Breaking

নাজিৰাত সম্পূৰ্ণ বিকল হৈ পৰিছে কোটি কোটি টকীয়া দুগ্ধ প্ৰকল্প;কৰ্ম সংস্থাপন হেৰোওৱাৰ পথত বহু কেইটা পৰিয়াল…

0 97

নাজিৰাত সম্পূৰ্ণ বিকল হৈ পৰিছে কোটি কোটি টকীয়া দুগ্ধ প্ৰকল্প । কৰ্ম সংস্থাপন হেৰোওৱাৰ পথত বহু কেইটা পৰিয়াল।

সোন্দৰ পুখুৰী দুগ্ধ সমবায় সমিতিৰ দ্বাৰা পৰিচালিত এই প্ৰকল্পটো প্ৰথম অৱস্থাত সুচাৰু ৰূপে পৰিচালিত হৈ আহিছিল যদিও আজি প্ৰায় আঢ়ৈ বছৰ ধৰি গাখীৰ যোগানকাৰী সকলক প্ৰাপ্য ধন আদায় নিদিয়াৰ বাবেই প্ৰকল্পটো সম্প্ৰতি বন্ধ হৈ পৰিছে। বিগত ২০০৪ -০৫ চনতেই স্থাপন হোৱা এই প্ৰকল্প আজি প্ৰায় তিনি বছৰ দিন ধৰি অচল হৈ পৰি থকা পৰিলক্ষিত হৈছে।

প্ৰায় ১৫ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই দুগ্ধ প্ৰকল্প কাৰ কু-অভিসন্ধিৰ ফলত এনেদৰে বিকল হৈ পৰিছে সেয়া এক ডাঙৰ প্ৰশ্ন। জানিব পৰা মতে নাজিৰাৰ এজন বৰ্মন উপাধিৰ পশু চিকিৎসকৰ প্ৰচেষ্টাত নিৰ্মাণ হৈছিল এই দুগ্ধ উন্নয়ন প্ৰকল্পটো । কিন্তু আজি তেখেত নিমাত কিয়? কিয় এই কোটি টকীয়া প্ৰকল্প বিকল হৈ পৰিছে?

উত্তৰ আছেনে নাজিৰাৰ পশু চিকিৎসক জগদীশ বৰ্মনৰ হাতত? ইতিমধ্যে শিৱসাগৰ জিলা প্ৰশাসনে এই দুগ্ধ প্ৰকল্পটোৰ কোটি কোটি টকাৰ সা – সৰঞ্জাম সহ সমূদাই অন্য স্থানলৈ হস্তান্তৰ কৰাৰ বাবে ষড়যন্ত্ৰ কৰা বুলিও অভিযোগ উঠিছে।এই সন্দৰ্ভত স্থানীয় ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে।
দিলীপ হাজৰিকা

Leave A Reply

Your email address will not be published.