Breaking

এন এম ই অ’- অ’ পি আঁচনিৰ অধীনত অসম, মণিপুৰ আৰু ত্ৰিপুৰা চৰকাৰৰ সৈতে গডৰেজ এগ্ৰ’ভেটৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ

0 67

ভাৰতৰ অন্য্যতম বিচিত্ৰ কৃষি বাণিজ্য প্ৰতিষ্ঠান গডৰেজ এগ্ৰ’ভেটে অসম, মণিপুৰ আু ত্ৰিপুৰা চৰকাৰৰ সৈতে তিনিখন বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ বিষয়ে ঘোষণা কৰিছে৷ ভক্ষণযোগ্য তৈল- খেজুৰ তেল (এন এম ই অ’- অ’ পি) আঁচনিৰ অধীনত এই অঞ্চলটোত খেজুৰ তেলৰ খেতিৰ উন্নয়ন তথা প্ৰচাৰৰ বাবে এই চুক্তি সম্পাদন কৰা হৈছে৷
গডৰেজ এগ্ৰভেট হৈছে খেজুৰ তেলৰ খেতিৰ বৃহত্তম প্ৰতিষ্ঠান তথা ই খেতিৰ সমগ্ৰ কালছোৱাত কৃষকৰ সৈতে প্ৰত্যক্ষভাৱে সম্পৰ্ক ৰক্ষা কৰে৷ খেজুৰ তেলৰ খেতিৰ বহনশীল বিকাশ তথা কৃষকৰ উপাৰ্জন দুগুণ কৰি ভাৰতৰ তৈল মিছনত অগ্ৰণী ভূমিকা পালনৰ বাবে গডৰেজ এগ্ৰ’ভেটৰ দীৰ্ঘম্যাদী নীতিৰ ভিত্তিত এই চুক্তি স্বাক্ষৰ কৰা হৈছে৷
২০২১ চনৰ আগষ্টত ভাৰত চৰকাৰে ভক্ষণযোগ্য তেল- খেজুৰ তেল (এন এম ই অ’- অ’ পি)ৰ বাবে পৰিকল্পিত কৌশলসহ ১১,০৪০ কোটি টকা মুকলি কৰিছিল৷ এই আঁচনিৰ অধীনত চৰকাৰে ২০২৫-২৬ চনৰ ভিতৰত ১০ লাখ হেক্টৰ মাটি আৰু ২০২৯-৩০ চনৰ ভিতৰত ১৬.৭ লাখ হেক্টৰ মাটিত খেজুৰ তেলৰ খেতি কৰাৰ পৰিকল্পনা কৰিছিল৷ এই প্ৰসংগত উত্তৰ-পূব আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জক বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে৷
বুজাবুজিৰ চুক্তিৰ অংশ হিচাপে এই এলেকাৰ তিনিও ৰাজ্যত বহনশীল খেজুৰ তেলৰ খেতিৰ উন্নয়ন তথা প্ৰচাৰৰ বাবে গডৰেজ এগ্ৰ’ভেটক ভূমি প্ৰদান কৰা হ’ব৷ এই সহযোগিতাই তিনিও ৰাজ্যত খেজুৰ তেলৰ বৃদ্ধি তথা নতুন সুযোগ সৃষ্টিত সহায় কৰিব৷ লগতে প্ৰতিষ্ঠানটোৱে কৃষকক সহযোগিতাও প্ৰদান কৰিব৷

গডৰেজ এগ্ৰ’ভেট লিমিটেডৰ পৰিচালন সঞ্চালক বলৰাম সিং যাদৱে কয়- “খেজুৰ তেলৰ ব্যৱসায়ত ত্ৰিশবছৰৰো অধিক কালৰ অভিজ্ঞতাৰে গডৰেজ এগ্ৰ’ভেটে উত্তৰ-পবৰ কৃষকসকলক বহন—শীল খেজুৰ তেলৰ উৎপাদন তথা খেতিৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰি আহিছে৷ বৰ্তমান আমি দেশৰ ৬৫ হাজাৰ হেক্টৰ ভূমিত খেজুৰ তেলৰ খেতি কৰিছোঁ৷ আমি অহা কিছুবছৰৰ ভিতৰত এই পৰিমাণ ১ লাখ হেক্টৰলৈ বৃদ্ধিৰ আঁচনি গ্ৰহণ কৰিছোঁ৷ আমি নিশ্চিত যে তেল- খেজুৰ তেল (এন এম ই অ’- অ’ পি)ৰ অধীনত গডৰেজ এগ্ৰ’ভেটৰ দৰে দায়য়িত্বশসীল প্ৰতিষ্ঠানৰ অংশগ্ৰহণৰ জৰিয়তে আমি ভাৰতৰ খেজুৰ তেল উৎপাদনত থকা ব্যৱধান দূৰ কৰিবলৈ সক্ষম হ’ম৷”

