বিশিষ্ট লোক সংস্কৃতিৰ সাধক নাগাৰা নামৰ শিল্পী বিজয় মেধীলৈ ২০২৫ বৰ্ষৰ মোহন ভাইৰা স্মাৰক বটাঁ । Mohan Bhaira Memorial Award for the year 2025

৩০ জানুৱাৰী, নলবাৰী: Mohan Bhaira Memorial Award for the year 2025 । ২০২৫ চনৰ মোহন ভাইৰা স্মাৰক বঁটা নলবাৰী জিলাৰ উত্তৰ অঞ্চলৰ আল্লিয়াৰ নাৰায়ণ গাঁৱৰ বিশিষ্ট লোক সংস্কৃতিৰ সাধক নাগাৰা নামৰ শিল্পী বিজয় মেধীলৈ আগবঢ়োৱা হৈছে।আজি নলবাৰী শ্বহীদ ভৱনত এক সংবাদমেল যোগে ঘোষণা কৰে এই বঁটা। সদৌ অসম ছাত্ৰ সন্থাৰ উপ- সভাপতি ভৱজিৎ বেজবৰুৱা, সাংগঠনিক সম্পাদক ৰিয়াজুউদ্দিন আহমেদ, জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰুজউদ্দিন আহমেদ,সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্ত উপদেষ্টা গুণজ্যোতি পাঠক ,অক্ষয় ডেকা আৰু নলবাৰী জিলা উন্নতি সভাৰ সভাপতি হোমেশ্বৰ তালুকদাৰ

উপস্থিত থকা আজিৰ সংবাদমেলত কয় যে নলবাৰী জিলা ছাত্ৰ সন্থা আৰু নলবাৰী জিলা উন্নতি সভাই ২০০৯ ইং চনৰ পৰা সংস্কৃতিৰ পথাৰৰ পৰা হেৰাই যাব ধৰা থলুৱা কলা সংস্কৃতি সাধনাৰে অসমৰ সংস্কৃতিৰ বৰঘৰ চহকী কৰা বিশিষ্ট শিল্পীক সন্মান প্ৰদান কৰাৰ বাবে ২০০৯ চনত পুণ্য প্ৰভা দত্ত তামুলী, ২০১০ চনত সীতাৰাম ৰায়, ২০১১ চনত মুকুতাৰাম বৰুৱা ওজা,২০১২ চনত মাণিক শইকীয়া ওজা , ২০১৩ চনত ৰূহীন ৰাভা , ২০১৪ চনত দ্বেজেন গগৈ, ২০১৫ প্ৰভাত শৰ্মা , ২০১৬ চনত হৰি বৰবায়ন, ২০১৭ চনত ৰামচৰণ ভৰালী , ২০১৮ চনত লোকনাথ কুটুমক প্ৰদান কৰা হয় যদিও ২০‍১৯ ৰ কা আন্দোলন আৰু ২০২০ কোভিড মহামাৰিৰ পৰিপ্ৰেক্ষিতত এই বটা প্ৰদান কৰিব পৰা নগল , ২০২১ হৰেকৃষ্ণ তালুকদাৰ, ২০২২ নিকুঞ্জ পাঠক, ২০২৩ অনিৰাম নাথ,২০২৪ পৰমেশ্বৰ বসুমতাৰীক বটা প্ৰদান কৰা হয় ।

অহা ১ ফেব্ৰুবাৰী ২০২৫ ইং তাৰিখ শনিবাৰে অনুষ্ঠিত হব লগা বটা প্ৰদান অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মাই উপস্হিত থাকিব ।বটাঁ প্ৰদান কৰিব দুবাৰকৈ সাহিত্য অকাডেমি বঁটা প্ৰাপক ড° দীপক কুমাৰ শৰ্মাদেৱে । নলবাৰীৰ জিলা পুথিভঁৰাল ভঁৰাল প্ৰেক্ষা গৃহত অনুষ্ঠিত হবলগীয়া উক্ত বটা প্ৰদান অনুষ্ঠানত বটাঁৰ লগতে নগদ ধন, স্মাৰক ,ফুলাম জাপি, ফুলাম গামোছা, মানপত্ৰ চেলেং নগদ ধন আদি প্ৰদান কৰা হব।


নলবাৰী জিলাৰ উত্তৰ অঞ্চলৰ আল্লিয়াৰ নাৰায়ণ গাঁৱত ১৯৪৬ তলত জন্মগ্ৰহণ কৰা সন্মানীয় নাগাৰা নামৰ শিল্পী বিজয় মেধীদেৱে ১৯৬২ চনত নাগাৰা নামৰ চৰ্চা আৰম্ভ কৰা মেধী দেৱে ১৯৭৭ চনৰ পৰা প্ৰায় ১০০ টা নাগাৰা নাম ৰচনা কৰা মেধীদেৱে বিভিন্ন জন নাগাৰা নামৰ পাঠকৰ জৰিয়তে তেখেতে ৰচনা কৰা নাগাৰা নাম ৰাইজ মাজলৈ আগবঢ়ায়।

Related Articles