সাংসদ আৰু প্ৰাক্তন সাংসদসকলৰ দৰমহা, ভাট্টা, পেঞ্চন ২৪ শতাংশ বৃদ্ধিৰ বাবে অধিসূচনা জাৰি কৰিলে কেন্দ্ৰই৷ এই বৃদ্ধি ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব তেওঁলোকৰ দৈনিক ভাট্টা আৰু পেঞ্চনৰ সুবিধা ১৯৬১ চনৰ আয়কৰ আইনত উল্লেখ কৰা খৰচ মুদ্ৰাস্ফীতি সূচকাংকৰ ওপৰত ভিত্তি কৰি এই পুনৰীক্ষণ কৰা হৈছে আৰু ‘সংসদ সদস্যৰ দৰমহা, ভাট্টা আৰু পেঞ্চন আইন’ৰ অধীনত কৰা তেনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ বৰ্তমান আৰু প্ৰাক্তন সাংসদসকলৰ দৰমহা আৰু পেঞ্চন শেষবাৰৰ বাবে বৃদ্ধি হৈছিল ২০১৮ চনত। (MPs salary hike)
দৰমহাৰ উপৰিও বৰ্তমানৰ সাংসদসকলে কাৰ্যালয় আৰু সমষ্টিৰ ভাট্টা লাভ কৰে।কেন্দ্ৰীয় চৰকাৰে লোকসভা আৰু ৰাজ্যসভাৰ সাংসদসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি কৰিছে। ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এই নতুন দৰমহাৰ গাঁথনি। আজিৰ দিনটোতে সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা এক অধিসূচনাত এই কথা প্ৰকাশ কৰিছে।বৰ্তমান সাংসদসকলৰ মাহিলি দৰমহা ১ লাখ টকা। এতিয়া ১ লাখৰপৰা ১ লাখ ২৪ হাজাৰ টকালৈ বাঢ়িল সাংসদৰ দৰমহা। সাংসদসকলৰ দৈনিক ভাট্টা ২০০০ টকাৰপৰা ২৫০০ টকালৈ বৃদ্ধি কৰা হৈছে।
ইয়াৰোপৰি, প্ৰাক্তন সাংসদসকলৰ পেঞ্চনৰ ধনো বৃদ্ধি কৰা হৈছে। প্ৰাক্তন সাংসদসকলে এতিয়া ২৫ হাজাৰ টকাৰ পৰিৱৰ্তে ৩১ হাজাৰ টকাৰ মাহিলী পেঞ্চন লাভ কৰিব।পাঁচ বছৰতকৈ অধিক সময় সাংসদ হৈ থকাসকলে প্ৰতিটো অতিৰিক্ত বছৰৰ বাবে ২৫০০ টকাৰ অতিৰিক্ত মাহিলী পেঞ্চন লাভ কৰিব। এতিয়ালৈকে এই ধনৰাশি আছিল ২০০০ টকা।
বৰ্তমানৰ আৰু প্ৰাক্তন সাংসদসকলৰ দৰমহা আৰু পেঞ্চন শেষবাৰৰ বাবে বৃদ্ধি হৈছিল ২০১৮ চনত। দৰমহাৰ উপৰিও বৰ্তমানৰ সাংসদসকলে কাৰ্যালয় আৰু সমষ্টিৰ ভাট্টা লাভ কৰে।তদুপৰি সাংসদ আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে বছৰত ৩৪ বাৰ বিমানযোগে দেশৰ ভিতৰত বিনামূলীয়াকৈ যাত্ৰা কৰিব পাৰিব। ব্যক্তিগত বা চৰকাৰী ব্যৱসায়ৰ বাবে সাংসদসকলেও বিনামূলীয়াকৈ প্ৰথম শ্ৰেণীৰ ৰেল যাত্ৰা লাভ কৰে। যদি সাংসদে পথেৰে যাত্ৰা কৰে তেন্তে ইন্ধনৰ খৰচো লাভ কৰে।
ইয়াৰোপৰি, সাংসদসকলে বছৰি ৫০ হাজাৰ ইউনিট বিদ্যুৎ আৰু ৪ হাজাৰ কিলোলিটাৰ পানী বিনামূলীয়াকৈ লাভ কৰে। সাংসদ হৈয়েই দিল্লীত বিনামূলীয়াকৈ ঘৰ পায়। কেন্দ্ৰীয় চৰকাৰে জ্যেষ্ঠতাৰ ভিত্তিত সাংসদসকলৰ বাবে বাংলো, এপাৰ্টমেণ্ট, হোষ্টেলত থকাৰ ব্যৱস্থা কৰে।