গডৰেজ এগ্ৰ’ভেটৰ খেজুৰ তেলৰ চি ই অ’ সৌগতা নিয়োগীয়ে কয়- “বিগত প্ৰায় এটা দশকজুৰি আমি উত্তৰ-পূবক খেজুৰ তেলৰ বিকশিত বজাৰ কৰি তুলিবলৈ খেজুৰ তেলৰ খেতিৰ বৃদ্ধিৰ প্ৰচেষ্টা বাহাল ৰাখিছোঁ৷ বৰ্তমানৰ ঔদ্যোগিক অনুমান অনুসৰি এই ৰাজ্যসমূহে সম্ভাৱনাৰ ১ শতাংশতকৈ কম উপকৰণহে ব্যৱহাৰ কৰে৷ এই ৰাজ্যসমূহৰ নিৰ্দিষ্ট খেতিৰ বাবে বিকাশ তথা উচ্চ উপাৰ্জনৰ সম্ভাৱনা আছে৷ আমাৰ মিজোৰামত থকা প্ৰকল্পৰ জৰিয়তে আমি উত্তৰ-পূবৰ বজাৰক বহনশীলভাৱে সেৱা প্ৰদানৰ চেষ্টা চলাইছোঁ৷ অসম, ত্ৰিপুৰা আৰু মণিপুৰৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি বহনশীল তেলৰ চাহিদাৰ দিশত প্ৰয়োজন পূৰণ কৰিবলৈ সক্ষম হ’ম বুলি আমি বিশ্বাসী৷ কিয়নো এইসমূহ ৰাজ্যই দেশৰ বহনশীল খেজুৰ তেলৰ দিশত গুৰুত্বপূৰ্ণ বৰঙনি প্ৰদান কৰিব৷ ৰাজ্য চৰকাৰৰ সক্ৰিয় সহযোগৰ সৈতে আমি পূৰ্বোত্তৰ প্ৰদেশসমূহত অনাগত সময়ত ১৫ হাজাৰ হেক্টৰ ভূমিত খেজুৰ তেলৰ খেতি কৰিবলৈ সক্ষম হ’ম৷”

ভাৰত হৈছে খেজুৰ তেলৰ সম্পূৰ্ণ আমদানিকাৰী দেশ৷ কম পৰিমাণৰ ঘৰুৱা উৎপাদনে উদ্যোগ তথা সংযুক্ত খণ্ডৰ লগতে দেশৰ অৰ্থনীতিতো চাপৰ সৃষ্টি কৰিছে৷ অভ্যন্তৰীণ কৃষিপদ্ধতি তথা বিজ্ঞানভিত্তিক খেতিৰ প্ৰণালীৰ জৰিয়তে ভাৰতে বহনশীল কৃষিপ্ৰণালী অনুসৰণ কৰে৷ ভাৰতৰ অধিকাংশ খেজুৰ তেলৰ খেতি ধাননিত কৰা হৈছে, যাতে খেতিৰ ৰাহি লাভ আদায় কৰিব পৰা যায়৷

গডৰেজ এগ্ৰ’ভেটৰ খেজুৰ তেলৰ খেতি বৰ্তমান অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, তামিলনাডু, ওড়িষা, গোৱা, মহাৰাষ্ট্ৰ আৰু মিজোৰামত চলি আছে৷ কেঁচা খেজুৰ তেলৰ লগতে কেঁচা খেজুৰ কাৰ্নেল তেল আৰু খেজুৰ কাৰ্নেল কেকো দেশৰ ভিন্ন স্থানত থকা ৬টা খেজুৰ তেল উদোগাত প্ৰস্তুত কৰা হয়৷

Leave A Reply

Your email address will not be published.