Breaking

ডবকাৰ চাংমাজি বজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত পাঁচখনকৈ ব্যাৱসায়ীক প্ৰতিষ্ঠান ভস্মিভূত

0 1,234

ডবকা, ১৪ ডিচেম্বৰ : হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত চাংমাজি বজাৰত যোৱা নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাত আতংকিত হৈ পৰে ৰাইজে । অগ্নিকাণ্ডৰ ফলত কেইবা লক্ষ্যাধিক টকাৰ সা-সম্পত্তি ভস্মিভূত হোৱাৰ লগতে জুইত জাঁহ যায় প্রায় পাঁচখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান। ‌অগ্নিনিৰ্বাপক বাহীনিক খবৰ দিয়াৰ পাছতো পলমকৈ উপস্থিত হোৱাত ব্যাৱসায়ীক প্ৰতিষ্ঠান কেইখন ভস্মিভূত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ।বহু পলমকৈ অগ্নিনির্বাপক বাহিনীৰ দলে স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ।অগ্নিকাণ্ডৰ কাৰণ বাতৰি লিখা পৰ্যন্ত জানিব পৰা হোৱা নাই। অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হোৱাৰ পিছত বিধায়কৰ সপোন দেখা ৰাজনৈতিক নেতা ক্ৰমে ৰেজাউল কৰিম চৌধুৰী, ইনামুল কৰিম চৌধুৰী (ৰাজা) দিলোৱাৰা বেগম চৌধুৰী আৰু ৰেহান উদ্দিনে দলে বলে গৈ পৰিস্থিতিৰ বুজ লোৱা পৰিলক্ষিত হয়। আজি বিয়লিৰ ভাগতো যমুনামুখ সমষ্টিৰ প্ৰাক্তন বিধায়ক আলহাজ চিৰাজ উদ্দিন আজমলে ঘটনা স্থলীত পৰিদৰ্শন কৰে বুলি জানিব পৰা গৈছে। ঘটনা সংক্ৰান্তত ডবকা আৰক্ষীয়ে আৰাম্ভ কৰিছে তদন্ত।

Leave A Reply

Your email address will not be published.