Breaking

সংসদৰ মজিয়াত সাংসদ বীৰেন বৈশ্যঃ বানপানী সমস্যাৰ স্থায়ী সমাধানকে ধৰি চাহ উদ্যোগলৈ অহা প্ৰত্যাহ্বান ৰোধৰ আহ্বান…

0 23

বুধবাৰে ৰাজ্য সভাত অসম গণ পৰিষদ দলৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে উত্থাপন কৰা কেন্দ্ৰীয় বাজেটক এখন উন্নয়নমুখি আৰু বাস্তৱধৰ্মী বাজেট বুলি উল্লেখ কৰি বাজেটখনৰ জৰিয়তে দেশ আইমাতৃ আৰু বাই-ভনী সকলক মৰ্যদা সহকাৰে জীৱন নিৰ্বাহৰ বাট মুকলি কৰি দিলে বুলি মতপোষণ কৰে। বাজেটখনে কৃষি, শিক্ষা আদিৰ লগতে দেশৰ অৰ্থনৈতিক কাঠামো শক্তিশালীকৰণৰ এক স্পষ্ট ইংগিত দাঙি ধৰাৰ লগতে নিবনুৱা যুৱক-যুৱতীসকলক সংস্থাপনমুখি কৰা বাট মুকলি কৰিলে বুলি মতপোষণ কৰে।

সাংসদ বৈশ্যই অসমৰ শেহতীয়া জটিল বান পৰিস্থিতিৰ কথা উল্লেখ কৰি বানৰ ফলত ৰাজ্যখনে ব্যাপক ক্ষতিগ্ৰস্ত হোৱা বুলি দাঙি ধৰি বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে চীনকে ধৰি চুবুৰীয়া ৰাষ্ট্ৰৰ লগত আলোচনাৰ মাধ্যমেৰে সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। বৈশ্যই লগতে অসমৰ ঐতিহ্যশালী চাহ উদ্যোগলৈ অহা প্ৰত্যাহ্বানৰ কথা আঙুলিয়াই দি গুৰুত্বপূৰ্ণ এই উদ্যোগটোক আগবঢ়াই নিয়াত কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা বিচাৰে। বৈশ্যই ৰাজ্যখনৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে সন্মুখিন হোৱা সমস্যাৰ কথাও সংসদত দাঙি ধৰি ক্ষুদ্ৰ চাহ খেতিয়কসকল ৰাজ্যখনৰ অৰ্থনীতিৰ অন্যতম মেৰুদণ্ড বুলি উল্লেখ কৰি কেন্দ্ৰীয় চৰকাৰক সকলো ধৰণৰ সহযোগিতাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

Leave A Reply

Your email address will not be published.