Breaking

কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলৰ উদ্যোগত আয়োজিত সদৌ অসম আন্তঃবিদ্যালয় দবা প্ৰতিযোগিতাত ১৫০ গৰাকীতকৈ অধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ…

0 27

কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলে ১৬-১৭ আগষ্ট, ২০২৪ তাৰিখে সমগ্ৰ অসমৰ ৩০ খন বিদ্যালয়ৰ ১৫০ ৰো অধিক শিক্ষাৰ্থীক সামৰি সফলতাৰে প্ৰথম সদৌ অসম আন্তঃবিদ্যালয় দবা চেম্পিয়নশ্বিপ আয়োজন কৰে।এই দুদিনীয়া অনুষ্ঠানটোৰ উদ্দেশ্য আছিল শিক্ষাৰ্থীসকলৰ মাজত মানসিক ক্ষিপ্ৰতা, কৌশলগত চিন্তা আৰু বন্ধুত্বপূৰ্ণ প্ৰতিযোগিতা বৃদ্ধি কৰা।

শিক্ষাৰ্থীসকলে ল’ৰা আৰু ছোৱালীৰ বাবে বিভাজিত তিনিটা শাখা ক্ৰমে ১ম-৪ৰ্থ, ৫ম-৮ম, আৰু ৯ম-১২শ অনুসৰি প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল। অংশগ্ৰহণকাৰীসকলে গোটেই প্ৰতিযোগিতাখনত উল্লেখনীয় দক্ষতা আৰু অধ্যৱসায় প্ৰদৰ্শন কৰা দেখা যায়। নাৰেংগীৰ ছেইণ্ট ফ্ৰান্সিছ ডি চেলছ স্কুল (এছ এফ এছ)য়ে শ্ৰেষ্ঠ বিদ্যালয় বঁটা লাভ কৰে গুৱাহাটীৰ দিল্লী পাব্লিক স্কুল ৰানাৰ-আপ হয়।

শাখা অনুসৰি বিজয়ীসকলৰ বিৱৰণ তলত উল্লেখ কৰা হৈছে।

শাখা – শ্ৰেণী ১ম ৰ পৰা ৪ৰ্থলৈ
বিজয়ী (ল’ৰা)
প্ৰথম স্থান – সৰস্বত ডেকা, দিল্লী পাব্লিক স্কুল, গুৱাহাটী
দ্বিতীয় স্থান – দৰ্শিল দাস, এছ এফ এছ নাৰেংগী, গুৱাহাটী
তৃতীয় স্থান – ৰেয়ান নবিচ, এছ এফ এছ নাৰেংগী, গুৱাহাটী
চতুৰ্থ স্থান – প্ৰাচুৰ্য্য চাংমাই, এছ এফ এছ নাৰেংগী, গুৱাহাটী
পঞ্চম স্থান – ঋষভ বৰদলৈ, কেন্দ্ৰীয় বিদ্যালয় নামৰূপ

বিজয়ী (ছোৱালী)
প্ৰথম স্থান – আব্ৰি নাইলা বৰা, দিল্লী পাব্লিক স্কুল, গুৱাহাটী
দ্বিতীয় স্থান – কৃশাংগী শৰ্মা, লিটল ফ্লাৱাৰ স্কুল, গুৱাহাটী
তৃতীয় স্থান – উৰ্ভি বৰগোঁহাই, দ্য গ্ৰীণ স্কুল ইণ্টাৰনেচনেল
চতুৰ্থ স্থান – ধনিক্ষা দাস, হোলী হোম স্কুল, গুৱাহাটী
পঞ্চম স্থান – ইপ্সিতা ঠাকুৰীয়া, দিল্লী পাব্লিক স্কুল, গুৱাহাটী

শাখা – শ্ৰেণী ৫ মৰ পৰা ৮মলৈ
বিজয়ী (ল’ৰা)
প্ৰথম স্থান – জগজিৎ সিনহা, মডাৰ্ণ ইংলিছ স্কুল, গুৱাহাটী
দ্বিতীয় স্থান – বৰ্ণিল হাজৰিকা, শ্বেমফৰ্ড ফিউচাৰিষ্টিক স্কুল, যোৰহাট
তৃতীয় স্থান – শুভাঙ্গ প্ৰাণ কাশ্যপ, মাৰিয়াছ পাব্লিক স্কুল, গুৱাহাটী
চতুৰ্থ স্থান – এছ ডি চাইকাৰ্তিক, দিল্লী পাব্লিক স্কুল, গুৱাহাটী
পঞ্চম স্থান – নীহাৰ দাস, ফেকাল্টি এইচ এছ স্কুল

