Breaking

অত্যাধিক কামৰ হেঁচাৰ বাবে খঙাল হৈ পৰে অধিকাংশ ভাৰতীয় কৰ্মচাৰী ! প্ৰায় ৬২ শতাংশ ভাৰতীয় কৰ্মচাৰী খঙাল স্বভাৱৰ…

0 53

অত্যধিক কামৰ হেঁচাৰ বাবে খঙাল হৈ পৰে অধিকাংশ ভাৰতীয় কৰ্মচাৰী। প্ৰায় ৬২ শতাংশ ভাৰতীয় কৰ্মচাৰী হৈ পৰে অত্যধিক খঙাল স্বভাৱৰ। এই পৰিসংখ্যা বিশ্বৰ গড় হিচাপতকৈ ৩ গুণ অধিক । চিকিৎসা বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে খং নামৰ অনুভূতিটোৰ উৎপত্তিৰ স্থান হৈছে মগজুৰ এমিগডালা নামৰ ঠাইডোখৰ। এক ছেকেণ্ডৰ ভগ্নাংশৰ ভিতৰতে খং উঠিলে ইয়াৰ পৰা নিঃসৰিত হোৱা ৰাসায়নিক দ্ৰব্যবোৰ হৈছে আৰ্জাই নিন-ভেছ’প্ৰেছিন, ড’পামিন, ক’ৰ্টিকো-ট্ৰ’পিন নিঃসৰণকাৰী দ্ৰব্যসমূহ, ন’ৰএডৰেনেলিন আৰু লগতে ছেৰ’টনিনৰ মাত্ৰা বাঢ়ে। এনেবোৰ ৰাসায়নিক দ্ৰব্যৰ মাত্ৰা বৃদ্ধিৰ হেতুকে শৰীৰে এক যুদ্ধং দেহি কিম্বা পলায়নৰ মানসিকতা গ্ৰহণ কৰে। কলিজাৰ কম্পনৰ নিৰিখ খৰ হয়, চকুৰ মণি বেছি ডাঙৰ হয়, ৰক্তচাপ বাঢ়ি যায় আৰু বেছিকৈ ঘাম ওলাবলৈ ধৰে। তাৎক্ষণিকভাৱে মগজুৰ সন্মুখৰ অংশটিলৈ তেজৰ সৰবৰাহ বাঢ়ি যায়। ছেৰ’টনিনৰ দৰে অন্যান্য ৰাসায়নিক দ্ৰব্যৰ নিঃসৰণতো ইয়াৰ এক ভূমিকা আছে। এইবোৰৰ মাত্ৰাধিক্যৰ বাবে যুক্তিযুক্ততাৰ ওভটনি যাত্ৰা ঘটে আৰু এনেদৰে লাহে লাহে ক্ৰোধৰ অৱসান ঘটে। অত্যধিক ক্ৰোধে সমগ্ৰ শৰীৰ সত্ত্বা আগুৰি ধৰিলে সেই স্থান আৰু পৰিৱেশ ত্যাগ কৰাই বাঞ্ছনীয় আৰু বিকল্প উপায়ৰূপে মৌখিক অথবা শাৰীৰিকভাৱে দ্বন্দ্বযুদ্ধত অৱতীৰ্ণ হ’ব লাগিব। দেহাত ছেৰ’টনিনৰ মাত্ৰা তাকৰীয়া হ’লে যুক্তিবিহীনভাৱে খং উঠে আৰু আগ্ৰাসনমূলক আচৰণ ব্যক্তিগৰাকীয়ে প্ৰদৰ্শন কৰিব পাৰে।

