নাটক, ছবিজগতৰ অন্যতম কৰ্মভূমি মায়ানগৰী মুম্বাইৰ জুহুস্থিত ঐতিহাসিক পৃথ্বী থিয়েটাৰত যোৱা ২ ডিচেম্বৰ ২০২৪ৰ পৰা ৮ ডিচেম্বৰ ২০২৪লৈ অনুস্থিত হোৱা থেচপ’ ২০২৪ নাট মহোৎসৱত গুৱাহাটীৰ এক অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান থাৰ্ড থিয়েটাৰৰ এদল নাট্যশিল্পীয়ে ৭ ডিচেম্বৰৰ সন্ধ্যা “চন্দ্ৰনখা” নাট পৰিৱেশন কৰি লাভ কৰিবলৈ সক্ষম হয় শ্ৰেষ্ঠ নাট্যদল, শ্ৰেষ্ঠ নাট, শ্ৰেষ্ঠ পোহৰ পৰিকল্পনা আৰু শ্ৰেষ্ঠ পৰিচালকৰ সন্মান । অসমৰ পৰা নিৰ্বাচিত হোৱা একমাত্ৰ দলটোত আছিল কস্তুৰীমা বৰদলৈ, বৰ্ণালী বড়ো, তেজস্বীতা দাস, চুনামী দাস, প্ৰীতি বৰকাকতী, দেবীকা শইকীয়া, গীতাঞ্জলী গগৈ, হিমাক্ষী চাৰিঙীয়া, দুলুমণি গোহাঁই, কস্তুৰী ইঞ্জেল, দীপশিখা নেওগ, প্ৰতিমা মেধী। পৰিচালনাত কস্তুৰীমা বৰদলৈ, নাট্যকাৰ প্ৰত্যুষ ডেকা, সংগীতত কাশ্যপ নাথ আৰু সামগ্ৰিক পৰিকল্পনা আৰু মঞ্চসজ্জাত বিপ্লৱ তাঁতী আৰু ইন্দ্ৰজিৎ বৰা তথা পোহৰ পৰিকল্পনা আৰু পৰিচালনাত আছিল অৰিন্দম বৰা। তদুপৰি সমগ্ৰ দলটোৰ ব্যৱস্থাপনাত আছিল থাৰ্ড থিয়েটাৰৰ সাধাৰণ সম্পাদক, মূকাভিনয় শিল্পী বিজিত কুমাৰ দাস। উল্লেখ্য যে সমগ্ৰ ভাৰতবৰ্ষৰ কেবাটাও আঞ্চলিক ভাষাৰ মুঠ ১২৯ খন নাটকৰ পৰা ৫ খন নাটক প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছিল আৰু অসমৰ পৰা অসমীয়া ভাষাৰ একমাত্ৰ নাটক হিচাপে ১ঘণ্টা ১০ মিনিট দৈৰ্ঘ্যৰ চন্দ্ৰনখাই যোগ্যতা অৰ্জন কৰে। ১৯৪৪ চনৰ পৰা বলীউদৰ যশস্বী অভিনেতা পৰিচালক পৃথ্বীৰাজ কাপুৰে ভ্ৰাম্যমাণ হিচাপে প্ৰতিস্থা কৰা পৃথ্বী থিয়েটাৰক শশী কাপুৰে ১৯৭৮ চনত স্থায়ীভাৱে প্ৰেক্ষাগৃহৰ ৰূপ দিয়ে। ১৯৯৯ চনৰ পৰা পৃথ্বী থিয়েটাৰে প্ৰতিবছৰে ডিচেম্বৰ মাহত অনুষ্ঠিত কৰি অহা থেচপ’ নাট মহোৎসৱত এইবৰ্ষৰ নিৰ্বাচিত দল হিচাপে নাট পৰিৱেশন কৰি দলটিয়ে মুম্বাইৰ নাট্যপ্ৰেমীৰ ভূয়সী প্ৰশংসা লাভ কৰে। উল্লেখ্য যে কেৱল মহিলা শিল্পীসকলৰ দ্বাৰা অভিনীত এই নাটখনৰ মাজেৰে ঐতিহাসিক ৰামায়ণৰ কেইবাটাও চৰিত্ৰৰ মনোভাৱ, তথা সাধাৰণ সমাজৰ দৃষ্টিৰ পৰা আঁতৰত থকা কেবাটাও স্পৰ্শকাতৰ বিষয় পৰম্পৰাগত নাটকৰ আৰ্হিৰ পৰা পৃথকভাৱে নতুনত্বৰ সংযোজন কৰি দৰ্শকৰ মাজলৈ আনিবলৈ চেষ্টা কৰা হৈছে। আটাইকেইগৰাকী শিল্পী বৰ্তমান জাগীৰোড মহাবিদ্যালয়ৰ অভিনয় বিভাগত অধ্যয়নৰত। অসমীয়া নাটকৰ এনেধৰণৰ উত্তৰণ অনাগত দিনত অসমৰ নাট্যজগতলৈ এক নতুন উৎসাহ কঢ়িয়াই আনিব বুলি সচেতন মহল আশাবাদী। অনাগত ২০২৫ বৰ্ষত থাৰ্ড থিয়েটাৰে National School of Drama ৰ ভাৰত ৰংগ মহোৎসৱত নিৰ্বাচিত হৈ পৰিৱেশন কৰিবলৈ সাজু হৈছে অনন্তগুণ শ্ৰী ৰামচন্দ্ৰ শীৰ্ষক এখন নিৰ্বাক নাট। ইয়াৰ ওপৰিও থাৰ্ড থিয়েটাৰে অহা ২৬ তাৰিখে গুৰুজনাৰ অপূৰ্ব সৃষ্টি “ৰুক্মিণীহৰন” ভাওনাখনি কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তঃজাৰ্তিক প্ৰেক্ষাগৃহত পৰিবেশন কৰিবলৈ আগবাঢ়িছে ।