Breaking

পদুমনিত কাৰ হেমাহিত বিশুদ্ধ খোৱা পানীৰ সেৱনত বঞ্চিত তিনি শতাধিক পৰিয়াল…

0 25

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ আচঁনি ২৪ চনৰ ভিতৰত জনসাধাৰনক ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰা সপোনৰ আচঁনি জলজীৱন মিচনৰ জৰীয়তে জনস্বাস্ব্য কাৰিকৰী বিভাগে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জৰিয়তে সৰুপথাৰৰ প্ৰতিখন গাৱতে এই আচঁনিৰ কাম ক্ষিপ্ৰগতিত চলাই থকা হৈছে ৷ ইতিমধ্যে প্ৰায় সংখ্যক আচনিৰ কাম সম্পুৰ্ণ হোৱাত জনসাধাৰনে বিশুদ্ধ খোৱা পানী পাবলৈ সক্ষম হৈছে আৰু বহুতো আচঁনি কাম ক্ষিপ্ৰগতিত চলাই থকা হৈছে ৷ সৰুপথাৰতো বিধায়ক বিশ্বজিৎ ফুকনৰ তৎপৰতাৰ অন্যান্য উন্নয়নমুলক কামৰ লগতে জনস্বাস্হ্য কাৰিকৰী বিভাগৰ অধীনতো কেইবা শতাধিক জলজীৱন আচঁনি কাম ক্ষিপ্ৰগতিত চলাই থকা হৈছে যদিও সৰুপথাৰ সমষ্টিত বিধায়ক বিশ্বজিৎ ফুকনে যি উন্নয়নৰ ধাৰা অব্যাহত ৰাখিছে সেই উন্নয়নৰ ধাৰাত ব্যাঘাট জন্মাবলৈ কিছু সংখ্যক ঠিকাদাৰে উদেশ্যপ্ৰণোদিতভাৱে অভিসন্ধি কৰি বহুকেইটা আচঁনিৰ নিৰ্মান কাৰ্য যথেষ্ট লেহেনীয়া গতিত চলাই থকা পৰিলক্ষিত হৈছে ৷

সৰুপথাৰৰ পদুমনিত ইটাভাটা শিৱমন্দিৰ কাষতে জলজীৱন মিচন আচঁনিৰ অধীনত নিৰ্মান কৰি থকা এটা চাৰ্চ চুক আচঁনিটোৰ কাম যথেষ্ট লেহেমীয়া গতিত কৰা অভিযোগ কৰিছে স্হানীয় ৰাইজে ৷ ৰাইজে অভিযোগ কৰা মতে উক্ত অঞ্চলটোত প্ৰায় পাঁচশ ঘৰ লোকে বাস কৰে আৰু অঞ্চলটোত যোৱা কিছু বছৰৰ পৰা খোৱা পানীৰ বাবে যথেষ্ঠ কষ্ট কৰিব লগা হৈছে স্হানীয় ৰাইজে ৷ ইতিমধ্যে চৰকাৰে পদুমনি ইটাভাটা ৰাইজৰ বাবে কেইবা লাখ টকীয়া এটা খোৱা পানী যোগান আচঁনি স্হাপন কৰি বিনীত সাহা নামৰ এজন ঠিকাদাৰক অৰ্পন কৰিছে যদিও ঠিকাদাৰে আচঁনিটোৰ কাম লেহেমীয়া গতিত কৰা লগতে নিৰ্মান কাৰ্যত অতি নিম্ন মাণদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰিছে যাৰ ফলত আচঁনিটোৰ

পকী ৱাল ফাটি গৈছে ৷ দূৰ্ণীতিগ্ৰস্ত ঠিকাদাৰ জনে প্ৰথম অৱস্হাতে নিম্ন মানদণ্ডৰ বালি- চিমেন্টকে ধৰি অন্য সামগ্ৰী ব্যৱহাৰ যোগান ধৰাত কাম কৰা শ্ৰমিকে সকলেও কাম কৰিবলৈ অমান্তি হৈছিল বুলি জানিব পৰা গৈছে ৷ ঠিকাদাৰৰ এনে মইমতালিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্হাৰ লগতে স্হানীয় ৰাইজ ৷ ৰাইজে অতি সোনকালে ঠিকাদাৰক উক্ত আচঁনিটোৰ কাম সম্পূৰ্ণ কৰি ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ দাবী জনোৱাৰ লগতে ঠিকাদাৰে নিম্ন মানদণ্ডৰ কামৰ বিৰুদ্ধে জনস্বাস্হ্য কাৰীকৰি বিভাগক বিহিত ব্যৱস্হা গ্ৰহন কৰিবলৈ দাবী জনোৱাৰ লগতে স্হানীয় বিধায়ক বিশ্বজিৎ ফুকনক ব্যৱস্হা গ্ৰহন কৰিবলৈ দাবী জনাইছে ৷

হেমন্ত তামুলী সৰুপথাৰ

Leave A Reply