কৰিবলৈ আৰু জ্ঞান আহৰণ কৰাৰ স্বাৰ্থত চৰকাৰৰ প্ৰতি সন্থাৰ যি দাবী সেয়া অব্যাহত ৰাখিবলৈ সংগঠনটোৰ নেতৃবৃন্দক সাহিত্যক গৰাকীয়ে আহ্বান জনায়৷ অনুষ্ঠানত সাহিত্যিক গৰাকীৰ সহধৰ্মিনী লাৱণ্য শইকীয়া, ন্যাসৰ সদস্য দিলীপ তামুলী, সংগঠনটোৰ সহকাৰী সম্পাদক ক্ষেত্ৰধৰ বৰুৱা, ৰাজ্যিক সদস্য বীণা বৰুৱা, টংকেশ্বৰ সোনোৱাল, প্ৰাক্তন উপসভাপতি হিমাদ্ৰীজ্যোতি দত্ত, প্ৰাক্তন সাংগঠনিক সম্পাদক ধ্ৰুৱজ্যোতি বৰঠাকুৰ, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি সুৰেন সোনোৱাল, জ্যেষ্ঠ সাংবাদিক বিভাস দুৱৰা আদি উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.