Breaking

শোকস্তব্ধ ৰৌতা : অনিমেষৰ স্মৃতিত বন্তি প্ৰজ্বলন

0 2,302

যোৰহাট  চহৰৰ মাজমজিয়াত ২৯ নৱেম্বৰৰ দিনা দিন – দূপৰীয়া এদল নৰপিশাচে  তিনিগৰাকীকৈ নিৰ্দোষী লোকৰ ওপৰত নিৰ্বিচাৰে আক্ৰমণ চলাই গোলাঘাটৰ ছাত্ৰ নেতা অনিমেষ ভূঞাক হত্যা কৰা জঘন্য ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে ৰৌতা অঞ্চলটোত থকা সকলো দল সংগঠনে । এই নিৰ্লজ্য নৰপিশাচৰ জঘন্য ঘটনাটোৰ বাবে তেওঁ বৃহত্তৰ ৰৌতা অঞ্চলটোৰ সকলো সন্থা, সংগঠন আৰু বিশিষ্ট ব্যক্তিসকলে শোকস্তব্ধ হৈ পৰাত ১ ডিচেম্বৰৰ সন্ধিয়া ৫ বজাত ৰৌতা চাৰিআলিৰ মাজমজিয়াত অৱস্থিত শ্বহীদ বেদীৰ প্ৰাংগণত এখন শোক পালনৰ সভা অনুষ্ঠিত হৈ যায় । ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দীপজ্যোতি নাথ আৰু সাধাৰণ সম্পাদক অভিলাষ দাসৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই সভাত ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলৰ উপৰিও ৰৌতা আঞ্চলিক জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ , ৰৌতা আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ , ৰৌতা আঞ্চলিক বড়ো ছাত্ৰ সন্থা, ৰৌতা আঞ্চলিক কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা আদিকে ধৰি সকলো দল সংগঠনৰ বিষয়ববীয়া সকলে উপস্থিত থাকি অনিমেষ ভূঞাৰ আত্মাৰ সদগতি কামনা কৰি বন্তি প্ৰজ্বলন কৰে । তদুপৰি সভাত উপস্থিত থকা সকলো ৰাইজে একেমুখে দোষীসকলক অতিশীঘ্ৰে কঠোৰৰো কঠোৰ শাস্তি বিহিবলৈ যাতে চৰকাৰে অৱহেলা নকৰে ,তাৰ কাৰণেও তেওঁলোকে দাবী জনায় পৰিয়ালটোক গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে নিহত আৰু আহতক  ক্ষতিপূৰণ দিবলৈও দাবী জনায় ।

Leave A Reply

Your email address will not be published.