Breaking

কাপ ফুটবলত মৰ্ণিং এফ চি  পৰাস্ত

0 114

ধেমাজি জিলাৰ গোগামুখৰ অন্যতম ক্ৰীড়া সংগঠক ন-গাঁও যুৱক সংঘৰ উদ্যোগত গোগামুখ নগৰ হাইস্কুল খেলপথাৰত দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে   অনুষ্ঠিত হৈ থকা প্ৰয়াত কনকেশ্বৰ গগৈ আৰু ধনবৰ দত্ত সোঁঁৱৰণি প্ৰাইজমানি আৰু ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ 

আজি বিয়লি অনুষ্ঠিত হোৱা এখন খেলত  মৰ্ণিং এফ চিক গোগামুখ চৃঃচাং এফ চিয়ে  ০-২  গ’লৰ ব্যৱধানত পৰাস্ত  কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছে ৷ উত্তেজনাপূৰ্ণ  খেলখনত মৰ্ণিং এফ চিয়ে উভয় অৰ্ধতে অধিক সময় বল নিজৰ আয়ত্বত ৰাখিবলৈ সক্ষম হৈ যদিও মৰ্ণিং এফ চিক আজি ভাগ্যই লগ নিদিলে ৷

মৰ্ণিং এফ চিয়ে লোৱা বহুকেইটা শ্বট গ’লভাৰত লাগি ঘুৰি অহাৰ বিপৰীতে বহুকেইটা বিপজ্জনক শ্বট চৃঃচাং এফ চিৰ গলকীপাৰে প্ৰতিহত কৰে ৷  আজিৰ খেলখন পৰিচালনা কৰে মণিৰাম পেগু ভূবন পেগু আৰু মহানন্দ মিলিয়ে ৷ চতুৰ্থ পৰিচালক হিচাপে থাকে গৌৰৱজ্যোতি দলেয়ে ৷

মেচ কমিছনাৰ হিচাপে থাকে বিমল স্বৰ্গীয়াৰীয়ে ৷ স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতাৰ আয়োজক সমিতিৰ সভাপতি কল্যাণ গগৈ আৰু সম্পাদক সদানন্দ দাসে জনোৱা মতে কাইলৈ প্ৰতিযোগিতাখনৰ খেল বন্ধ থাকিব আৰু ১১ আগষ্টত চৃঃচাং এফ চি আৰু গা-ডাঙৰ চুক এফ চিৰ মাজত প্ৰথমখন ছেমি ফাইনেল অনুষ্ঠিত হ’ব ৷

Leave A Reply

Your email address will not be published.