Mrs. India Galaxy 2024: অসম জীয়াৰী ৰিণিমালৈ মিছেছ ইণ্ডিয়া গেলেক্সী ২০২৪ খিতাপ

কলিয়াবৰ, ২৮ অক্টোবৰ: ‘মিছেছ ইণ্ডিয়া গেলেক্সী ২০২৪’ খিতাপ অসমৰ ৰিণিমা বৰা আগৰৱাললৈ(Mrs. India Galaxy 2024)। ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত মিছেছ ইণ্ডিয়া আই এন চি ২০২৪ চীজন – ৫ত যোগদান কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে কলিয়াবৰৰ জীয়াৰী ৰিণিমা বৰা আগৰৱালাই। দেশ-বিদেশৰ প্ৰায় তিনি হাজাৰ প্ৰতিযোগীৰ তীব্ৰ প্ৰতিদ্বন্দ্বীতাৰ মাজত নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শনৰ অন্তত কলিয়াবৰৰ ৰিণিমাৰ শিৰত জিলিকিল এই সন্মানীয় মুকুট।

কলিয়াবৰৰ জীয়াৰী এইগৰাকী ফেছন ডিজাইনাৰে বিগত ২০ বছৰ ধৰি বাংগালুৰুত ফেচন ডিজাইনিং কৰি সফলতা বুটলিছে(Assam fashion designer)। বাংগালুৰুৰ ফেচন জগতখনৰ এক চিনাকী নাম ৰিণিমা(Rinima Bora Agarwal)।বাঙ্গালুৰুতে প্ৰতিষ্ঠিত হৈ বৰ্তমান আন্তঃৰাষ্ট্ৰীয় ফেছন ডিজাইনাৰ হিচাবে কাম কৰিছে অসমৰ জীয়াৰী ৰিনিমাই। দেশ-বিদেশৰ মহিলাৰ বাবে অনুষ্ঠিত এই সৌন্দৰ্য্য প্ৰতিযোগিতাত লাভ কৰা ৰিণিমাৰ এই ঈৰ্ষণীয় সফলতাত উৎফুল্লিত মাতৃ¸ ভগ্নী, পৰিয়াল তথা কলিয়াবৰবাসী।

বৰ্তমান বাংগালুৰুত নিগাজীকৈ বাস কৰা ৰিণিমাই ফেছন জগতখনৰ লগত জড়িত হৈ এই ক্ষেত্ৰখনত প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে(Indian fashion industry)। ইয়াৰ পূৰ্বেও আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউইয়ৰ্কত ‘নিউয়ৰ্ক ফেছন উইক, ২০২৪’ত ভাৰতৰ পৰা ফেছন ডিজাইনাৰ ইন্‌ফ্লুয়েঞ্চাৰ হিচাপে অংশগ্ৰহণ কৰিছিল ৰিণিমা বৰাই।

তাৰোপৰি বহু অভিনেতা-অভিনেত্ৰীৰ সাজ-পোচাকৰ ডিজাইন কৰি সমাদৰ লাভ কৰিছে ৰিণিমাই। কলিয়াবৰৰ সৰুভগীয়াৰ প্ৰয়াত চম্পাক বৰা আৰু বিনু বৰাৰ জীয়ৰী বাংগালুৰুতে প্ৰতিষ্ঠিত বৰ্তমান আন্তঃৰাষ্ট্ৰীয় ফেছন ডিজাইনাৰ হিচাবে কাম কৰিছে অসমৰ জীয়াৰী ৰিণিমাই।

Related Articles