Mukanda Tamuli: কলিয়াবৰৰ বিহুৱা-পেঁপুৱা মুকুন্দ তামুলী, কেনে আছে এসময়ৰ অসমৰ বহু জনপ্ৰিয়-চৰ্চিত বিহুগীতৰ ৰচক

কৃষ্ণমণি নাথৰ কণ্ঠত – ‘নিৰূপমা তুমি আজি গাভৰু হ’লা, লাৱনি হাতেৰে যৌৱন আদৰি ল’লা,’আকৌ জুবিনৰ কণ্ঠত – ‘ফুল খৰিকাজাই বসন্তৰ পৰশ পাই, ফুলনিত ফুলিছে ফুলনি শুৱাই,’ ‘ম’হৰ পিঠিত উঠি মাৰিলোঁ সুহুৰি, চিনিব নোৱাৰি তোকে ঐ মামনি’, বিপুল চেতীয়া ফুকনৰ কণ্ঠত – ‘চাঙৰ তলে চিকাৰ যায় নিগনিয়ে খেদি খায়’ আদি একাধিক জনপ্ৰিয় বিহু গীতৰ গীতিকাৰ-সুৰকাৰ কলিয়াবৰৰ মুকুন্দ তামুলী।(Mukanda Tamuli)


বহু বিহু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বিহুৱা-পেঁপুৱা মুকুন্দ তামুলী এসময়ত বিহুৰ প্ৰতিযোগিতাসমূহত অন্যতম চৰ্চিত নাম আছিল মুকুন্দ তামুলী। ছাত্ৰাৱস্থাতেই শিশুসকলৰ ‘বুলবুলি বিহু’ৰ জৰিয়তে বিহুৰ লগত জড়িত হৈ পৰা মুকুন্দ তামূলী সেই সময়ৰ মুকলি বিহুৰ এগৰাকী জনপ্ৰিয় বিহুৱা, গগনাবাদক আৰু পেঁপুৱা আছিল। সপ্তম শ্ৰেণীৰ পৰাই পেঁপুৱা হিচাপে যুৱদলতো স্থান লাভ কৰিছিল। চতিয়ালৰ বহ্নিমান গোষ্ঠীৰ বিহু দলটোৰ নেতৃত্ব লৈ বিভিন্ন স্থানৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছিল। তেতিয়া ৰাতি অনুষ্ঠিত কুঁৱৰী বিহু বা বিহুৱতী আজিৰ দৰে য’তে-ত’তে নহৈছিল। কলিয়াবৰত জখলাবন্ধাৰ মিলন সঙ্ঘতহে হৈছিল। সেই সময়তে কলিয়াবৰৰে এগৰাকী জনপ্ৰিয় বিহুৱতী অজন্তা গোস্বামীয়ে নগাঁৱৰ কেইবাজনো যুৱকে লগত লৈ নাচি আছিল। সেই দলটোত কলিয়াবৰৰ বৰুৱাচুকৰ প্ৰভাত ভুঞাই ঢোল বজাইছিল। সেই দলটোৰ কেইবাগৰাকী আঁতৰি যোৱাত প্ৰভাত ভূঞাই প্ৰথমবাৰৰ বাবে অজন্তা গোস্বামীৰ লগত পেঁপা বজাবলৈ দিয়া প্ৰস্তাৱত সন্মতি জনাইছিলোঁ। সেই বছৰ অজন্তা গোস্বামীৰ লগত বিহু গোৱা কলিয়াবৰ তিনিআলিৰ সমুদ্ৰ বৰদলৈ দাদাই গাবলৈ বাদ দিয়াত পেঁপা বজোৱাৰ লগতে মই বিহু গাবলৈ ল’লোঁ। কিছু বছৰ সেই দলটোত বিহু মাৰি পিছত মই নিজাববীয়াকৈ এটা বিহু দল আৰম্ভ কৰিলোঁ। প্ৰথমে জখলাবন্ধাৰ নীলাশ্ৰী নেৱাৰক কুঁৱৰী নচুৱাইছিলোঁ। তাৰ পাঁচ বছৰৰ পাছত যোৰাহাটৰ প্ৰিয়ঙ্কা কলিতাক নচুৱালোঁ। প্ৰিয়ঙ্কাক পাঁচ বছৰমান নচুওৱাৰ পাছত জখলাবন্ধাৰ চয়নিকা কাশ্যপৰ ছয় বছৰমান নচুৱাইছিলোঁ।

