পাণ্ডুৰ বান পৰিস্থিতিৰ সামান্য উন্নতি; তিনিদিনে আশ্ৰয় শিবিৰত আছে দুই শতাধিক লোক…

ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে গুৱাহাটীৰ জালুকবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বৃহত্তৰ পাণ্ডু অঞ্চলৰ ঠাই বিশেষে বিগত তিনিদিন ধৰি বানপানীয়ে জনজীৱন ব্যাহত কৰিছিল। আনকি ব্ৰহ্মপুত্ৰৰ পানী সোমবাৰে গুৱাহাটীত বিপদসীমা অতিক্ৰম কৰাত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বৃহত্তৰ পাণ্ডুৰ পাঁচটা অঞ্চল ক্ৰমে – ৭ নম্বৰ ৱাৰ্ডৰ টেম্পলঘাট, ৮ নম্বৰ ৱাৰ্ডৰ শিৱ মন্দিৰ, পাণ্ডু কেবিন তিনিপুখুৰী , পাণ্ডু কেবিন আৰু পুৰাণ বজাৰৰ অৰ্দ্ধ শতাধিক পৰিয়াল বানৰ কৱলত পৰে। তাৰ পাছতে স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত কামৰূপ মহানগৰ জিলা প্ৰশাসনে বানাক্রান্ত অঞ্চলত এটাকৈ মুঠ পাঁচটা আশ্ৰয় শিবিৰ স্থাপন কৰে। তাৰ পাছত বুধবাৰে পুৱাৰে পৰা পাচঁটা আশ্ৰয় শিবিৰত শিশু, মহিলাকে ধৰি প্ৰায় ২৫০ জন লোকে আশ্ৰয় গ্ৰহণ কৰে।

আনহাতে মূখ্যমন্ত্ৰীৰ নিৰ্দেশত তেওঁৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে জিলা প্ৰশাসনৰ বিষয়া – কৰ্মচাৰীৰ সহযোগত বিগত তিনিদিন ধৰি আশ্ৰয় শিবিৰত থকা লোক সকলক দিনে – নিশাই চাউল, দাইল, মিঠাতেল, নিমখ, চয়াবিন , বিস্কুটকে ধৰি খাদ্য সামগ্ৰীৰ যোগান ধৰা হৈছে। এই কাৰ্যত মূখ্যমন্ত্ৰীৰ নিৰ্দেশত সহযোগিতা আগবঢ়াই আহিছে বিজেপি দলৰ জালুকবাৰী মণ্ডল সমিতিৰ সভাপতি তথা গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন ডেপুটী মেয়ৰ কমল দে, ৭ নম্বৰ ৱাৰ্ডৰ পাৰিষদ অজয় চক্ৰৱৰ্তী, ৮ নম্বৰ ৱাৰ্ডৰ পাৰিষদ সুধান্য মালাকাৰ , জালুকবাৰী থানাৰ কেন্দ্ৰীয় নাগৰিক কমিটিৰ সভাপতি দ্বিজেন লহকৰ , ভাৰতীয় জনতা যুৱ মৰ্চাৰ জালুকবাৰী মণ্ডল সমিতিৰ সভাপতি শ্যামল চক্ৰৱৰ্তী , সম্পাদক ৰক্তিম লহকৰকে ধৰি বিজেপিৰ স্থানীয় কাৰ্যকৰ্তা সকলে।

ইফালে গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পানী বিপদ সীমাৰ সামান্য তললৈ নমাত শুক্ৰবাৰে দুপৰীয়াৰ পৰা পাণ্ডুৰ বান পৰিস্থিতিৰ সামান্য উন্নতি হৈছে। যদি নতুনকৈ পুনৰ ধাৰাষাৰ বৰষুণ নহয় আৰু ব্ৰহ্মপুত্ৰৰ পানী আৰু অলপ কমি যায় তেন্তে কাইলৈ আশ্ৰয় শিবিৰত থকা লোকসকল নিজ গৃহলৈ ঘূৰি যাব পাৰিব বুলি আশা কৰা হৈছে। ইফালে আশ্ৰয় শিবিৰত নাথাকি বানৰ লগত সহাবস্থান কৰি নিজ ঘৰত থকা কেবাটাও পৰিয়ালক মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীৰ নেতৃত্বত বিজেপিৰ কাৰ্যকৰ্তা সকলে খাদ্য সামগ্ৰীৰ যোগান ধৰা বুলি জানিব পৰা গৈছে। কালি মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পাণ্ডুৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ সময়ত আশ্ৰয় শিবিৰত থকা কোনো লোকে যাতে খাদ্যৰ অভাৱত ভুগিবলগীয়া নহয় তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ প্ৰশাসনৰ বিষয়াবৰ্গৰ লগতে বিজেপিৰ কাৰ্যকৰ্তা সকলক নিৰ্দেশনা দিছে।

Related Articles