Breaking

Molestation charges on civic volunteer: আকৌ পশ্চিমবংগ! এইবাৰ নেতাৰ পত্নী-কন্যাক যৌন নিৰ্যাতনৰ অভিযোগ

14

পশ্চিমবংগৰ উত্তৰ দিনাজপুৰত এজন নাগৰিক স্বেচ্ছাসেৱকৰ বিৰুদ্ধে মাতৃ কন্যাক যৌন নিৰ্যাতনৰ অভিযোগ(Molestation charges on civic volunteer) । অভিযোগৰ পাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত নাগৰিক স্বেচ্ছাসেৱকজনক ।

কলকাতা, ৫ ছেপ্টেম্বৰঃ কলকাতাৰ আৰ জি কৰ ধৰ্ষণকাণ্ড(RG Kar rape case)ত এজন স্বেচ্ছাসেৱক জড়িত থকাৰ কথাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি থকাৰ সময়তে আন এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে বংগত। এইবাৰো ঘটনাৰ খলনায়ক আন এজন নাগৰিক স্বেচ্ছাসেৱক। নাগৰিক স্বেচ্ছাসেৱকৰ দ্বাৰা যৌন নিৰ্যাতনৰ বলি হৈছে উত্তৰ দিনাজপুৰৰ এগৰাকী প্ৰভাৱশালী নেতাৰ পত্নী আৰু নাবালিকা কন্যা(Molestation charges on civic volunteer)।

আৰক্ষী সূত্ৰ অনুসৰি, শ্বেখ নাজবুল হকে ২০১৪ চনত ইছলামপুৰ থানাত নাগৰিক স্বেচ্ছাসেৱক হিচাপে যোগদান কৰিছিল। দহ দিন পূৰ্বে স্থানীয় অঞ্চলটোৰ এগৰাকী প্ৰভাৱশালী নেতাৰ পত্নী আৰু নাবালিকা কন্যাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে(Sexually assaulted by civic volunteer)।

মহিলাগৰাকীৰ সামাজিক মৰ্যাদা ধ্বংস কৰাৰ ভাবুকি দি কেইবালাখ টকা দাবী কৰা বুলিও লোকজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। কিন্তু ঘটনাৰ পিছৰে পৰা অভিযুক্তজনক সেই স্থানত দেখা পোৱা নগ’ল । অৱশেষত দাখিল কৰা এজাহাৰৰ ভিত্তিত অভিযুক্তক গ্ৰেপ্তাৰ কৰি্বলৈ সক্ষম হৈছে আৰক্ষীয়ে । অৱশ্যে ইমান সময় পাৰ হোৱাৰ পাছতহে হঠাৎ কিয় থানাত অভিযোগ দাখিল কৰা হ’ল, সেই বিষয়সমূহৰ পুংখানুপুংখ তদন্ত কৰা হ’ব বুলি তদন্তকাৰী আৰক্ষী বিষয়াই জনাইছে।

ইছলামপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ডেণ্ডুপ শ্বেৰপাই কয় , ‘সোমবাৰে নিশা ইছলামপুৰ আৰক্ষী থানাত এজন নাগৰিক স্বেচ্ছাসেৱকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰে এগৰাকী মহিলাই। তেওঁৰ নাবালিকা কন্যাকো যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। লোকজনক গ্ৰেপ্তাৰ কৰি ঘটনাৰ তদন্ত আৰম্ভ হৈছে।” আদালতত হাজিৰ কৰাৰ পিছত ন্যায়াধীশে অভিযুক্তক তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে ।

ইছলামপুৰ আদালতৰ চৰকাৰী অধিবক্তা মক্তাৰ আহমেদে কয় , আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে যৌন নিৰ্যাতন আৰু ভয় দেখুৱাই প্ৰায় তিনি লাখ টকা ধন দাবী কৰা গোচৰ ৰুজু কৰি ইছলামপুৰ মহকুমাৰ বিশেষ আদালতলৈ আনিছিল। আদালতে অভিযুক্তক তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে।”

লগতে পঢ়ক: Anti-Rape Bill: পশ্চিমবংগ বিধানসভাত গৃহীত ধৰ্ষণ বিৰোধী বিধেয়ক ‘অপৰাজিতা’

Comments are closed.