প্ৰত্যাহ্বানৰ সন্মুখীন সাংসদ কংগনা ৰাণাৱট! হিমাচল উচ্চ ন্যায়ালয়ৰ জাননী জাৰি সাংসদগৰাকীলৈ…

প্ৰত্যাহ্বানৰ সন্মুখীন সাংসদ কংগনা ৰাণাৱট! হিমাচল উচ্চ ন্যায়ালয়ৰ জাননী জাৰি সাংসদগৰাকীলৈ। ২১ আগষ্টৰ ভিতৰত জাননীৰ সঁহাৰি জনোৱাৰ নিৰ্দেশ ন্যায়ালয়ৰ।

মাণ্ডী সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা কিন্নৌৰৰ এগৰাকী প্ৰাৰ্থীৰ আৱেদনৰ ভিত্তিত জাননী জাৰি। প্ৰাৰ্থীগৰাকীৰ মনোনয়ন ভুল কাৰণত নাকচ কৰাৰ অভিযোগ।

হিমাচল প্ৰদেশৰ মাণ্ডী লোকসভা আসনত বিজেপি প্ৰাৰ্থী অভিনেত্ৰী কংগনা ৰানাৱতৰ বিজয়ক প্ৰত্যাহ্বান জনাই হিমাচল প্ৰদেশৰ উচ্চ ন্যায়ালয়ত এক গোচৰ ৰুজু কৰা হৈছে। এই আৱেদনৰ পিছতে বুধবাৰে হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ে কংগনাক জাননী জাৰি কৰে।আবেদনকাৰী লায়ক্ৰম নেগীয়ে আদালতত কয় যে তেওঁ মাণ্ডী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছে। কিন্তু ৰিটাৰ্ণিং অফিচাৰে তেওঁৰ মনোনয়ন অবৈধ বুলি ঘোষণা কৰে। এনে পৰিস্থিতিত তেওঁ মাণ্ডী লোকসভা সমষ্টিৰ সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া বাতিল কৰিবলৈ দাবী জনায়।

Related Articles