মুম্বাইত জিলিকিল অসম কন্যা সুচমা বৰ্মন

নিজৰ প্ৰতিভা আৰু সৌন্দৰ্য্যৰ গুণত ২০২১ বৰ্ষৰ মিছ ইণ্ডিয়া প্ৰতিযোগিতাত শীৰ্ষ স্থান দখল কৰা কাছাৰ জিলাৰ জীয়ৰী সুচমা বৰ্মণক বিপুল আদৰণি জনায় জন্ম স্থান কনকপুৰত। প্ৰাপ্ত তথ্য অনুসৰি অলপতে মুম্বাইৰ লনাবালাৰ কুমাৰ ৰিছোৰ্টছত আয়োজন কৰা হৈছিল মিছ ইণ্ডিয়া ২০২১ বৰ্ষৰ প্ৰতিযোগীতা। কাছাৰৰ বীৰেন্দ্ৰ চন্দ্ৰ বৰ্মণ আৰু সুনিৰা বৰ্মণৰ জীয়ৰী সুচমা বৰ্মণে শিলচৰ অসম বিশ্ববিদ্যালয়ৰ পৰা এম এ পাছ কৰাৰ লগতে ভিন্ন প্ৰতিভাৰ অধিকাৰী।

জানিব পৰা মতে ; মহাৰাষ্ট্ৰৰ মিডিয়া পাৰ্টনাৰ আজটকৰ সহযোগত আয়োজন কৰা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত মিছ ইণ্ডিয়া খিতাপ অৰ্জন কৰা ফাইনেল ৰাউণ্ডৰ ইভেন আয়োজন কৰা হৈছিল আয়ুশ ৰিছোৰ্টজত। ফেছন ডিজাইনাৰ উমং মেহতাই আত ধৰা অনুস্থানত উৰিষ্যাৰ জীৎ আৰু বিপাষাপট্টনমৰ প্ৰীয়া প্ৰিয়ম্বদা নামৰ মেকাপ মেনৰ তৎপৰতাত লেকমি একাডেমীৰ কৰ্মকৰ্তাই সহযোগ আগবঢ়াই। ইফালে মিছ ইণ্ডিয়া খিতাপ অৰ্জন কৰা সুচমা বৰ্মণক জন্ম স্থান গাওঁত বিপুল আদৰণি জনোৱা হয়।মন কৰিবলগীয়া যে এনেদৰে অসমৰ নাম উজ্জ্বল কৰাৰ পিছতো সুচমাই লাভ কৰা নাই কোনো চৰকাৰী সা সুবিধা।

Related Articles