Breaking

ধুবুৰীৰ নিউ পানবাৰীত লোমহৰ্ষক হত্যাকাণ্ড।

0 2,034

এগৰাকী প্ৰধান শিক্ষকক হত্যা কৰি ঘাইপথৰ দাতিত পেলাই থৈ গল নৰপিচাসে । অপৰাধীক গ্ৰেপ্তাৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ । শেহতীয়াকৈ বিটিআৰৰ পৰ্বতঝোৰা শিক্ষা খণ্ডৰ এগৰাকী প্ৰধান শিক্ষকক অপহৰণ কৰি নি হত্যা।উল্লেখ্যযে ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নিউ পানবাৰীৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাতিত পূৱা উদ্ধাৰ হয় শিক্ষক গৰাকীৰ মৃত দেহ। বিটিআৰৰ কাজিগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত আলমগঞ্জ তৃতীয় খণ্ড গাৱৰ বাসিন্দা তথা আলমগঞ্জ তৃতীয় খণ্ড এলপি স্কুলৰ শিক্ষক আছিল ছফিয়ৰ ৰহমান তালুকদাৰ(৪৬) ।উল্লেখ্য যে, যোৱা কালি বিয়লি ৪ বজাৰ পৰা সন্ধানহীন হৈ আছিল ছফিয়ৰ তালুকদাৰ।শিক্ষক ৰহমানক পৰিকল্পিত ভাবে হত্যা কৰি কোনো দুৰ্বৃৰ্তৰ দলে ৰাষ্ট্ৰীয় পথৰ এই ঠাইডোখৰত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী আৰু ৰাইজে।আজি পূৱা ৬বজাত ঘটনা স্থলীত সহস্ৰাধিক লোক উপস্থিত হৈ এক উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰে।ঘটনাস্থলীত আমছু,এবিএমছু ৰ নেতৃত্বত প্ৰায় দুই শতাধিক লোকে ছফিয়ৰ হত্যাকাণ্ডৰ লগত জড়িত অপৰাধীক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰাৰ দাবীতপ্ৰায় দুই ঘণ্টা জুৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখে। ইয়াৰ পাছত ঘটনা স্থলীত উপস্থিত ধুবুৰী চক্ৰ বিষয়া তথা জিলা দণ্ডাধীশ অভিজিত গগৈ, পৰ্বতঝোৰা মহকুমা আৰক্ষী বিষয়া ৰিতুৰাজ দলে উপস্থিত হৈ প্ৰতিবাদী ৰাইজক বুজনি দিয়াৰ পাছতহে ঘাইপথ মুকলি কৰি দিয়ে উত্তেজিত জনতাই।ইয়াৰ পাছত ছফিয়ৰৰ মৃত দেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এই ক্ষেত্ৰত ধুবুৰী আৰু পৰ্বতঝোৰা আৰক্ষী প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হব লক্ষ্যনীয় বিষয়।

Leave A Reply

Your email address will not be published.