এই সময়ছোৱাত অসমৰ বহু স্থানতে আমাৰ দলটোৱে শ্ৰেষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। মই নিজেও শ্ৰেষ্ঠ বিহুৱা আৰু পেঁপুৱাৰ সন্মান পাইছিলোঁ, ৰাইজৰ মৰম পাইছিলোঁ। এনেদৰে বিহু প্ৰতিযোগিতাত প্ৰায় পঁচিছ বছৰমান অংশ লৈছিলোঁ। সেই ধৰণে বিহু কৰোঁতে নগাঁৱৰ বিখ্যাত বৰদৈচিলা বিহু কুঁৱৰী প্ৰতিযোগিতাত একেৰাহে তিনিবাৰ শ্ৰেষ্ঠ পেঁপা বাদক আৰু এবাৰ শ্ৰেষ্ঠ বিহুৱাৰ সন্মান পাইছিলোঁ। এনেকৈ বিহু মাৰি থকাৰ সময়তে ১৯৯৫ চনত মাদ্ৰাজ (এতিয়াৰ চেন্নাই)ত আয়োজন হোৱা ছাফ গেম্‌ছৰ উদ্বোধনী অনুষ্ঠানত বিহু প্ৰদৰ্শনৰ বাবে কলিয়াবৰৰ পঞ্চাশজনীয়া বিহু দলত স্থান লাভ কৰোঁ। আমি তেতিয়া এমাহ মাদ্ৰাজত আছিলোঁ। তাৰ পাছতে মোৰ সাংস্কৃতিক জীৱনৰ অন্যতম গুৰু প্ৰয়াত চন্দ্ৰ ৰাজখোৱাদেৱৰ লগত মই বিশ দিনৰ বাবে মহীশূৰত বিহু আৰু টোকাৰী গীতৰ অনুষ্ঠান পৰিবেশন কৰিবলৈ গৈছিলোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ মণি মাধৱ মহন্তৰ ব্যৱস্থাপনাত ডেৰাডুন আৰু মচৌৰীত ভাৰতীয় প্ৰশাসনিক বিষয়াসকলক বাৰ দিনৰ বাবে প্ৰয়াত চন্দ্ৰ ৰাজখোৱাৰ সৈতে বিহু শিকাবলৈ গৈছিলোঁ। তদুপৰি, অসমৰ বহু বিহুতলিত শ্ৰেষ্ঠ বিহুৱা, শ্ৰেষ্ঠ পেঁপাবাদকৰ সন্মান লাভ কৰিছোঁ।


সেই সময়তে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰা বিহু কেছেটত লগতো জড়িত হৈ পৰিলোঁ। জখলাবন্ধা বিহু কেছেটত বাবে অতি বিখ্যাত আছিল। ‘চকু আলি বাটত’ নামৰ বিহু কেছেটত প্ৰথমবাৰৰ বাবে বিহু লিখিছিলোঁ। তাৰ পাছত ‘কল্পনা’ নামৰ বিহু কেছেটত কেইবাটাও বিহু গীত লিখিছিলোঁ। কিন্তু ‘নিৰূপমা ‘৯৮’ নামৰ বিহু কেছেটিৰ জৰিয়তেহে বিহুগীত গীতিকাৰ হিচাপে মই চিনাকী লাভ কৰিবলৈ সক্ষম হ’লোঁ। তাৰ পিছত কেইবাটাও প্ৰযোজনা গোষ্ঠীৰ লগত জড়িত হ’লো তাৰ ভিতৰত কলিয়াবৰৰ এ. ডি.পি. প্ৰডাক্সন, সোমনাথ বড়া (ওজা)ৰ সোণ প্ৰডাক্সন, কৃষ্ণমণি নাথৰ চিম্ফনী আদি। মই লিখা, সুৰ কৰা বিহু জুবিন গাৰ্গ, নিতুল সোণোৱাল, কৃষ্ণমণি নাথ, শান্তা শৰ্মা উজীৰ, ভিতালী দাস, তৰালী শৰ্মা, বৰ্ণালী শইকীয়া, নিতুমণি শইকীয়া আদি গায়ক-গায়িকাই গাই মোৰ দৰে এজনে ৰাইজৰ সমাদৰ পালোঁ। সেই সময়তে আমোদজনক ঘটনা এটাও ঘটিছিল। ‘নিৰূপমা’ বিহু কেছেটত বিপুল চেতীয়া ফুকনে মই লিখা ‘চাঙৰ তলে চিকাৰ যায় মেকুৰীয়ে খেদি খায়, ৰাষ্টাই-ৰাষ্টাই গাড়ী যায়, পুলিচবোৰে ধৰি চায়’ গীতটো লৈ কিছু বিতৰ্কও হৈছিল। পাছত যেনিবা শাম কাটিলে।


