মুকেশ আম্বানীৰ প্ৰিয় খাদ্য কল পিঠা! কল পিঠা কিমান স্বাস্থ্যকৰ জানেনে…

বাৰাণসী ভ্ৰমণৰ সময়ত নীতা আম্বানীয়ে কৈছিল তেওঁলোকে ঘৰতে ৰন্ধা খাদ্য পছন্দ কৰে। মুকেশ এজন অতি স্বাস্থ্য সচেতন ব্যক্তি। সপ্তাহত এবাৰহে তেওঁ বাহিৰত খায়। মুকেশ আম্বানিৰ প্ৰিয় খাদ্য পাংকি। যাক আমি কল পিঠা বুলিও ক’ব পাৰোঁ।যিহেতু কল পাতত কল পিঠাৰ দৰেই বনোৱা হয়।


পাংকি হৈছে গুজৰাটী শব্দ। মূলতঃ চাউলৰ গুড়ি নিমখ, হালধি, ধনীয়া পাত, বেকিং চোডা, দৈ আৰু পানীৰ লগত মিহলাই পাতল মিশ্ৰণ তৈয়াৰ কৰা হয়। ইয়াৰ পিছত মিশ্ৰণটো ঘূৰণীয়াকৈ কাটি লোৱা কলৰ পাত এটাত মেলি দি আন এটা কলৰ পাতেৰে ঢাকি দিয়া হয়। তাৰ পিছত তাৱাত অলপ তেল দি ভালদৰে ভাজিলে পাংকি তৈয়াৰ হ’ব। বিভিন্ন চাটনিৰ সৈতে পৰিবেশন কৰিব পাৰে।

এই পাংকি কলৰ পাতৰ ৰেপাৰত ৰন্ধা হয়। পাংকিত পোনপটীয়াকৈ তেল দিয়া নহয়, কলৰ পাতত তেল কমকৈ প্ৰয়োগ কৰা হয়। ইয়াৰ উপৰিও কলৰ পাতত ৰন্ধা-বঢ়া কৰিলেও এই খাদ্যত ভাল পৰিমাণৰ এন্টিঅক্সিডেন্ট থাকে। পাংকি চাউলৰ আটাৰে তৈয়াৰ কৰা হয়, গতিকে ই সম্পূৰ্ণ গ্লুটেনমুক্ত খাদ্য। এই খাদ্যসমূহৰ কেলৰি কম হোৱাৰ লগতে গ্লাইচেমিক ইনডেক্সো কম। পাংকি বনোৱাতো দৈ ব্যৱহাৰ কৰা হয়। গতিকে এই খাদ্য পেটৰ বাবেও অতি উপকাৰী। মুঠতে যিসকলে ওজন কমাব বিচাৰে তেওঁলোকেও পাংকি খাব পাৰে।

Related Articles