Multimedia Exhibition: কেন্দ্ৰীয় যোগাযোগ ব্যুৰো (চিবিচি)ৰ গুৱাহাটীৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত মাল্টিমিডিয়া প্ৰদৰ্শনী

দৈনন্দিন বাৰ্তা, ২৫ মাৰ্চঃ ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ  কেন্দ্ৰীয় যোগাযোগ ব্যুৰো (চিবিচি)ৰ গুৱাহাটীৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত কামৰূপ (গ্ৰাম্য)ৰ দদৰাত ২৪ তাৰিখৰ পৰা ২৬ মাৰ্চলৈ তিনিদিনীয়া মাল্টিমিডিয়া প্ৰদৰ্শনীৰ (Multimedia Exhibition) আয়োজন কৰা হৈছে।

অনুষ্ঠানত এক ভাৰত শ্ৰেষ্ঠ ভাৰত, স্বচ্ছতা হি সেৱা আৰু এক পেড় মা কে নাম আদিৰ দৰে গুৰুত্বপূৰ্ণ চৰকাৰী পদক্ষেপ আধাৰিত  প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে(Central Communications Bureau)। এই প্ৰদৰ্শনীয়ে স্থানীয় লোকসকলৰ ব্যাপক সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছে(CBC)।

অনুষ্ঠানৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী আছিল দদৰা চকত স্বচ্ছতা হি সেৱাৰ পদক্ষেপৰ অধীনত চলোৱা স্বচ্ছতা অভিযান।

এই অভিযানত স্থানীয় বাসিন্দা আৰু চিবিচিৰ বিষয়াসকলে হাতত হাত মিলাই ৰাজহুৱা স্থানসমূহ পৰিষ্কাৰ কৰি পৰিচ্ছন্ন তথা সুস্থ পৰিৱেশ সৃষ্টিৰ ক্ষেত্ৰত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক জড়িত হোৱাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।

এই অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ-পূব  মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান কৃপা শংকৰ যাদৱকে ধৰি চিবিচি, গুৱাহাটীৰ(Guwahati) অন্যান্য বিষয়াসকল উপস্থিত থাকে।

যুৱ মনক আকৰ্ষিত কৰিবলৈ চিবিচি, গুৱাহাটীয়ে স্বচ্ছতাৰ বিষয়কলৈ  ছাত্ৰ-ছাত্ৰীৰ মাজত  এক চিত্ৰাংকন  প্ৰতিযোগিতাৰো আয়োজন কৰে।

এই প্ৰতিযোগিতাত কাষৰীয়া  বিদ্যালয়সমূহৰ ১০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি নিজৰ কলাত্মক প্ৰতিভা প্ৰদৰ্শন কৰে।দেশপ্ৰেমমূলক বিষয়বস্তুক কেন্দ্ৰ কৰি শিশুসকলৰ মাজত  এখন নৃত্য প্ৰতিযোগিতাও আয়োজন কৰা হয়।

এই  অনুষ্ঠানে  দৰ্শকক মোহিত কৰাৰ লগতে অংশগ্ৰহণকাৰী আৰু জনসাধাৰণৰ মাজত জাতীয় চেতনাৰ ভাৱ জগাই তোলে। এই প্ৰদৰ্শনীত ৩৫টাতকৈও অধিক পেনেলত বিভিন্ন চৰকাৰী আঁচনি আৰু পদক্ষেপক উজ্জ্বল কৰি তোলা হৈছে।

ইয়াৰ উপৰি স্থানীয় আত্মসহায়ক গোটসমূহে ইয়াত  ষ্টল স্থাপনেৰে  স্থানীয়ভাৱে নিৰ্মিত সামগ্ৰী বিস্তৃত পৰিসৰত  প্ৰদৰ্শন কৰি নিজৰ সৃষ্টিশীলতা আৰু উদ্যোগীকৰণৰ মনোভাৱ প্ৰতিফলিত কৰিছে।

গুৱাহাটীৰ চিবিচিৰ বিভাগীয় শিল্পীসকলেও এই উপলক্ষে্য চৰকাৰী বিষয়বস্তুৰ আধাৰত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে।(India)

Related Articles