খঙৰ অপকাৰিতা-

শৰীৰ আৰু মনত ক্ৰোধৰ দাবানল জ্বলি উঠাৰ সময়ত ব্যক্তিগৰাকীয়ে ইয়াৰ অগনি অনুভৱ কৰিব পাৰে। এই অনুভূতিটোৰ বহিঃপ্ৰকাশ তেওঁ ঘটাব পাৰে বা অৱদমিত কৰিব পাৰে আৰু নিজকে শান্ত কৰিব পাৰে। বয়োজ্যেষ্ঠ বা ক্ষমতাত অধিষ্ঠিত কোনো ব্যক্তিৰ প্ৰতি খঙৰ ভাব প্ৰদৰ্শনে ব্যক্তিগৰাকীৰ ভৱিষ্যৎ জীৱনত বিৰূপ প্ৰভাৱ পেলায়। আনহাতে দীঘলীয়া সময়ৰ বাবে অৱদমিত কৰি ৰখা খঙেও ব্যক্তিগৰাকীৰ দেহত ঋণাত্মক প্ৰভাৱ পেলায়, ৰক্তচাপ বাঢ়ে। তদুপৰি এই অনুভূতিৰ হেতুকে ষ্ট্ৰোক হৈ হাত-ভৰি অসাৰ হ’ব পাৰে আৰু অত্যধিক বুকুৰ বিষ হৈ হাৰ্ট এটেক হ’ব পাৰে। খং প্ৰশমিত কৰিবলৈ বহুতে বেছিকৈ খোৱা-বোৱা কৰে আৰু ইয়াৰ ফলত মেদবহুলতাত আক্ৰান্ত হোৱাৰ উপৰি হতাশাতো ভুগিব পাৰে।

খং কমাবৰ বাবে উপায়

যুক্তিৰ সহায়ত কেতিয়াবা খঙক পৰাভূত কৰিব পাৰি। ঘটনাৰ ক্ৰমবোৰ যুক্তিপূৰ্ণভাৱে বিশ্লেষণ কৰিলে মানসিক বোজা ভালেখিনি পাতল হয়। খঙাল প্ৰকৃতিৰ মাত্ৰা কমাবলৈ খং উঠি থকা মানুহজনে যাৰ ওপৰত খং উঠিছে তেওঁৰ বক্তব্য শুনাৰ অভ্যাস কৰাৰ উপৰি নিয়মীয়াকৈ খোজ কঢ়াৰ অভ্যাস কৰিব লাগিব।

একোজন ব্যক্তিৰ দৈহিক আৰু মানসিক গাঁথনিৰ ওপৰত এনেবোৰ ব্যায়াম নিয়মীয়াভাৱে ৪০ মিনিটকৈ কৰিলে যোগাত্মক প্ৰভাৱ পৰে- চাইকেল চালনা, খোজকঢ়া, দৌৰা, সাঁতোৰা আৰু জগিং কৰা। এনেধৰণৰ ব্যায়াম কৰা হেতুকে মাংসপেশীৰ পৰা নিঃসৰিত দ্ৰব্যই ছেৰ’টনিনৰ মাত্ৰা বঢ়ায়। অৱশ্যে এষাৰ কথা অনস্বীকাৰ্য যে নিতৌ ব্যায়াম কৰা মানুহবোৰৰো খং নুঠাকৈ নাথাকে। পিছে দেহৰ পৰা নিঃসৰিত হোৱা দ্ৰব্যবোৰ হিংস্ৰ আচৰণত লিপ্ত হোৱাত বাধা দিয়ে।

নিজেই কণমানি শিশুবোৰে কেতিয়াবা অস্বাভাৱিক আচৰণ কৰে। আনকি ইহঁতে কামুৰিবও পাৰে। সিহঁতক বুজি পাবলৈ প্ৰাপ্তবয়স্কসকলে দেখুওৱা অসামৰ্থতাৰ বাবেই এনে হয়। বয়সৰ অগ্ৰগতিৰ লগে লগে মগজুটি পৈণত হোৱাৰ সময়ত ফ্ৰণ্টেল ল’বটিৰ কাম-কাজ সক্ৰিয় হয় আৰু ফলত অবাঞ্ছনীয় কাম-কাজবোৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। অৱশ্যে যদিহে এই মগজুৰ ফ্ৰণ্টেল আৰু টেম্প’ৰেল ল’ব নামৰ অংশকেইটাৰ কিবা শৰীৰতাত্ত্বিক বিজুতি ঘটিলে প্ৰাপ্তবয়স্ক অৱস্থাটো মানুহ এজনে অস্বাভাৱিক ধৰণৰ হিংস্ৰ আচৰণ কৰিব পাৰে। ই-ই জি বা এম আৰ আই স্কেন কৰি এনেধৰণৰ অস্বাভাৱিকতা ধৰা পেলাব পাৰি।

Leave A Reply

Your email address will not be published.