Breaking

নিৰ্বাচনী প্ৰচাৰ সামৰি কন্যাকুমাৰীৰ বিবেকানন্দ ৰক মেম’ৰিয়েলত তিনিদিন ধ্যান কৰিব মোদীয়ে…

0 28

নিৰ্বাচনী যাত্ৰাৰ পিছত মোদীৰ আৰম্ভ হ’ব আধ্যাত্মিক যাত্ৰা। সাতটা পৰ্যায়ত অনুষ্ঠিত হোৱা দেশৰ লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলি আছে। নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছে। অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰাৰ পিছতে মোদীয়ে তিনিদিনৰ বাবে ধ্যান বিৰতি গ্ৰহণ কৰিব। ইয়াৰ বাবে তেওঁ স্বামী বিবেকানন্দই ধ্যান কৰা কন্যা কুমাৰীলৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ৩০ মে’ত আধ্যাত্মিক যাত্ৰাৰ অৰ্থে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কন্যাকুমাৰী ভ্ৰমণ কৰিবলৈ সাজু হৈছে। স্বামী বিবেকানন্দই ধ্যান কৰা প্ৰখ্যাত বিবেকানন্দ ৰক মেম’ৰিয়েলত ধ্যান কৰি মোদীয়ে তিনিদিন কটাব। ৩০ মে’ৰ সন্ধিয়াৰ পৰা ১ জুনৰ সন্ধিয়ালৈকে প্ৰধানমন্ত্ৰীয়ে তাত ধ্যান কৰি থাকিব বুলি জানিব পৰা গৈছে। ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী জ্যেষ্ঠ নেতাই অৱগত কৰে যে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ কোনো দলীয় কাৰ্যসূচীৰ সৈতে জড়িত নহয় আৰু এই ভ্ৰমণৰ বিশদ পৰিকল্পনা এদিন আগতীয়াকৈ আনুষ্ঠানিকভাবে প্ৰকাশ কৰা হ’ব।

মোদীৰ এই আধ্যাত্মিক ভ্ৰমণ ১ জুনত লোকসভা নিৰ্বাচনৰ চূড়ান্ত পৰ্যায়ৰ ভোটদানৰ আগদিনা অন্ত পৰিব। সেইদিনা ভোটদান হ’বলগীয়া সমষ্টিসমূহৰ ভিতৰত উত্তৰ প্ৰদেশৰ মোদীৰ সমষ্টি বাৰাণসীও আছে। ৪ জুনত ৫৪৩খন লোকসভা আসনৰ ফলাফল ঘোষণা কৰা হ’ব। উল্লেখ্য স্বামী বিবেকানন্দই ধ্যান কৰা স্থান হিচাপে বিবেকানন্দ ৰক মেম’ৰিয়েলৰ এক ঐতিহাসিক আৰু আধ্যাত্মিক তাৎপৰ্য আছে। এই স্থানত মোদীয়ে স্বামী বিবেকানন্দৰ ধ্যান-ধাৰণাৰে সমৃদ্ধিশালী আৰু ঐক্যবদ্ধ ভাৰতৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰাৰ প্ৰতিশ্ৰুতিক বাস্তৱ কৰি তোলাৰ বাবে প্ৰাৰ্থনা জনাব। কন্যাকুমাৰী হৈছে ভাৰত মহাসাগৰ, বে অব বেংগল, আৰব সাগৰৰ মিলন বিন্দু। ২০১৯ চনত মোদীয়ে উত্তৰাখণ্ডৰ কেদাৰনাথ মন্দিৰ পৰিদৰ্শন কৰিছিল আৰু ২০১৪ চনত শিৱাজীৰ প্ৰতাপগড় ভ্ৰমণ কৰিছিল। এইবাৰো তেওঁ কন্যাকুমাৰীলৈ যাত্ৰা কৰাৰ সম্ভাৱনা আছে।

Leave A Reply

Your email address will not be published.