অভিযোগ উঠিলে তদন্ত হবই। মিছা হ’লে ক্লিনশ্বিট । সচা হ’লে আইনী ব্যৱস্হা। এই ভাষ্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। হাজোত সাংসদ পুঁজিৰ ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ তদন্ত আৰম্ভ কৰাৰ পিছত সাংসদ অজিত কুমাৰ ভূঞাই মুখ্যমন্ত্ৰীক সমালোচনা কৰাৰ পাছত ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ভাষ্য প্ৰদান কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট কথা আইন হিমন্ত বিশ্ব শৰ্মা অথবা অজিত কুমাৰ ভূঞাৰ বাবে বেলেগ নহয়। ইয়াৰ বাবে ভয় খাব লগা একো নাই।
আনহাতে সাংসদ অজিত কুমাৰ ভূঞাই মুখ্যমন্ত্ৰী আৰু পৰিয়ালৰ আয়ৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি মুকলি বিতৰ্কলৈ প্ৰত্যাহ্বান জনায়। উল্লেখযোগ্য যে হাজো, ৰঙিয়া আদি স্হানত অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ ধনৰে পথ উন্নয়নৰ ঠিকাত ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠিছিল। সাংসদ গৰাকীয়ে চৰজমিন তদন্তৰ সলনি মুখ্যমন্ত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি লোৱাত হাজো ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। তদন্তৰ অন্ততহে পোহৰলৈ আহিব প্ৰকৃত সত্য।