বিজয়ী (ছোৱালী)
প্ৰথম স্থান – অমেয়া গুপ্তা, মাৰিয়াছ পাব্লিক স্কুল, গুৱাহাটী
দ্বিতীয় স্থান – তমন্না শৰ্মা, পি এম শ্ৰী কে ভি খানাপাৰা
তৃতীয় স্থান – সৃষ্টি ৰূপা ৰয়, দ্য গ্ৰীণ স্কুল ইণ্টাৰনেচনেল
চতুৰ্থ স্থান – ভৈৰৱী বড়ো, মডাৰ্ণ ইংলিছ স্কুল, গুৱাহাটী
পঞ্চম স্থান – ক্ৰিষ্টিনা কলিতা, চৰকাৰী গৰ্ডন এইচ এছ স্কুল, নলবাৰী
শাখা – শ্ৰেণী ৯মৰ পৰা ১২শলৈ
বিজয়ী (ল’ৰা)
প্ৰথম স্থান – প্ৰাণ গোবিন্দ পৰাশৰ কাশ্যপ, ইণ্টাৰনেচনেল স্কুল গুৱাহাটী
দ্বিতীয় স্থান – দেৱব্ৰত নাথ, সন্দীপনী বিদ্যা মন্দিৰ
তৃতীয় স্থান – সুভম ভট্টাচাৰ্য, চাউথ পইণ্ট স্কুল, গুৱাহাটী
চতুৰ্থ স্থান – আয়ুষ্মান দাস, গ্ৰীণ ইণ্টাৰনেচনেল স্কুল, গুৱাহাটী
পঞ্চম স্থান – নিৰ্বাণ দাস, এছ এফ এছ, নাৰেঙ্গী, গুৱাহাটী

অনুষ্ঠানটো এফ আই ডি ই বিচাৰক গোলাপ চন্দ্ৰ গোঁহাইৰ লগতে জ্যেষ্ঠ ৰাষ্ট্ৰীয় বিচাৰক ৰজনীশ বৰ্মা, হোমেন ৰভা আৰু প্ৰয়াগ হাজৰিকাৰ দৰে সন্মানীয় ব্যক্তিসকলৰ এক পেনেলৰ উপস্থিতিত পৰিচালিত হয়। ২৫ গৰাকী শীৰ্ষ প্ৰতিযোগীক ট্ৰফী আৰু প্ৰমাণপত্ৰ প্ৰদানৰ সমান্তৰালকৈ সমূহ অংশগ্ৰহণকাৰীক অংশগ্ৰহণৰ প্ৰমাণপত্ৰৰে সন্মানিত কৰাৰ অন্তত প্ৰতিযোগিতাখনৰ সামৰণি পৰে।

মডাৰ্ণ ইংলিছ স্কুলৰ অধ্যক্ষা জোনালী দাসে চেম্পিয়নশ্বিপৰ সফলতা সন্দৰ্ভত নিজৰ উৎসাহ ব্যক্ত কৰি কয়: “আমি এনে এক সন্মানীয় অনুষ্ঠান আয়োজন কৰি আনন্দিত হৈছো যিয়ে ৰাজ্যজুৰি শিক্ষাৰ্থীসকলক তেওঁলোকৰ বৌদ্ধিক দক্ষতা প্ৰদৰ্শন কৰিবলৈ একত্ৰিত কৰে। দবাই সমালোচনামূলক চিন্তাধাৰাৰ লগতে আমাৰ শিক্ষাৰ্থীসকলৰ অনুশাসন আৰু সহনশীলতা বৃদ্ধি কৰে। আমি প্ৰতিগৰাকী অংশগ্ৰহণকাৰীৰ নিষ্ঠা আৰু খেলুৱৈসুলভ মনোভাৱৰ বাবে তেওঁলোকক লৈ গৌৰৱান্বিত।”

মডাৰ্ণ ইংলিছ স্কুলৰ দবা প্ৰশিক্ষক বিপিন সিনহাই শিক্ষাৰ্থীসকলৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰি কয়, “অংশগ্ৰহণকাৰীসকলে প্ৰদৰ্শন কৰা দক্ষতা আৰু আবেগৰ স্তৰ সঁচাকৈয়ে অনুপ্ৰেৰণাদায়ক। দবা হৈছে ধৈৰ্য্য আৰু ৰণনীতিৰ খেল, আৰু ইমানসংখ্যক যুৱ মনক ইয়াৰ প্ৰতি আকৰ্ষিত হোৱা দেখাটো সঁচাকৈয়ে উৎসাহজনক। এই চেম্পিয়নশ্বিপে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ মনত খেলবিধৰ প্ৰতি আজীৱন প্ৰেম প্ৰজ্বলিত কৰিব বুলি আমি আশা কৰিছোঁ।”

সদৌ অসম আন্তঃবিদ্যালয় দবা প্ৰতিযোগিতাৰ এক স্মৰণীয় প্ৰথম সংস্কৰণ চিহ্নিত কৰি অনুষ্ঠানটো অতি উলহ-মালহেৰে সমাপ্ত হয়।

২০২৪ চনৰ ১০ আগষ্টত বিদ্যালয়খনত সফলতাৰে অনুষ্ঠিত হৈ যোৱা সদৌ অসম আন্তঃবিদ্যালয় যোগাসন প্ৰতিযোগিতাৰ পিছতে ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশৰ লক্ষ্যৰে অনুষ্ঠিত হোৱা দবা চেম্পিয়নশ্বিপ হৈছে বিদ্যালয়খনৰ অনুষ্ঠান শৃংখলাৰ শেহতীয়া সংযোজন।

Leave A Reply

Your email address will not be published.