Breaking

মোদী চৰকাৰৰ দপ্তৰ বিতৰণ , কোনে, কি পালে দপ্তৰ

0 32

তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰাৰ পিছত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত প্ৰথম খন কেবিনেট বৈঠকৰ সময়তে শপতগ্ৰহণ কৰা মন্ত্ৰীসকলক পৰ্যায়ক্ৰমে দপ্তৰ বিতৰণ কৰা হয়৷ মোদী মন্ত্ৰীসভাত এতিয়ালৈকে ৭২ গৰাকী মন্ত্ৰীয়ে শপতগ্ৰহণ কৰিছে। ইয়াৰে ১১ গৰাকী এন ডি এৰ মিত্ৰ দেশ যেনে চন্দ্ৰবাবু নাইডুৰ টিডিপি, নীতিশ কুমাৰ নেতৃত্বাধীন জেডিইউ, চিৰাগ পাছৱানৰ এলজেপি, আৰু একনাথ সিন্দেৰ শিৱসেনা আদিৰ।

দপ্তৰ লাভ কৰা মন্ত্ৰীসকল হৈছে –
নীতিন গাডকাৰীক পথ পৰিবহন দপ্তৰৰ দায়িত্ব
অজয় তম্বা আৰু হৰ্ষ মালহোত্ৰাক পথ পৰিবহন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব
মোদী মন্ত্ৰীসভাত পূৰ্বৰ পদতে বাহাল থাকিল তিনি মন্ত্ৰী৷
গৃহ মন্ত্ৰালয় পুনৰ অমিত শ্বাহকে৷
প্ৰতিৰক্ষা মন্ত্ৰালয় ৰাজনাথ সিং৷
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় পুনৰ এছ জয়শংকৰক ৷
সৰ্বানন্দ সোণোৱালক পুনৰ বন্দৰ,জাহাজ আৰু জল পৰিবহণৰ দায়িত্ব৷

জীতন ৰাম মাঝিঃ এম এছ এম ই
শিৱৰাজ সিং চৌহানঃ কৃষি, গ্ৰামোন্নয়ন, পঞ্চায়তী ৰাজ
অশ্বিনী বৈষ্ণৱ: তথ্য আৰু সম্প্ৰচাৰ আৰু ৰেলৱে
শোভা কৰণ্ডলাজে: ৰাজ্যিক মন্ত্ৰী এম এছ এম ই
ভূপেন্দ্ৰ যাদৱ: পৰিবেশ আৰু বন
কিৰেন ৰিজিজু: সংসদীয় পৰিক্ৰমা বিভাগ
ৰাম মোহন নাইডুঃ অসামৰিক বিমান পৰিবহণ
ধৰ্মেন্দ্ৰ প্ৰধানঃ শিক্ষা
জে পি নাড্ডা: স্বাস্থ্য
পীয়ুষ গোৱেল: বাণিজ্য আৰু উদ্যোগ
চি আৰ পাটিল: জল শক্তি
শান্তনু ঠাকুৰঃ বন্দৰ, জাহাজ আৰু জলপথ
মনোহৰলাল খাট্টাৰঃ শক্তি
নিৰ্মলা সীতাৰমণঃ বিত্ত

Leave A Reply

Your email address will not be published.