এন এইচ এম কৰ্মচাৰীৰ দুৰ্দশা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিলে সাংসদ সুস্মিতা দেৱে । NHM

দৈনন্দিন বাৰ্তাৰ সেৱা , মঙলদৈ বিশেষ সেৱা ,২৬ মাৰ্চ :NHM । ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনিৰ ‘নিঃক্ষয় পোষণ যোজনা’ত উল্লেখনীয় সাফল্য লাভ কৰাৰ বাবে অসমে বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে, ৰাষ্ট্ৰীয় স্বাস্থ্য মিচন, অসমৰ পৰিচালন সঞ্চালক (এম ডি) ডাঃ লক্ষ্মনন এচে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী জে পি নাড্ডাৰ হাতৰ পৰা মঙ্গলবাৰে নতুন দিল্লীত অনুষ্ঠিত বিশ্ব যক্ষ্মা দিৱসত এই বঁটা গ্ৰহণ কৰে। এই বঁটা লাভ কৰাত অসমৰ যক্ষ্মা বিভাগৰ পাঁচ শতাধিক ঠিকাভিত্তিক কৰ্মচাৰী স্বাভাৱিকতে আনন্দিত হৈ পৰিছে।

ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনি, অসমৰ ঠিকাভিত্তিক কৰ্মচাৰী সন্থাৰ সভাপতি গণেশ দত্ত, কাৰ্যকৰী সভাপতি ৰঞ্জিত কুমাৰ বৰুৱা আৰু সাধাৰণ সম্পাদক ৰিয়াজ উদ্দিনে বুধবাৰে প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা মতে, বিগত ২৭ বছৰে যক্ষ্মা দূৰীকৰণ কামত নিয়োজিত ৰাজ্যখনৰ পাঁচ শতাধিক ঠিকাভিত্তিক কৰ্মচাৰীয়ে দিন ৰাতি একাকাৰ কৰি এইদৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও বঁটা অসমলৈ কঢ়িয়াই অনাত বিশেষ ভূমিকা লৈ আহিছে যদিও এই কৰ্মচাৰী সকলৰ ভৱিষ্যৎ জীৱন সুৰক্ষিত কৰাৰ বাবে বৰ্তমানৰ চৰকাৰে কোনো ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা নাই, যিটো সঁচাই দুৰ্ভাগ্যজনক। দৰমহা বৃদ্ধিকে ধৰি কেইবাটাও মৌলিক সমস্যা সমাধানৰ দাবী সন্থাই উত্থাপন কৰি আহিছে যদিও এই ক্ষেত্ৰত চৰকাৰে কোনো গুৰুত্ব আৰোপ নকৰাত ক্ষোভ প্ৰকাশ কৰি সন্থাই কয়- ‘আমি কৰ্মৰে অসমক যিদৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলাই তুলিছো; সেইদৰে সাফল্যৰ ধাৰা অৱনমিত কৰিবলৈ আমাৰ বেছি দিন নালাগিব। গতিকে আমাৰ সমস্যাক লৈ অচিৰেই বিভাগীয় মন্ত্ৰী, আমোলা – বিষয়া আৰু সন্থাৰ নেতৃত্বৰ মাজত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰি সমাধানৰ পদক্ষেপ গ্ৰহণ কৰক।’ উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বান মৰ্মে সমগ্ৰ ভাৰতত যোৱা ৭ ডিচেম্বৰ পৰা ১৭ মাৰ্চলৈ ১০০ দিনীয়া যক্ষ্মামুক্ত কেম্পেইন অনুষ্ঠিত হৈছিল আৰু এই কেম্পেইনত কেইবাটাও বিন্দুত অসমে দক্ষতাৰে সাফল্য লাভ কৰিছে। ইপিনে যোৱা ১৯ মাৰ্চত সাংসদ সুস্মিতা দেৱে অসমত ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীৰ দুখ দুৰ্গতিৰ বিষয়ে সদনত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাক লিখিতভাৱে অৱগত কৰি কৰ্মচাৰী সকলৰ সমস্যা সমাধান কৰিবলৈ আহ্বান জনোৱা কাৰ্যক আদৰণি জনাইছে ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনি, অসমৰ ঠিকাভিত্তিক কৰ্মচাৰী সন্থাই। মণিপুৰ, মহাৰাষ্ট্ৰ, চিকিমকে ধৰি কেইবাখনো ৰাজ্যত এন এইচ এমৰ কৰ্মচাৰী সকলৰ চাকৰি সংশ্লিষ্ট ৰাজ্য চৰকাৰে নিয়মীয়া কৰিছে যদিও অসম চৰকাৰে চাকৰি নিয়মীয়া কৰা দূৰৈৰে কথা, আনকি আৰ অ’ পি মতেই দৰমহা প্ৰদান কৰা নাই। ইপিনে দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰৰ সদ্দিচ্ছা অভাৱ বুলি অভিযোগ কৰি সন্থাই কয়- ‘সপ্তম দৰমহা আয়োগৰ হাৰত এন এইচ এম কৰ্মচাৰীক দৰমহা প্ৰদান এইখন চৰকাৰৰ আছিল এক ভুৱা প্ৰতিশ্ৰুতি।’ ইপিনে অসম বিধান সভাৰ অধিবেশনত বিধায়ক দিগন্ত বর্মনে দাখিল কৰা এক লিখিত প্রশ্নৰ স্বাস্থ্যমন্ত্ৰীয়ে দিয়া উত্তৰতেই চৰকাৰৰ সদিচ্ছাৰ অভাৱ পৰিস্ফুট হৈছে বুলি সন্থাই মতপোষণ কৰিছে। বিধায়ক দিগন্ত বৰ্মণে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত অসমত কৰ্মৰত ঠিকা ভিত্তিক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়া নোহোৱা পৰ্য্যন্ত সপ্তম দৰমহা আয়োগৰ দ্বাৰা নিৰ্ধাৰিত হাৰত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ স্থায়ী কৰ্মচাৰী সকলৰ সমহাৰত দৰমহা দিয়াৰ ব্যৱস্থা কৰিবনে বুলি সোধা লিখিত প্ৰশ্নৰ উত্তৰত বিভাগীয় মন্ত্ৰীয়ে কয়- ‘ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত অসমত কৰ্মৰত ঠিকা ভিত্তিক কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়া নোহোৱা পৰ্য্যন্ত সপ্তম দৰমহা আয়োগৰ দ্বাৰা নিৰ্ধাৰিত হাৰত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ স্থায়ী কৰ্মচাৰী সকলৰ সমাহাৰত দৰমহা দিয়া সম্পৰ্কত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কৰ্মচাৰী সন্থাৰ অনুৰোধ মর্মে ৰাজ্য চৰকাৰৰ অধিসূচনা নং 463076/19 dtd 09/04/2024 ৰ জৰিয়তে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কৰ্মচাৰীসকলৰ সমতুল্য দৰমহা গাথনিত সম্ভাৱনীয়তা নিৰীক্ষণ কৰিবলৈ কমিটি গঠন কৰিছে আৰু ১৬.০৯.২০২৪ তাৰিখে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মুখ্য কাৰ্যালয়ত প্রথমখন বৈঠক অনুষ্ঠিত হৈছে।’ অৰ্থাৎ যিসময়ত এন এইচ এম ঠিকাভিত্তিক কৰ্মচাৰী সকলে ন্যায দাবীত ৰাজপথত আন্দোলন কৰি আহিছে, ঠিক তেনে সময়তে এখন বৈঠক অনুষ্ঠিত কৰি ছমাহে দ্বিতীয়খন বৈঠক অনুষ্ঠিত নকৰি চৰকাৰখনে কৰ্মচাৰীসকলৰ সমস্যা সমাধানত সদ্দিচ্ছা নথকাটোৱেই প্ৰতিপন্ন কৰিছে বুলি সন্থাই অভিযোগ উত্থাপন কৰিছে

Related Articles