Breaking

তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰিলে মোদীয়ে…

0 23

দেশৰ ৰাজনীতিৰ বাবে দেওবাৰৰ দিনটো এক ঐতিহাসিক দিন হিচাবে পৰিগণিত হ’ল। তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰিলে নৰেন্দ্ৰ মোদী আৰু তেওঁৰ মন্ত্ৰীসভাই। দেশৰ ৰাজধানী চহৰ নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সম্পন্ন হয় মোদী মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠান৷ ক্ৰমাগত তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে৷ মোদী মন্ত্ৰীসভাৰ শপত গ্ৰহণত অংশগ্ৰহণ কৰাৰ উদ্দেশ্য সাত খন বিদেশী ৰাষ্ট্ৰৰ পৰাও সাতগৰাকী অতিথি আহি দিল্লীত উপস্থিত হৈছিল। শপতগ্ৰহণ অনুষ্ঠানলৈ ভাৰতৰ চুবুৰী আৰু ভাৰত মহাসাগৰ অঞ্চলৰ বহু কেইগৰাকী নেতাক বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছেিল।

শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰানিল উইক্ৰেমসিংহ ; মালদ্বীপৰ ৰাষ্ট্ৰপতি ডাঃ মহম্মদ মুইজু; ছিচিলিৰ উপ- ৰাষ্ট্ৰপতি আহমেদ আফিফ ; বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা; মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ কুমাৰ জুগনৌথ; নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল আৰু ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে। এই অনুষ্ঠানত অংশগ্ৰহণৰ উদ্দেশ্যে আন আন ৰাজ্যৰ বিজেপি নেতাসকলেও দিল্লীলৈ গৈছিল। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, উদ্যোগপতি গৌতম আদানীকে ধৰি বহু বিশিষ্ট ব্যক্তিও উপস্থিত থাকে। এইবেলি পোনপ্ৰথমবাৰৰ বাবে কোনো চৰকাৰৰ শপত গ্ৰহণত অংশীদাৰ হৈ আশীৰ্বাদ দিয়ে ৫০ গৰাকী তৃতীয় লিংগৰ ব্যক্তিয়ে৷ শপতগ্ৰহণ উপলক্ষ্যে সমগ্ৰ ৰাজধানী চহৰ খনতে জি-২০ বৈঠকৰ পূৰ্বে যেনে ধৰণৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছিল ঠিক একেধৰণৰ নিৰাপত্তা বেহুৱেই গঢ়ি তোলা হৈছিল।

তিনি তৰপীয়া নিৰাপত্তা বেহুৰ প্ৰথম দুটা স্তৰত আছিল দিল্লী আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী। তৃতীয় পৰ্যায়ত বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত কমাণ্ডো ৰখা হৈছিল। চোৰাংচোৱা বিষয়া আৰু প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা এছ পি জিয়েও নিৰাপত্তা নিশ্চিত কৰে।শনিবাৰে বিয়লিৰ পৰা ৰাষ্ট্ৰপতি ভৱনৰ আশে-পাশে থকা অঞ্চলত ন’ ফ্লাই জ’ন হিচাপে ঘোষণা কৰা হৈছিল। ইফালে, ৰাজধানী চহৰ খনৰ ওপৰত চকু ৰাখিবলৈ দেওবাৰে পুৱাৰে পৰা বায়ুসেনা আৰু সেনাবাহিনীৰ হেলিকপ্টাৰ সক্ৰিয় কৰা হয়।

Leave A Reply

Your email address will not be published.