Breaking

ৰৌতাত মুছলিম ছাত্র সন্থা (মুছা) ৰ কৰ্মশালা সম্পন্ন ! বি টি আৰত মুছলিমক ভূমি অধিকাৰ প্ৰধান কৰকঃ আশ্বিক ৰাব্বানী…

0 19

বি টি আৰত বসবাস কৰা ভাৰতীয় লোকসকলৰ জীৱন সম্পত্তিৰ নিৰাপত্তা প্ৰদানৰ দাবী কৰিছে মুছলিম ছাত্ৰ সন্থা,অসমৰ সভাপতি আশ্বিক ৰাব্বানীয়ে। আজি ইংৰাজী ১২ মে তাৰিখে ওদালগুৰি জিলাৰ ৰৌতা পৰিদৰ্শন বাংলাত মুছাৰ ওদালওৰি জিলা সমিতিৰ উদ্যোগত এক কৰ্মশালা অনুষ্ঠিত হয় । সভাত সভাপতিত্ব কৰে মুছাৰ ওদালগুৰি জিলা সভাপতি ছফিকুল ইছলামে আৰু সভাৰ উদ্দেশ্য বাখ্যা কৰে মুছাৰ জিলা সাধাৰণ সম্পাদক আব্বাছ আলীয়ে ।সভাত মুছাৰ কেন্দ্ৰীয় সভাপতি আশ্বিক ৰাব্বানীয়ে কয় যে অসমৰ মুছলিম লোক সকলকলৈ বিভিন্ন চৰকাৰে ৰাজনীতি কৰাহে পৰিলক্ষিত হৈছে । বি টি আৰত বসবাস কৰা ভাৰতীয়লোকৰ জীৱন সম্পত্তিৰ নিৰাপত্তা প্ৰদান কৰা,চৰকাৰী মাটিত বসবাস কৰা লোকসকলক ভূমি প্ৰদান কৰা, মুছলিমৰ ভূমি অধিকাৰ প্ৰধান কৰা, ডি-ভোটাৰৰ সমস্যা সমাধানৰ দাবীত মুছলিম ছাত্র-সন্থা অসমে ওদালগুৰি জিলাৰ ৰৌথা পতিদৰ্শন বাংলাত এক কৰ্মশালাৰ আয়োজন কৰে।

সংগঠনটোৰ সভাপতি আশ্বিক ৰাব্বানীয়ে কয় যে অসমীয়াৰ স্বভিমানত আঘাত দিয়া কোনো কাম যাতে কোনেওঁ নকৰে লগতে অসমী আইৰ হকে মাত মাতি আহিছে আৰু অনাগত দিনতো মাত মাতি যাব। ১৯৭১চনৰ ২৪ মাৰ্চৰ আগত অহা প্ৰতিগৰাকী লোক ভাৰতীয় । লগতে অসমৰ দীৰ্ঘদিনীয়া এটা জলন্ত সমস্যা ডি ভোটাৰৰ সমস্যাক গাঁৱে গাঁৱে লোক আদালত পাতি সমাধান কৰিবলৈ চৰকাৰক আহব্বান জনাই। শংকৰ-আজানৰ দেশত হিন্দু-মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰিব বিচৰা অপশক্তিক মুছলিম ছাত্ৰ-সন্থাই কেতিয়াও মানি নলয় বুলি সদৰী কৰে সংগঠনটোৱে। আজি ওদালগুৰি ৰৌথাত মুছলিম ছাত্ৰ সন্থা, অসম চমুকৈ (মুছা)ৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক জহিৰুল খলিফাই বৰ্তমান অসমৰ বিভিন্ন জলন্ত সমস্যাৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় ১৯৭১ চনৰ ২৫ মাৰ্চত ভিক্তি বছৰ হিচাপে লৈ অসম চুক্তি অনুসৰি অসমৰ জাতি ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (NRC) প্ৰস্তুত কৰাটো মুছাই বিছাৰিছিল লগতে এন আৰ চি ৰ পৰা বাদ পৰা লোক সকলক অতি শীঘ্ৰে এন আৰ চি প্ৰদান কৰিব লাগে ,অসম চুক্তি অনুসৰি বিদেশী বহিস্কাৰৰ দাবী, নাগৰিকত্ব সংশোধনী বিধেয়ক (২০১৬) প্ৰৱৰ্তনৰ জৰিয়তে ভাৰত চৰকাৰে দেশত বিদেশী সংস্থাপনৰ যি অসম বিৰোধী স্থিতি গ্ৰহণ কৰিছে তাক প্ৰত্যাহাৰৰ দাবী, উচ্ছেদিত লোক সকলক পুনৰ সংস্থাপনৰ দাবী, বাংলাদেশী বিদেশী খেদাৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি বন্ধ কৰাৰ দাবী, সন্ত্ৰাসবাদ দমন কৰা, গাঁও অঞ্চলত ২৪ ঘন্টাই বিদুৎ নিয়মীয়া কৰণৰ দাবী ,চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তিৰ দাবী, গৰাখহনীয়াত গৃহহীন লোকক মাটিৰ পট্টা দিয়া আৰু কৰ্মসংস্থানৰ ব্যৱস্থাৰ কৰা । ১৯৯৩, ২০০৮ আৰু ২০১৪ চনত সংঘটিত হোৱা সংঘাতত নিহতৰ পৰিয়ালে ন্যায় পোৱা নাই ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালে। ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ ইয়াত সন্ত্ৰাসবাদৰ স্থান নাই। সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ বন্ধ কৰাৰ নামত অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে নাটকেই কৰি আছে, ইয়াৰ কোনো স্থায়ী সমাধানৰ চিন্তা কৰা নাই কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে এই অভিযোগ মুছলিম ছাত্ৰ সন্থা,অসমৰ । সাম্প্ৰতিক অসমৰ পৰিস্থিতি সাপেক্ষে এটা কথা স্পষ্ট হৈ পৰিছে ৰক্ষকেই বক্ষক।

