Breaking

কামৰূপত শোক দিৱস পালন…

0 1,572

২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ বোমা বিস্ফোৰণত যিসকল নিৰীহ কণ কণ শিশু আৰু নাগৰিকে দুর্ভাগ্যজনকভাৱে প্ৰাণ আহুতি দিলে তেওঁলোকক স্মৰণ কৰি আজি কামৰূপ জিলাতো শোক দিৱস পালন কৰা হয় ।

এই উপলক্ষে আমিনগাঁওস্থিত সংহত উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত আয়োজিত শোক দিৱসৰ কাৰ্যসূচীত অতিৰিক্ত উপায়ুক্ত সিদ্ধাৰ্থ গোস্বামীয়ে উপায়ুক্ত কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে অন্যান্য বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া-কৰ্মচাৰীসকলৰ উপস্থিতিত সন্ত্ৰাসবাদ আৰু হিংসাৰ বিৰোধিতা কৰি শান্তি, সামাজিক শৃংখলা আৰু সকলো লোকৰ মাজত বুজাপৰা বৃদ্ধিৰ হকে কাম কৰিবলৈ সংকল্পবদ্ধ হোৱাৰ লগতে অশুভ শক্তিসমূহৰ বিৰুদ্ধে যুঁজ দি যোৱাৰ শপতবাক্য পাঠ কৰোৱায় । কাৰ্যসূচীৰ অংশৰূপে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ উপৰি উপস্থিত সকলোৱে কলা বেজ পৰিধান কৰে।

Leave A Reply

Your email address will not be published.