মিষ্টাৰ এণ্ড মিছ দিহিংপৰীয়া-২০২১ৰ সফল সমাপ্তি

ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত “ফ্ল’চম মেগা এন্টাৰটেইণ্টমেন্ট” ৰ বেনাৰত আৰু পংকজ শইকীয়াৰ উদ্যোগত “মিষ্টাৰ এণ্ড মিছ দিহিংপৰীয়া ২০২১” অনুষ্ঠিত হৈ যায়।  সত্যজিত গগৈয়ে আঁত ধৰা প্ৰতিযোগীতাখনৰ শুভ উদ্বোধন কৰে নাহৰকটীয়া জেষ্ঠ নাগৰিক মঞ্চৰ সভাপতি শ্ৰী যুত চিত্ৰ বৰুৱায়ে। জাতীয় সংগীতেৰে আৰম্ভ হোৱা প্ৰতিযোগিতাখনিত অসম আৰু মেঘালয়ৰ প্ৰায় ১০০ গৰাকীতকৈও অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল।তিনিটা শাখাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনিত ‘কিডচ্ এ গ্ৰুপ’ত শ্ৰেষ্ঠ প্ৰতিযোগীৰ খিতাপ অৰ্জন কৰে ডিব্ৰুগড়ৰ শিৱাংগী বৰবৰাই।’ফাৰ্ষ্ট ৰাণাৰ আপ’ ৰ খিতাপ অৰ্জন কৰে নাহৰকটীয়াৰ জিনাশ্ৰুতি তালুকদাৰে আৰু ‘চেকেণ্ড ৰাণাৰ আপ’ৰ খিতাপ অৰ্জন কৰে ডিব্ৰুগড়ৰ তনুশ্ৰী কাশ্যপে।

‘কিডচ্ বি গ্ৰুপ’ৰ শ্ৰেষ্ঠ প্ৰতিযোগীৰ খিতাৰ অৰ্জন কৰে নাহৰকটীয়াৰ কৃতিকা চেত্ৰীয়ে।ফাৰ্ষ্ট ৰাণাৰ আপ ৰ খিতাপ অৰ্জন কৰে নামৰূপৰ প্ৰিয়দৰ্শিনী শইকীয়াই আৰু চেকেণ্ড ৰাণাৰ আপ ৰ খিতাপ অৰ্জন কৰে বৰডুবিৰ জাগৃতি শইকীয়াই।অন্যহাতে “মিষ্টাৰ দিহিংপৰীয়া-২০২১”ৰ শ্ৰেষ্ঠ খিতাপ অৰ্জন কৰে নাহৰকটীয়াৰ সময় গগৈয়ে।ফাৰ্ষ্ট আৰু চেকেণ্ড ৰাণাৰ আপ ৰ খিতাপ অৰ্জন কৰে ক্ৰমে নাহৰকটীয়াৰ অনুৰাগ বৰগোঁহাই আৰু ৰাজগড় ৰ ভাষ্কৰ জ্যোতি গগৈয়ে।ঠিক তেনেকৈয়ে “মিচ্ দিহিংপৰীয়া-২০২১”ৰ শ্ৰেষ্ঠ খিতাপ অৰ্জন কৰে ভাদৈ পাঁচআলিৰ গাৰ্গী গগৈয়ে।ফাৰ্ষ্ট আৰু চেকেণ্ড ৰাণাৰ আপ ৰ খিতাপ অৰ্জন কৰে ক্ৰমে নাহৰকটীয়াৰ ডেইজী গগৈ আৰু মৰাণৰ চিন্ময়ী খনিকৰে।

প্ৰায় ১০০ তকৈও অধিক প্ৰতিযোগীৰ মাজৰ পৰা ১২ গৰাকী প্ৰতিযোগীক নিৰ্বাচন কৰি বিচাৰকৰ আসন শুৱনি কৰিছিল চাচনি কনিষ্ঠ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ৰাজলক্ষী গোস্বামী আৰু মডেল নয়ন চাংকাকতিয়ে।”কিডচ্ এ আৰু বি গ্ৰুপ”ৰ গ্ৰ’মাৰ আছিল  মডেল চিৰঞ্জীৱ বৰা।”মিষ্টাৰ দিহিংপৰীয়া-২০২১”ৰ গ্ৰ’মাৰ আছিল মডেল গহিন শইকীয়া আৰু নিতীশ দাস আৰু “মিচ্ দিহিংপৰীয়া-২০২১”ৰ গ্ৰ’মাৰ আছিল মডেল ৰিচা চেত্ৰী।পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটো সন্ধিয়া ৭ বজাত সফল সমাপ্তি হয়।

Related Articles