২০০৮ চনৰ ৩০ অক্টোবৰ তাৰিখে যি নাৰকীয় কাণ্ড হৈছিল তাক কোনোৱে পাহৰিৱ নোৱাৰে। কিন্তু যিসকলে এই কাণ্ড কৰিছিল সেইসকলক আমি ফুলৰ মালাৰে আকোঁৱালি লৈছোঁ কিয় ? সন্ত্ৰাসবাদীৰ কোনো জাতি নাই, ধৰ্ম নাই । শংকৰ আজানৰ দেশত সন্ত্ৰাসবাদীৰ স্থান নাই । সন্ত্ৰাসবাদী জন হিন্দু হওঁক বা মুছলমানেই হওঁক কটোৰতম শাস্তি পাৱ লাগে। কিন্তু অসমত সন্ত্ৰাসবাদী দমনৰ নামত কিছুমান সাধাৰণ মানুহক অন্যয় কৰা পৰিলক্ষিত হৈছে, সেয়া ৰহস্য জনক তাক বন্ধ কৰিব লাগে বুলি অসম চৰকাৰক দাবী জনায় মুছলিম ছাত্ৰ সন্থা অসমৰ সভাপতি আশ্বিক ৰাব্বানীযে। বি টি এ ডি তথা অসমত থকা অবৈধ মৰনাশাস্ৰু সমূহ জব্দ কৰিব লাগে, কিন্তু এই ক্ষেত্ৰত অসম চৰকাৰ তথা গৃহ বিভাগ সম্পূৰ্ণ ব্যাৰ্থ হৈছে বুলি অভিযোগ উৎথাপন কৰে মুছলিম ছাত্ৰ সন্থা অসমৰ সভাপতি আশ্বিক ৰাব্বানীযে। অতি শীঘ্ৰে অসম তথা বি টি আৰত থকা অবৈধ মৰণাশাস্ৰু সমূহ জব্দ কৰাৰ লগতে অসমক সন্ত্ৰাসবাদ মুক্ত কৰক অন্যথা গোটেই অসমজুৰি তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ হুংকাৰ দিয়ে মুছলিম ছাত্ৰ সন্থা অসমৰ সভাপতি আশ্বিক ৰাব্বানীযে। আজিৰ এই কৰ্মশালাত উপস্থিত থাকে মুছলিম ছাত্ৰ সন্থা অসমৰ সভাপতি আশ্বিক ৰাব্বানী, উপসভাপতি ফজৰ আলী খান, সহকাৰী সাধাৰণ সম্পাদক জহিৰুল খলিফা,প্ৰচাৰ সম্পাদক চাহেব আলীৰ লগতে মুছাৰ ওদালগুৰি জিলাৰ কৰ্মকতা ।

Leave A Reply

Your email address will not be published.