Breaking

মুম্বাইত প্ৰচণ্ড বৰষুণত চৰকাৰী-ব্যক্তিগত বিদ্যালয়-মহাবিদ্যালয় বন্ধ ঘোষণা…

0 41

মুম্বাইত সোমবাৰে পুৱা ১ বজাৰ পৰা পুৱা ৭ বজালৈ ছয় ঘণ্টাত বিভিন্ন স্থানত ৩০০ মিলিমিটাৰৰ ওপৰত বৰষুণ হোৱা বুলি সংবাদ সংস্থা এএনআইয়ে প্ৰকাশ কৰিছে। প্ৰচণ্ড বৰষুণৰ ফলত উপনগৰৰ ৰে’ল সেৱা ব্যাহত হোৱাৰ লগতে কেইবাটাও অঞ্চলত তীব্ৰ পানী জমা হৈছে। ধাৰাসাৰ বৰষুণৰ ফলত মুম্বাইৰ সকলো বিএমচি, চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ বাবে প্ৰথম অধিবেশনৰ বাবে বন্ধ ঘোষণা কৰা হৈছে।

“মুম্বাইত আজি পুৱা ১ বজাৰ পৰা পুৱা ৭ বজালৈ ছয় ঘন্টাত বিভিন্ন স্থানত ৩০০ মিলিমিটাৰৰ ওপৰত বৰষুণৰ ৰেকৰ্ড কৰা হৈছে। কিছুমান নিম্নভূমি অঞ্চলত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত পানী জমা হোৱাৰ লগতে উপনগৰীয়া ৰে’ল সেৱাত ব্যাঘাত জন্মিছে। আজিও প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে। ” ছাত্ৰ-ছাত্ৰীৰ অসুবিধাৰ পৰা হাত সাৰিবলৈ মুম্বাই সকলো বিএমচি, চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ বাবে প্ৰথম অধিবেশনৰ বাবে ছুটী ঘোষণা কৰা হৈছে। এন ডি আৰ এফৰ দল নিয়োগ কৰা হৈছে থানে। “এতিয়ালৈকে মহাৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তত চলি থকা বৰষুণৰ বাবে থানে, ভাছাই (পালঘৰ), মহদ (ৰাইগাড), চিপলুন (ৰত্নাগিৰি), কলহাপুৰ, সাংগলী, সতৰা ঘাটকোপাৰ, কুৰলা আৰু সিন্ধুদুৰ্গৰ উপৰিও এন ডি আৰ এফৰ দল মোতায়েন কৰা হৈছে”, এনডিআৰএফে কয়। ইফালে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে আগন্তুক ৩ দিন অৰ্থাৎ ১০ জুলাইলৈকে মুম্বাই আৰু মহাৰাষ্ট্ৰৰ অন্যান্য অঞ্চলত প্ৰচণ্ড বৰষুণ অব্যাহত থাকিব।

Leave A Reply

Your email address will not be published.