শৰতৰ শাৰদীয় অনুভৱৰ মাজেৰে সাতগাঁও শাখা সাহিত্য সভাৰ মাহেকীয়া বৈঠক

সাতগাঁও শাখা সাহিত্য সভাৰ মাহেকীয়া বৈঠকখন দেওবাৰে ইয়াৰ স্থানীয় লাচিত পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। সাতগাঁও শাখা সাহিত্য সভাৰ সভাপতি ফুলেশ্বৰ ডেকাই সঞ্চালনা কৰা সভাৰ আৰম্ভণিতে সভাৰ উদ্দেশ্য বাখ্যা কৰে সভাৰ সম্পাদক উৎপল শইকীয়াই। সভাত সাতগাঁও লাচিত পুথিভঁৰালৰ সভাপতি ভবেন দাস আৰু সাতগাঁও শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দুলুমনি বৰঠাকুৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। চলিত মাহৰ সাতগাঁও শাখা সাহিত্য সভাৰ মাহেকীয়া বৈঠক সাহিত্য চৰাৰ বিশেষ বিষয় আছিল – কহুৱা ফুলা শৰত , আহিন আৰু দুৰ্গোৎসৱৰ অনুভৱ।

অনুষ্ঠানত সাতগাঁও শাখা সাহিত্য সভাৰ প্ৰতিজন সদস্য তথা গুণমুগ্ধই তেওঁলোকৰ মন কোঠালিত সোমাই থকা শৰতৰ অনুভৱ সমূহ কবিতা, কথা আৰু ৰস ৰহস্যৰ মাজেৰে ব্যক্ত কৰি শাখাৰ কাৰ্যসূচী অধিক মননসিল আৰু উপভোগ্য কৰি তোলে। সভাৰ আৰম্ভণিতে সাতগাঁও শাখা সাহিত্য সভাৰ আজীৱন সদস্য হৰেশ্বৰ গোস্বামীয়ে ‘ শৰত ‘ শীৰ্ষক এটি কবিতা পাঠ কৰাৰ পিছতেই ক্ৰমে শাখাৰ উপ সভাপতি তুলতুল কুমাৰ দাসে ‘ ইষ্টাহাৰ ‘ আৰু উপদেষ্টা ভবেন চন্দ্ৰ দাসে ‘ মায়ে বই দিয়া এৰি চাদৰখন ‘ শীৰ্ষক কবিতা পাঠ কৰে।

শৰতৰ সংপৃক্ত অনুভৱ ব্যক্ত কৰি মীনামনি দেৱীয়ে কয় যে শৰত এনে এক ঋতু, যেতিয়া প্ৰকৃতিয়ে ন সাজ সলাবলৈ ধাবমান হয় আৰু মন বোৰ উগুল থোগুল হয় আৰু এই সময়ত হোৱা অনুভৱ কৈ শেষ কৰিব নোৱাৰি, ইয়াৰ ৰসস্বাদনহে কৰিব পাৰি। ধৰালৈ সুন্দৰ আৰু সুশোভিত পৰিবেশ কঢ়িয়াই অনা শৰত মাহত অনুষ্ঠিত দুৰ্গোৎসৱে সমাজলৈ সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনে। শৰতৰ অভিব্যক্তি মোৰ বাবে অতিকৈ সুকীয়া। এই প্ৰসঙ্গত সাহিত্যিক তথা নাট্যকৰ্মী প্ৰফুল্ল বৰ্মনে কয় যে গৰম আৰু ঠাণ্ডাৰ মাজত ধৰালৈ এজাক বৰষুণ লৈ নামি অহা শৰতৰ সুগন্ধি পৰিবেশে স্বৰ্গীয় অনুভূতি আনি দিয়ে। মানুহৰ মনত আশাৰ সঞ্চাৰ কৰে। সভাত অনিল ডেকাই হাস্য ব্যংগ অনুভূতিৰ মাজৰে শৰতৰ ৰূপ ৰেখা বৰ্ণনা কৰে।

তেওঁ লগতে সাতগাঁও শাখা সাহিত্য সভাৰ উদ্যোগত প্ৰতি তিনিমাহৰ মূৰে মূৰে অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত কৰাৰ প্ৰতি সভাক আহ্বান জনায়। অনুষ্ঠানত দুলুমনি বৰঠাকুৰেও পুৰণি স্মৃতি ৰোমন্থনেৰে মন কোঠালিত সোমাই থকা শৰতৰ অনুভৱ ব্যক্ত কৰি উপস্থিত সাহিত্য প্ৰেমিক আহ্লাদিত কৰে। সভাপতিৰ ভাষণত ফুলেশ্বৰ ডেকাই উপস্থিত প্ৰতিজন ব্যক্তিৰ অন্তৰাত্মাত লুকাই থকা সাহিত্য প্ৰতিভাৰ দৃষ্টান্ত ডাঙি ধৰে আৰু প্ৰত্যেক জন ব্যক্তিয়েই যে একো একোজন সাহিত্যিক সত্তাৰে ৰঞ্জিত হৈ আছে সেই কথা উল্লেখ কৰে। তেওঁ লগতে অসমীয়া সাহিত্যই অতিক্ৰম কৰি অহা তিনিটা স্তৰ আৰু মহাপুৰুষ শঙ্কৰদেৱৰ দিনৰ পৰা ইয়াণ্ডাবু সন্ধি লৈকে অসমীয়া সাহিত্যৰ সোণালী যুগটোৰ কথা বৰ্ণনা কৰে।

অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই সম্পাদক উৎপল শইকীয়াই। তেওঁ লগতে উপস্থিত সাহিত্যপ্ৰেমী সকলক লৈ অনাগত সময়ত কোনো এক বিশেষ অঞ্চলত শাখা সাহিত্য সভাৰ পৰৱৰ্তী কাৰ্যসূচী অনুষ্ঠিত কৰাত উদ্যোগ গ্ৰহণ কৰিব বুলি মত পোষণ কৰে।

Related Articles