১৪ বিধ খাৰিফ শস্যৰ বাবে নতুন নূন্যতম সমৰ্থন মূল্যত অনুমোদন মোদী কেবিনেটৰ…

বুধবাৰে কেন্দ্ৰীয় কেবিনেটে ঘোষণা কৰে যে কপাহ, কুঁহিয়াৰ, জোৱাৰ, ৰাগী, ধানকে ধৰি ১৪ বিধ খাৰিফ বতৰৰ শস্যৰ নতুন নূন্যতম সমৰ্থন মূল্য (এম এছ পি)ত অনুমোদন জনোৱা হৈছে। ইয়াৰ ফলত কৃষকসকলৰ বাবে বিগত বছৰৰ তুলনাত ৩৫ হাজাৰ কোটি টকাৰ আৰ্থিক লাভৰ লগতে চৰকাৰৰ বাবে দুই লাখ কোটি টকাৰ আৰ্থিক বোজা বৃদ্ধি পাব। কেন্দ্ৰীয় কেবিনেট বৈঠকৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ তৃতীয় কাৰ্যকাল অতি গুৰুত্বপূৰ্ণ।

কাৰণ ই কৃষকৰ কল্যাণৰ বাবে সিদ্ধান্তকে ধৰি বহু পৰিৱৰ্তন অনাৰ সমান্তৰালভাৱে ধাৰাবাহিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ উল্লেখ কৰে যে মোদী প্ৰশাসনৰ প্ৰথম দুটা কাৰ্যকালত অৰ্থনৈতিক বিকাশৰ বাবে এক সুদৃঢ় ভেটি স্থাপন কৰা হৈছে আৰু তৃতীয় কাৰ্যকালত জনসাধাৰণৰ মংগলৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ’ব। কপাহ, চাউল, ৰাগী, বজৰা, জোৱাৰ, কুঁহিয়াৰকে ধৰি ১৪ বিধ খাৰিফ বতৰৰ শস্যৰ নূন্যতম সহায়ক মূল্য (এম এছ পি) কেবিনেটে অনুমোদন দিছে। বুধবাৰে লোৱা সিদ্ধান্তই কৃষকসকলক প্ৰায় লাখ কোটি টকাৰ এম এছ পি প্ৰদান কৰিব বুলিও তেওঁ কয়।

Related Articles