Breaking

সৰ্বভাৰতীয় NEET পৰীক্ষাত উজলিল ধুবুৰীৰ মহম্মদ মেহেদি হাছান আৰু নাজিমুল সেখ…

0 36

সদ্য ঘোষিত সৰ্ব্বভাৰতীয় NEET পৰীক্ষাৰ ফলাফলত উজলিল ধুবুৰীৰ কচুৱাৰখাচ ২য় খণ্ডৰ মহম্মদ মেহেদি হাছান৷ কৃতি ছাত্ৰ মহম্মদ মেহেদি হাছানে NEET পৰীক্ষাত মুঠ ৭০৫ নম্বৰ লাভ কৰি সফলতাৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। মেধাৱী ছাত্ৰ গৰাকীয়ে নীট পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবে দীৰ্ঘদিন ধৰি অধ্যয়ন কৰি এই পৰীক্ষাৰ বাবে নিজকে সাজু কৰি তুলিছিল। মুঠ ৭০৫ নম্বৰলৈ এই বৃহৎ সফলতাত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তি বিশেষে অভিনন্দন আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি উজ্জ্বল ভৱিষ্যত কামনা কৰে স্থানীয় লোকসকলে।

উল্লেখযোগ্য যে কৃতি ছাত্ৰ মহম্মদ মেহেদি হাছান ছামাদ আলী সেখৰ পুত্ৰ। ভবিষ্যতত মহম্মদ মেহেদি হাছানে এজন ভাল চিকিৎসক হোৱাৰ মন মেলিছে। ইফালে গৌৰীপুৰ পূৱ টিয়ামাৰীৰ নাজিমুল সেখে NEET পৰীক্ষাত মুঠ ৬৭০ নম্বৰ লাভ কৰি সফলতাৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে। নাজিমুল সেখ বাচিক উদ্দিন সেখৰ পুত্ৰ।

Leave A Reply

Your email address will not be published.