Breaking

আজি শপতগ্ৰহণ কৰিব মোদীৰ মন্ত্ৰীসভাই, দিল্লীত তিনি তৰপীয়া নিৰাপত্তা বেষ্টনী, ন’ ফ্লাইং জ’ন ঘোষণা

0 15

পুনৰ আন এক কাৰ্যকালৰ প্ৰস্তুতি। দেওবাৰে তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে। সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত শপত গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীৰ লগতে অন্যান্য কেবিনেট সদস্যসকলে। সেই অনুষ্ঠানলৈ বহু দেশী-বিদেশী অতিথিক নিমন্ত্ৰণ কৰা হৈছে। মোদীৰ শপতগ্ৰহণ অনুষ্ঠানৰ সামগ্ৰিক সুৰক্ষা নিশ্চিত কৰিবলৈ সমগ্ৰ ৰাজধানী চহৰ খনতে কঠোৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰপতি ভৱনৰ আশে-পাশে থকা অঞ্চল কাৰ্যতঃ ঘেৰাও কৰি ৰখা হৈছে আৰু তিনি তৰপীয়া নিৰাপত্তা বেহু গঢ়ি তোলা হৈছে।দিল্লী আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি সমগ্ৰ ৰাজধানী চহৰ খনতে জি-২০ বৈঠকৰ পূৰ্বে যেনে ধৰণৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছিল ঠিক একেধৰণৰ নিৰাপত্তা বেহুৱেই গঢ়ি তোলা হৈছে। তিনি তৰপীয়া নিৰাপত্তা বেহুৰ প্ৰথম দুটা স্তৰতআছে দিল্লী আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী।

তৃতীয় পৰ্যায়ত বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত কমাণ্ডো ৰখা হৈছে। চোৰাংচোৱা বিষয়া আৰু প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা এছ পি জিয়েও নিৰাপত্তা নিশ্চিত কৰিব।মোডীৰ শপতগ্ৰহণত অংশগ্ৰহণ কৰিবলৈ বিদেশৰ বহু ৰাষ্ট্ৰনেতাসকলক আমন্ত্ৰণ জনোৱা হৈছে। ৰাজধানীৰ ডাঙৰ ডাঙৰ হোটেলত ৰখা হ’ব তেওঁলোকক । সেই হোটেলসমূহৰ সন্মুখতো কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। শনিবাৰে বিয়লিৰ পৰা ৰাষ্ট্ৰপতি ভৱনৰ আশে-পাশে থকা অঞ্চলত ন’ ফ্লাই জ’ন হিচাপে ঘোষণা কৰা হৈছে।ইফালে, ৰাজধানী চহৰ খনৰ ওপৰত চকু ৰাখিবলৈ দেওবাৰে পুৱাৰে পৰা বায়ুসেনা আৰু সেনাবাহিনীৰ হেলিকপ্টাৰ সক্ৰিয় কৰা হ’ব। এই হেলিকপ্টাৰত এন এছ জি আৰু সেনাৰ বিষয়া থাকিব।

Leave A Reply

Your email address will not be published.