বৰ্তমান বিহুৰ লগত পোনপটীয়াকৈ জড়িত হৈ নাথাকিলেও মুকুন্দ তামুলী কিছু বছৰ আগলৈকে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ বিহু কৰ্মাশালাত প্ৰশিক্ষক ৰূপে সহযোগ আগ বঢ়াই আহিছিল। বিহু প্ৰতিযোগিতাৰ বিচাৰক ৰূপেও মাজে-মধ্যে জড়িত হৈ থাকে।


এসময়ত কলিয়াবৰৰ জখলাবন্ধাতে উপলব্ধ হৈছিল বিহুগীতৰ কেছেট। কিন্তু যান্ত্ৰিকতাৰ ধামখুমীয়াত হেৰাই গ’ল সেই মধুৰ সময়। বহু জনপ্ৰিয় বিহু আৰু বিহুসুৰীয়া গীতৰ ভিচিডিৰ শ্বুটিং হৈছিল কলিয়াবৰত। সেই মধুৰ স্মৃতি ৰোমন্থন কৰি আজিও নষ্টালজিক হৈ উঠে কলিয়াবৰৰ এসময়ৰ বহু জনপ্ৰিয় বিহুগীতৰ গীতিকাৰ-সুৰকাৰ মুকুন্দ তামুলী।
নৱপ্ৰজন্মই ইতিমধ্যে বিহু সংস্কৃতিৰ শিক্ষা লাভ কৰিবলৈ এক উপযুক্ত মঞ্চ লাভ কৰিছে। শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীৰ তৎপৰতাত অনুষ্ঠিত বিহুৰ বিশ্ব অভিলেখ কাৰ্যসূচী উল্লেখযোগ্য পদক্ষেপ আছিল। বিহুৰ প্ৰশিক্ষণত সোমনাথ বড়া (ওজা), ৰঞ্জিত গগৈকে ধৰি কেইবাগৰাকী দক্ষ ব্যক্তিয়ে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰশিক্ষণ আগ বঢ়াই আহিছে। নৱপ্ৰজন্মক প্ৰশিক্ষণ লাভ কৰাৰ লগতে ড০ লীলা গগৈৰ, জয়কান্ত গন্ধীয়াৰ দৰে বিহুৰ গৱেষক ব্যক্তিসকলৰ বিহু বিষয়ক গ্ৰন্থ পঢ়িবলৈও আহ্বান জনায়। বিশেষকৈ বিহুৱাসকলে এই গ্ৰন্থসমূহ পঢ়িলে বিহুনামৰ ক্ষেত্ৰত বিশেষভাৱে উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে।


পিতৃ শিল্পী পেঞ্চনাৰ, সত্ৰীয়া সংস্কৃতি, নগঞা ওজাপালিৰ বিশিষ্ট শিল্পী, কালী বাদ্যৰ বিখ্যাত বাদক প্ৰয়াত কুশল তামূলীৰ পদাঙ্ক অনুকৰণ কৰি মুকুন্দ তামুলী এই আটাইকেইটা দিশতে নিজৰ দক্ষতা দাঙি ধৰিবলৈ সক্ষম হৈছে। যুৱ-চেমনীয়া-শিশুক অঙ্কীয়া নাটৰ গীত-নাচ-বাদ্য, পদ-পয়াৰ-বিলাপ-ভটিমাৰ প্ৰশিক্ষণত কলিয়াবৰৰ লগতে ৰাজ্যৰ আন ঠাইতো এতিয়া ব্যস্ত হৈ নৱ-প্ৰজন্মক আগুৱাই নিয়াত আগ-ভাগ লৈ আছে। পিতৃ প্ৰদত্ত কালী বাদন আৰু নগা ওজাপালিক জীয়াই ৰাখিবলৈ বিশেষভাৱে আগ্ৰহী মুকুন্দ তামুলীৰ এই যাত্ৰা সেন্দুৰীয়া আদিৰে আগ বাঢ়ক।

Related Articles