Breaking

টেঙাখাতৰ চোৰাং গৰু ব্যৱসায়ী মুনু খানক গ্ৰেপ্তাৰ। জিলা কাৰাগাৰলৈ প্ৰেৰণ।

0 43

টেঙাখাত আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুমন চন্দ্ৰ সাহাৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলে এক গোপন খবৰ ভিত্তিত নিজ টেঙাখাত অঞ্চলৰ মনু খান নামৰ এটা চোৰাং গৰু সৰবৰাহকাৰীৰ ঘৰত অভিযান চলাই গৰু মাংস কাটি থকা অৱস্থাত হাতেলোটে আতক কৰে।

উল্লেখ্য যে ধৃত মনু খান যোৱা কেইমাহমানৰ পূৰ্বে চোৰাং গৰু কাটি বিক্ৰী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈ ডিব্ৰুগড়ৰ কাৰাগাৰৰ পৰা মুকলি হৈ আহি পুনৰ অবৈধ গৰু মাংস ব্যৱসায়ৰ আৰম্ভ কৰে।

আজি আকৌ পুনৰ চোৰাং গৰু ব্যৱসায় লগত জড়িত থকা মনু খানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি টেঙাখাত আৰক্ষী থানাত ৪৮/ ২০২৪ নম্বৰত এক গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ড বিধি আইনৰ ৩০৩ (২) ৩২৫ ধাৰাৰ অধীনত জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে।

Leave A Reply

Your email address will not be published.