Breaking

মংগলদৈ সমষ্টিত অসম আদৰ্শ গ্ৰাম যোজনাৰ ৫০ লাখ টকা আঁচনিৰ শুভ উদ্বোধন সাংসদ দিলীপ শইকীয়াৰ ৷

0 140

দৰঙৰ পৰা জয়দেৱ ডেকা 

দৰঙত ” অসম আদৰ্শ  গ্ৰাম যোজনা ” ৰ অধিনত ৫০ লাখ টকাৰ কেইবাটাও আঁচনিৰ শুভ উদ্বোধন কৰে মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই ৷ মংগলদৈ বিধানসভা সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত এক বিপ্লৱৰ সূচনা কৰি অতি সক্ৰিয়তাৰে সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰা গুৰুজ্যোতি দাসে উন্নয়নৰ ধাৰা অব্যাহত ৰাখিছে সমষ্টিৰ প্ৰতিটো পঞ্চায়তত ৷ অসম চৰকাৰে প্ৰতিটো সমষ্টিত দুখনকৈ আদৰ্শ  গাঁও হিচাৱে নিৰ্মাণ কৰাৰ যি পৰিকল্পনা গ্ৰহন কৰিছে তাৰ অংশ হিচাৱে বিধায়ক গুৰুজ্যোতি দাসে ডাঁহী পঞ্চায়তৰ  অন্তৰ্গত বৰসত্ৰ গাঁও নিৰ্বাচন কৰিছে ৷ অসম গ্ৰাম যোজনা ২০১৮-১৯ বৰ্ষৰ অধিনত বৰসত্ৰ গাঁও আদৰ্শ গাঁও হিচাৱে প্ৰতিস্থা কৰিবলৈ বিধায়ক গুৰুজ্যোতি দাসে সাংসদ দিলীপ শইকীয়াৰ উপস্থিতিত ৫০ লাখ টকাৰ আঁচনি শুভ উদ্বোধন কৰে ৷ আঁচনি সমুহত আছে দক্ষিণ বৰসত্ৰ প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণী কোঠা নিৰ্মাণ , সামুহিক পানী যোগান আঁচনি , দীঘিৰপাৰ বিষ্ণু মন্দিৰৰ খোৱা পানী যোগান আঁচনি , দীঘিৰপাৰ হৰি মন্দিৰৰ সভাগৃহ নিৰ্মাণ , দক্ষিণ বৰসত্ৰ সামুহিক কেন্দ্ৰৰ খোৱাপানী আঁচনি , দীঘিৰপাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণী কোঠা নিৰ্মাণ   ৷ আনহাতে বৰসত্ৰ গাঁওখন পোহৰাই ৰাখিবলৈ ১০ লাখ টকা ব্যয়ৰে প্ৰায় ৩৫ টা চলাৰ  ষ্টিত লাইট স্থাপন কৰাৰ উপৰিও এম পি কে পথত ৯ লাখ টকাৰে বৰসত্ৰ গাঁওত নিৰ্মাণ কৰিব “বৰসত্ৰ আদৰ্শ গাঁও তোৰণ ৷ আঁচনিখন ৰূপায়ণৰ ফলত অঞ্চলবাসী ৰাইজৰ বহুদিনীয়া সপোন বাস্তৱত ৰূপায়িত হৱ বুলি আশা কৰে সাংসদ দিলীপ শইকীয়া আৰু বিধায়ক গুৰুজ্যোতি দাসে ৷ আঁচনি সমুহৰ শুভ উদ্বোধনী অনুস্থানটিৰ আঁত ধৰে পশ্চিম মংগলদৈ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক তথা বৰসত্ৰ আদৰ্শ  গাঁও উন্নয়ণ সমিতিৰ মুখ্য সম্পাদক বিতোপন ডেকাই ৷

Leave A Reply

Your email address will not be published.