শুকুৰবাৰে ৰাম চৰণৰ কন্য়াৰ নামকৰণ অনুষ্ঠান অনুষ্ঠিত হয়। এতিয়া দম্পতীহালে প্ৰকাশ কৰিছে কণমানিটিৰ নাম। শুকুৰবাৰে অনুষ্ঠিত হোৱা নামকৰণ অনুষ্ঠানৰ পিছত অভিনেতাগৰাকীয়ে সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি নাম প্ৰকাশ কৰিছে। এতিয়া ৰাম চৰণে তেওঁৰ কণমানিটিক ‘ক্লিন কাৰা কনিদেলা’ বুলি মাতিব। এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁ কন্যাৰ নাম আৰু তাৰ অৰ্থ প্ৰকাশ কৰিছে। নামটো বৰ ধুনীয়া, এই নামটোৰ অৰ্থ হৈছে
শক্তিৰে ভৰপূৰ অৰ্থাৎ শক্তিৰ প্ৰতীক। যিটো আধ্যাত্মিকতাৰ লগত জড়িত। একে সময়তে নাম প্ৰকাশ পোৱাৰ লগে লগে ছুপাৰষ্টাৰ দম্পতীক সকলোৱে অভিনন্দন জনাইছে। নামকৰণৰ ছবিত পৰিয়ালটোক একেলগে দেখা গৈছে।
খবৰ আহিছে যে ৰাম চৰণৰ প্ৰিয় ক্লিনে এটা বিশেষ উপহাৰ লাভ কৰিছে আৰু সেয়া হৈছে সোণৰ দোলনা। উপহাৰ দিয়াজন আন কোনো নহয়, তেওঁ হৈছে ধনী ব্যক্তি মুকেশ আম্বানী। ৰাম চৰণৰ কন্যাৰ বাবে আম্বানী পৰিয়ালে সোণেৰে নিৰ্মিত দোলনা এখন পঠিয়াইছে, যাৰ খৰচ প্ৰায় ১ কোটি বুলি কোৱা হৈছে। মিছা নে সঁচা সেয়া এই মুহূৰ্তত জানিব পৰা হোৱা নাই কাৰণ কোনো চৰকাৰী বিবৃতি জাৰি কৰা হোৱা নাই।
যোৱা এটা বছৰ ৰাম চৰণৰ বাবে আটাইতকৈ বিশেষ। ২০২২ চনত মুক্তি পায় তেওঁৰ আৰ আৰ আৰ। যাৰ বাবে তেওঁ কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে বিখ্যাত হৈ পৰিছিল আৰু অতি কম সময়ৰ ভিতৰতে তেওঁ গ্ল’বেল ষ্টাৰ হৈ পৰিছিল। ইয়াৰ পিছত নাতু নাতু গীতটোৰ বাবে অস্কাৰ লাভ কৰাটো তেওঁৰ বাবে এক ডাঙৰ কৃতিত্ব আছিল।