Breaking

Health Check-up Camp:মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মাল্টিস্পেচিয়েলিটী স্বাস্থ্য পৰীক্ষা শিবিৰ…

0 15

দৈনন্দিন বাৰ্তা ডিজিটেলঃ ওদালগুৰি জিলা ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ উদ্যোগত ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ RBSKৰ সহযোগত বৃহস্পতিবাৰে মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মাল্টিস্পেচিয়েলিটী স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। শিশু আৰু কিশোৰ কিশোৰীসকলৰ বাবে বিশেষভাৱে আয়োজিত এই স্বাস্থ্য পৰীক্ষা শিবিৰটোত শিশু ৰোগ বিশেষজ্ঞ, নাক, কাণ বিশেষজ্ঞ আদিৰ লগতে মুঠ ১০ গৰাকীকৈ ডাক্তৰে ৰোগী পৰীক্ষা কৰে। এই শিবিৰটোত পাঁচশৰো অধিক ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ওষধ বিতৰণ কৰা হয়। ইয়াৰ লগতে ১৫ বছৰৰ পৰা ১৮ বছৰৰ কিশোৰী সকলকো Sanitary Napkin Distribution কৰা হয়৷ এই স্বাস্থ্য শিবিৰটো উদ্ধোধন কৰে বিদ্যালয়ৰ অধ্যক্ষ সৰ্বানন্দ শৰ্মাই।

উদ্বোধনী অনুষ্ঠানত ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ জ্যোতি কুমাৰ নাথ, ডা. চন্দন সাহা, ডা. হিৰণ্য গয়াৰী, ডা. খগেন নাথ,ডাঃ দিপাঞ্জলী বৰা, ডাঃসৌৰব বৰ্মন,ডাঃ নবনীতা হাজৰিকা, ডাঃ বিপি ৰাভা,ডাঃ হেমন্ত কুমাৰ চৌধুৰী,ফিজিঅ থেৰাপিষ্ট জ্যোতিষ্মান কলিতা, অপথেলমিক এচিচটেণ্ট যতীন বায়ন, RBSK কো অৰ্ডিনেটৰ মনোজ বসুমতাৰী, DEIC Manager অলকেশ শৰ্মা, ওদালগুৰি জিলাৰ 108ৰ EME ইকবাল হুচেইন জিলা পৰ্যায়ৰ বিষয়াৰ লগতে ওৰাং প্ৰাথমিক স্বাস্থ্য খণ্ডৰ ব্লক প্ৰগ্ৰাম মেনেজাৰ ভাৰ্জিল শৰ্মা,ডাটা মেনেজাৰ ৰাজদীপ বৰা, ব্লক কো অৰ্ডিনেটৰ জুমিশ্ৰী শৰ্মা, স্বাস্থ্য কৰ্মী তৈয়বুৰ ৰহমান, ইনামুল হক জাভেদ, প্ৰনতি বসুমতাৰী, ৰঞ্জনা দাস ৰাভা, অৰ্চনা ডেকা, লগতে ব্লক পৰ্যায়ৰ বিষয়ববীয়া সকল উপস্থিত থাকে। উল্লেখযোগ্য যে ১০৮ মৃত্যুঞ্জয় বাহনে শিবিৰলৈ ছাত্ৰ ছাত্ৰীসকলক অনাৰ ক্ষেত্ৰত সেৱা আগবঢ়ায়।

লগতে পঢ়কঃ Malaria disease: ওদালগুৰি জিলাত মেলেৰিয়া ৰোগ সন্দৰ্ভত আই চি এম আৰ দলৰ গৱেষণা…

Leave A Reply

Your email address will not be published.